NORTHEAST NOW (Assamese)

মনসা দেৱীৰ সাধকৰ দ্বাৰা কিশোৰক হত্যাৰ চেষ্টা; শিৱসাগৰত চাঞ্চল্য

September 11, 2018 11:24 pm · পাৰ্শ্বজ্যোতি গগৈ
Updated: September 12, 2018 7:15 am
শিৱসাগৰ জিলাৰ ২ নং চাউলকৰা গাঁৱৰ বামবাৰা অঞ্চলত আজি সংঘটিত এক ঘটনাক কেন্দ্ৰ কৰি অঞ্চলটোত এক উত্তপ্ত পৰিস্থিতিৰ সৃষ্টি হয়। ঘটনাৰ বিৱৰণী মতে, উৎপল গগৈ নামৰ এজন লোকজনে আজি তেওঁৰ প্ৰতিৱেশী সৰুপাই দাসৰ ঘৰত কোনো ডাঙৰ মানুহ নথকাৰ সুযোগ লৈ সৰুপাই দাসৰ ১৪ বছৰীয়া পুত্ৰ ক্ষীৰোদ দাসক হত্যাৰ চেষ্টা চলাই। তেনে সময়তে এগৰাকী মহিলাই দেখা পায় ভণ্ড সাধক উৎপল গগৈৰ হাতৰ পৰা শিশুটিক উদ্ধাৰ কৰে।
আনহাতে, স্থানীয় ৰাইজে উৎপল গগৈক মনসা দেৱীৰ সাধক বুলি উল্লেখ কৰি তেওঁ কিশোৰটিক বলি দিবলৈ চেষ্টা চলাইছিল বুলি অভিযোগ আনি উৎপল গগৈৰ ঘৰ ভাঙিবলৈ চেষ্টা চলাই যদিও শিৱসাগৰ জিলাৰ অতিৰিক্ত আৰক্ষী অধীক্ষক বলীন দেউৰীৰ নেতৃত্বত এটি আৰক্ষীৰ দল উপস্থিত হৈ পৰিস্থিতি নিয়ন্ত্ৰণ কৰে।
অৱশ্যে শিৱসাগৰ সদৰ থানাত ক্ষীৰোদ দাসৰ পিতৃ সৰুপাই দাসে প্ৰদান কৰা এজাহাৰত স্পষ্টভাৱে কোনো বলি দিয়াৰ চেষ্টাৰ কথা উল্লেখ নাই। উৎপলে সৰুপাইৰ ঘৰত চুৰি কৰিবলৈ আহোতে সৰুপাইৰ পুত্ৰ ক্ষীৰোদে দেখি চিঞৰিব ধৰাত উৎপলে ক্ষীৰোদক এখন দাৰে কাটিবলৈ উদ্যৎ হয় বুলি এজাহাৰত উল্লেখ কৰিছে।
ইফালে আৰক্ষীয়ে প্ৰথমিক অনুসন্ধান চলাই কোনো বলি বিধান বা আন ধৰ্মীয়  অন্ধ বিশ্বাসৰ কথা নুই কৰি এই ঘটনা পাৰিবাৰিক সংঘাটৰ বাবে হোৱা বুলি অনুমান কৰিছে।

Related News