মহানগৰীত চুৰীকাঘাতৰ ঘটনা, সুৰাপায়ী স্বামীয়ে হানিলে পত্নীক
এজন লোকে চুৰীৰে তেওঁৰ পত্নীক আক্ৰমণ কৰাৰ এক ঘটনা গুৱাহাটীত সংঘটিত হৈছে।
স্বামী অজিত দাসে (৪০) পেটত চুৰীৰে আঘাত হানে পত্নী মিনু দাস(৩৫)ক। ফলত গুৰুতৰভাবে আহত হয় মহিলাগৰাকী।
মহানগৰীৰ লিচু বাগানৰ ইছলামপট্টিত সংঘটিত হৈছে এই ঘটনা।
স্বামীয়ে পত্নীক পৰ-পুৰুষৰে সন্দেহ কৰি প্ৰতিদিনে কাজিয়াত লিপ্ত হোৱা বুলি স্থানীয় ৰাইজে জানিবলৈ দিয়ে।
বৰ্তমান আহত মহিলাগৰাকী GMCHত চিকিৎসাধীন হৈ আছে বুলি জানিব পৰা গৈছে।
ইতিমধ্যে অজিত দাসক গ্ৰেপ্তাৰ কৰি সোধা-পোচা অব্যাহত ৰাখিছে দিছপুৰ আৰক্ষীয়ে।