দিল্লীৰ ৰাজপথত মহিলাক গুলীয়াই হত্যা; নিজেও মৃত্যুক আকোঁৱালি ল’লে অভিযুক্ত যুৱকে!

হত্যাৰ বলি ৰেনু গোৱেল নামৰ মহিলাগৰাকী। ফটো: সংগ্ৰহীত।

দিল্লীৰ ৰাজপথত নিশা গুলীয়াই হত্যা কৰা হ’ল এগৰাকী মহিলাক। দক্ষিণ-পশ্চিম দিল্লীৰ ডাবৰি অঞ্চলত বৃহস্পতিবাৰে সন্ধিয়া সংঘটিত হয় এই ঘটনা। মৃত মহিলাগৰাকীৰ নাম ৰেনু গোৱেল (৪২) বুলি চিনাক্ত কৰা হৈছে। তেওঁৰ তিনিটা সন্তান আছে।

বৃহস্পতিবাৰে নিশা প্ৰায় ৯:৩০ বজাত সংঘটিত হয় এই ঘটনা। ৰাজহুৱা পথত ৰেণু গোৱেল নামৰ এগৰাকী মহিলাগৰাকীক ঘৰৰ সন্মুখত গুলীয়াই হত্যা কৰে এজন ২৫ বছৰীয়া যুৱকে।

বাতৰি মতে, মহিলাগৰাকীয়ে নিজৰ বন্ধু এজনক লগ কৰিবলৈ ওলাই আহিছিল। গুলী কৰাৰ পিছতে ততাতয়াকৈ ৰেণুক চিকিৎসালয়লৈ লৈ যোৱা হয় যদিও চিকিৎসকে তেওঁক মৃত ঘোষণা কৰে।

লগতে পঢ়ক: চাইবাৰ অপৰাধ! ইউটিউব লাইক কৰি ৭০০ কোটিৰো অধিক টকা হেৰুৱালে ১৫ হাজাৰৰো অধিক ভাৰতীয়ই

তদন্তত নামি আৰক্ষীয়ে অভিযুক্তৰ সন্ধান আৰম্ভ কৰে। আৰক্ষীয়ে অভিযুক্তক বিচাৰি তেওঁৰ ঘৰত উপস্থিত হোৱাৰ লগে লগে যুৱকজনক মৃত অৱস্থাত উদ্ধাৰ কৰে।

দিল্লী আৰক্ষীৰ সূত্ৰ অনুসৰি অভিযুক্ত যুৱক আশীষৰ যি ৰিভলভাৰৰে  ৰেনুক গুলীয়াই হত্যা কৰা হৈছিল, সেই একেটা ৰিভলভাৰৰ গুলীতেই মৃত্যু হৈছে অভিযুক্ত যুৱক আশীষৰ।

আৰক্ষীৰ প্ৰাৰম্ভিক ধাৰণা যে অভিযুক্ত আশীষে আত্মহত্যা কৰিছে। স্থানীয় সূত্ৰ অনুসৰি ৰেনুৰ স্বামী এজন নিৰ্মাণ ব্যৱসায়ী। দুই-তিনি বছৰ আগতে জিমত আশীষক লগ পাইছিল। দুয়োৰে মাজত বন্ধুত্বও গঢ় লৈ উঠে।

লগতে পঢ়ক: ভুল কৰি অভিনেতাক সজালে মুখ্যমন্ত্ৰী! কটাক্ষৰ সন্মুখীন অভিনেত্ৰী উৰ্বশী

ব্যক্তিগত সম্পৰ্কৰমাজত সৃষ্টি হোৱা সমস্যাৰ বাবেই এই হত্যাকাণ্ড সংঘটিত হৈছে বুলি আৰক্ষীয়ে অনুমান কৰে।