NORTHEAST NOW (Assamese)

৩৫০ কিলোমিটাৰ খোজকাঢ়ি গৈছিল যুৱকজন; পৰীক্ষাত ওলাল কৰ’না পজিটিভ

April 17, 2020 8:48 am · এন ই নাও নিউজ
প্ৰতিনিধিত্বমূলক ফটো

দেশৰ ভিতৰতে সৰ্বাধিক কৰ’না ভাইৰাছত আক্ৰান্ত ৰাজ্য হৈছে মহাৰাষ্ট্ৰ। ৰাজ্যখনত কৰ’নাৰ সংক্ৰমণ দ্ৰুতভাৱে বিয়পিছে।

ইয়াৰ মাজতে মহাৰাষ্ট্ৰৰ পাৰভানি জিলাত বৃহস্পতিবাৰে প্ৰথমটো কৰ’না ভাইৰাছ আক্ৰান্তৰ ঘটনা পোহৰলৈ আহে।

বাতৰি অনুসৰি, জিলাখনৰ এগৰাকী যুৱকে পুনেৰ পৰা খোজকাঢ়ি আহিছিল। পাছত তেওঁক কৰ’নাৰ দ্বাৰা সংক্ৰমিত হোৱা বুলি চিনাক্ত কৰা হয়।

হাস্পাতলৰ চিকিৎসকে জানিবলৈ দিয়ে যে পুনেৰ পৰা পাৰভানিলৈ খোজকাঢ়ি অহা ২১ বছৰীয়া যুৱকজনৰ দেহত কৰ’না ভাইৰাছ পজিটিভ পোৱা গৈছে।

পুনেৰ পৰা প্ৰায় ৩৫০ কিলোমিটাৰ খোজকাঢ়ি পাৰভানি পোৱাৰ পাছত তেওঁৰ শৰীৰত কোভিড-১৯ৰ লক্ষণ ধৰা পৰে আৰু তেওঁক পাৰভানি অসামৰিক হাস্পাতলত ভৰ্তি কৰা হয়।

পৰীক্ষাৰ বাবে তেওঁৰ নমুনা প্ৰেৰণ কৰাৰ পাছত বৃহস্পতিবাৰে পোৱা পৰীক্ষাৰ প্ৰতিবেদনত তেওঁৰ পজিটিভ ধৰা পৰে।

চিকিৎসকে জানিবলৈ দিয়া মতে, তেওঁৰ শৰীৰত কোনো জটিল লক্ষণ দেখা দিয়া নাই আৰু ৰোগীজন বৰ্তমান সুস্থিৰ হৈছে। তেওঁৰ সৈতে ঘনিষ্ঠ সম্পৰ্ক থকা ৮-৯জন লোকৰ বিষয়ে জানিব পৰা গৈছে আৰু সেই বিষয়ে ব্যৱস্থা গ্ৰহণৰ আনুষ্ঠানিক প্ৰক্ৰিয়া আৰম্ভ কৰা হৈছে।

Related News