লোমহৰ্ষক! নিজৰ মাতৃক হত্যা কৰি মৃতদেহটো কাটি কুটি ভক্ষণ কৰিলে এজন যুৱকে, ক’ত?

নিজৰ জন্মদাত্ৰী মাতৃক হত্যা কৰি মৃতদেহটো কাটি কুটি ভক্ষণ কৰাৰ এটা অভিযোগত বিচাৰৰ সম্মুখিন হৈছে এজন যুৱক।

স্পেইনত সংঘটিত হৈছে এই লোমহৰ্ষক কাণ্ড।

এলবাৰ্ট’ চাঞ্চেছ গ’মেজ নামৰ যুৱকজনক আৰক্ষীয়ে ২০১৯ চনত এই অভিযোগটোৰ ভিত্তিত আটক কৰিছিল।

অভিযোগটো আৰক্ষীক অৱগত কৰিছিল তেওঁৰে এজন বন্ধুৱে।

আৰক্ষীৰ ভাষ্য অনুসৰি অনুসৰি মাৰিয়া ছলেডাড গ’মেজ নামৰ তেওঁৰ নিজৰে ৬৬ বৰ্ষীয়া মাতৃক হত্যা কৰি মৃতদেহটো কাটি কুটি প্লাষ্টিকৰ পাত্ৰত থৈ দিছিল।

লগতে মৃতদেহটোৰ কিছু অংশ পাকঘৰত ভাজি থোৱা অৱস্থাত থোৱা আছিল।

গোমেজে মাকৰ মৃতদেহটো তেনেদৰে ভক্ষণ কৰাৰ উপৰিও পোহনীয়া কুকুৰকো খাবলৈ দিছিল।

দেশখনৰ ৰাজধানী মাদ্ৰিদত অৱস্থিত গোমেজৰ নিজা এপাৰ্টমেণ্টত ২০১৯ চনৰ ফেব্ৰুৱাৰী মাহত আৰক্ষীয়ে এই শিহৰণকাৰী দৃশ্যসমূহ প্ৰত্যক্ষ কৰে।

সেই সময়ত গোমেজৰ বয়স আছিল ২৬।

বিচাৰৰ সন্মুখীন হৈ আদালতত গ’মেজে কয় যে এই কাণ্ডটো তেওঁ নিজে কৰিছে বুলি তেওঁৰ নিজৰেই মনত নাই।

আৰক্ষীয়ে পোৱা প্ৰাপ্ত তথ্য অনুসৰি তেওঁ মানসিক বিকাৰগ্ৰস্ততাত ভোগাৰ উপৰিও আটক হোৱাৰ পূৰ্বে নিচাজাতীয় দ্ৰব্য সেৱনৰ প্ৰতি আসক্ত আছিল।

আজৱ এই কাণ্ডটোৰ বিচাৰ বৰ্তমান চলি আছে।