নিজপুত্ৰকে বিক্ৰী কৰি দিলে এজন লোকে! নতুন পত্নীৰ স’তে গোটেই দেশ ফুৰিল বিক্ৰী কৰি পোৱা টকাৰে, ক’ত?

(প্ৰতিনিধিত্বমূলক ফটো)

নিজৰ সন্তানকে বিক্ৰী কৰি দিলে এগৰাকী লোকে।

বিক্ৰী কৰি পোৱা টকাৰে ফুৰিবলৈ গুছি গ’ল লোকজন।

আজৱ এই ঘটনাটো সংঘটিত হৈছে চীনৰ ঝেজিয়াঙত।

ঘটনাটো সম্পৰ্কত আৰক্ষী অৱগত হোৱাৰ পাছতে লোকজন গ্ৰেপ্তাৰৰ সম্মুখিন হৈছে।

জেজিয়াং লিগেল ডেইলী (Zhejiang Legal Daily) নামৰ এখন স্থানীয় সংবাদপত্ৰত প্ৰকাশিত বাতৰিমতে ঝিয়ে (Xie) উপাধিৰ লোকজনে তেওঁৰ নৱবিবাহিতা দ্বিতীয়া পত্নীৰ স’তে নিতৌ কাজিয়া কৰি থাকে।

এই পাৰিবাৰিক সংঘাতৰ কাৰণ হ’ল পূৰ্বৰ প্ৰথমা পত্নীৰ ফালৰ দুবছৰীয়া পুত্ৰসন্তানটো।

উল্লেখযোগ্য যে লোকজনৰ প্ৰথমা পত্নীৰ স’তে বিবাহ বিচ্ছেদ হৈছিল।

যাৰ ফলত তেওঁলোকৰ ল’ৰাসন্তানটো লোকজনৰ তদাৰকীত থাকে আৰু কন্যাসন্তান থাকে মাকৰ স’তে।

আন এখন চহৰত জীৱিকা নিৰ্বাহ কৰি থকা বাবে লোকজনে ল’ৰাসন্তানটোক হুঝ’ (Huzhou) চহৰ নিবাসী নিজৰ ভাতৃ লিনৰ (Lin) হাতত ভৰণপোষণৰ বাবে গটাই দিছিল।

কিন্তু, যোৱা মাহত ভাতৃৰ পৰা ল’ৰাসন্তানটোক মাকে চাব বিচৰা বুলি লোকজনে লৈ যায়।

কিছু দিনৰ পাছত যেতিয়া মাত্ৰ দুবছৰ বয়সীয়া ল’ৰাটো উভটি নাহিল, লোকজনৰ ভাতৃ লিনে আৰক্ষীক বিষয়টো সম্পৰ্কে অৱগত কৰে।

যেতিয়া আৰক্ষীয়ে অনুসন্ধান কৰে, পোহৰলৈ আহে প্ৰকৃত ঘটনাটো।

আৰক্ষীয়ে লাভ কৰা তথ্য অনুসৰি, লোকজনে নিজৰ পুত্ৰক জিয়াংশু প্ৰদেশৰ চাংশ্বু (Changshu) নামৰ চহৰখনৰ নিবাসী এহাল সন্তানহীন দম্পত্তিক বিক্ৰী কৰিছে।

বিক্ৰী কৰাৰ বাবদ তেওঁ লাভ কৰে ১৫৮,০০০ য়ুনান, ভাৰতীয় হিচাপত ১৮ লাখ টকা।

তাৰপাছতে টকাখিনিৰে নৱবিবাহিতা দ্বিতীয়া পত্নীক লগত লৈ তেওঁ দেশৰ বিভিন্ন চুকে-কোণে ভ্ৰমণ কৰে।

ঘটনাটোৱে ইতিমধ্যে সংবাদ মাধ্যমত চৰ্চা লাভ কৰা দেখা গৈছে।