মহানগৰীত চোৰ-পুলিচৰ খেল; আৰক্ষীৰ জিম্মাৰ পৰা পলায়ন কৰা উগ্ৰতাৰাৰ বিগ্ৰহ চুৰিৰ অভিযুক্তক পুনৰ কৰায়ত্ত

Ugratara temple story

আজিজুল আলী

সমগ্ৰ মহানগৰ আৰক্ষীক লজ্জানত কৰি আজি লতাশিল আৰক্ষীৰ হাতৰ পৰাই হেণ্ডকাফসহ পলায়ন কৰা উগ্ৰতাৰা মন্দিৰৰ বিগ্ৰহ চুৰিৰ অভিযুক্ত আজিজুল আলীক পুনৰ আৰক্ষীয়ে পাঞ্জাবাৰীৰ পৰা আটক কৰিবলৈ সক্ষম হয়।

লতাশিল আৰু দিচপুৰ আৰক্ষীয়ে যুটীয়াভাৱে অভিযান চলাই আজিজুলক আটক কৰিবলৈ সক্ষম হয়। আৰক্ষী সূত্ৰই জনোৱা অনুসৰি আজিজুলে আৰক্ষীৰ হাতৰ পৰা হেণ্ডকাফসহ পলায়ন কৰাৰ পিছতে সমগ্ৰ মহানগৰ আৰক্ষীয়ে আজিজুলক পুনৰ কৰায়ত্ত কৰাৰ বাবে তৎপৰ হৈ পৰে। সেই অনুসৰি অৱশেষত আজিজুনক আটক কৰিবলৈ সক্ষম হয়।

আৰক্ষীৰ জিম্মাৰ পৰা পলায়ন কৰা আজিজুলৰ ওপৰত ইতিমধ্যে দিচপুৰ আৰক্ষীয়ে নিজাববীয়াকৈ এক গোচৰ ৰুজু কৰিছে।

উল্লেখযোগ্য যে বিগত বৰ্ষৰ ১৫ নৱেম্বৰৰ নিশা উগ্ৰতাৰা দেৱালয়ৰ মন্দিৰৰ মূল বিগ্ৰহৰ লগতে মা তাৰাৰ অষ্টধাতুৰ মূৰ্তি চুৰি হোৱা ঘটনাৰ লগত জড়িত থকা অভিযোগত লতাশিল আৰক্ষীয়ে ১৯ জুনত গুৱাহাটীৰ চচলৰ পৰা আজিজুল আলী নামৰ এগৰাকী লোকক গ্ৰেপ্তাৰ কৰিছিল।

কিন্তু আশ্বৰ্যজনকভাৱে লতাশিল আৰক্ষীৰ হাতৰ পৰা আজি পলায়ন কৰে উগ্ৰতাৰা মন্দিৰ চুৰি কাণ্ডৰ লগত জড়িত থকাৰ সন্দেহত গ্ৰেপ্তাৰ কৰা আজিজুল আলীয়ে। আৰক্ষীয়ে তদন্তৰ বাবে পাঞ্জাবাৰীলৈ নি থকা অৱস্থাত জুৰিপাৰৰ পৰা হেণ্ডকাফসহ পলায়ন কৰিছিল আজিজুল আলীয়ে।