বনৰীয়া হাতীৰ বাবে পাতি থোৱা বৈদ্যুতিক তাঁৰত লাগি ১৮ বছৰীয়া যুৱকৰ মৃত্যু

deathh-

প্ৰতিনিধিত্বমূলক চিত্ৰ

ডিব্ৰুগড় জিলাৰ মধুপুৰ অঞ্চলৰ চেচা নগাঁও গাঁৱত সংঘটিত এক দুৰ্ভাগ্যজনক ঘটনাত বৈদ্যুতিক তাঁৰত লাগি এজন ১৮ বছৰীয়া যুৱকৰ মৃত্যু হোৱাৰ লগতে আন দুজন লোক আঘাতপ্ৰাপ্ত হয়।

কৃষি পথাৰত বনৰীয়া হাতীৰ প্ৰৱেশত বাধা দিবলৈ কোনো কৃষকে ব্যৱহাৰ কৰা বৈদ্যুতিক তাঁৰত বিদ্যুৎস্পৃষ্ট হৈ সমৰ মৰাণ নামৰ যুৱকজন মৃত্যুমুখত পৰে। যুৱকজনৰ ঘৰ চেচা নগাঁও গাঁৱত।

ঘটনা সন্দৰ্ভত জানিব পৰা মতে যুৱকজনে কাম কৰাৰ বাবে পথাৰলৈ গৈছিল। আৰু তেতিয়াই হাতী খেদিবৰ বাবে অবৈধভাবে লগাই থোৱা বৈদ্যুতিক তাঁৰত খুন্দা খাই মৃত্যুক আঁকোৱালি লয়।

ইফালে যুৱকজনক বচাবলৈ গৈ আহত হোৱা যুৱক দুজনক দিগন্ত দিহিঙিয়া আৰু মৃদুল চাংমাই বুলি জানিব পৰা গৈছে।

এই কৰুণ ঘটনা সংঘটিত হোৱাৰ কিছু সময় পাছতেই ঘটনাস্থলত বৰবৰুৱা আৰক্ষী থানাৰ ভাৰপ্ৰাপ্ত বিষয়া মনোজ বৰুৱা উপস্থিত হৈ ঘটনাৰ প্ৰাথমিক অনুসন্ধান চলায়।

‘মৰণোত্তৰ পৰীক্ষাৰ বাবে মৃতদেহ অসম মেডিকেল কলেজ হস্পিতাললৈ পঠোৱা হৈছে। ঘটনাৰ তদন্ত আৰম্ভ কৰা হৈছে’। এই ভষ্য আৰক্ষী বিষয়াজনৰ।

আনহাতে যোৱা শনিবাৰে উক্ত গাঁৱখনৰে খেতি পথাৰত দুটা বনৰীয়া হাতীৰ মৃতদেহ উদ্ধাৰ হৈছিল। বিদ্যুস্পৃষ্ট হৈয়ে উক্ত হাতী দুটাৰ মৃত্যু হোৱা বুলি বন বিভাগৰ লোকে জানিবলৈ দিয়ে।