NORTHEAST NOW (Assamese)

ৰাহুল গান্ধীক হত্যাৰ ভাবুকি দিয়া অভিযুক্তক গ্ৰেপ্তাৰ: পূৰ্বেও কেইবাগৰাকীক ভাবুকি দিয়াৰ অভিযোগ

November 25, 2022 6:43 am · এন ই নাও নিউজ, গুৱাহাটী
Updated: November 25, 2022 12:55 am

ভাৰত জোড়ো যাত্ৰাত ব্যস্ত দেশৰ প্ৰধান বিৰোধী দল কংগ্ৰেছৰ শীৰ্ষ নেতা ৰাহুল গান্ধীক মৃত্যুৰ ভাবুকি দিয়াৰ অভিযোগত মধ্য প্ৰদেশ আৰক্ষীয়ে আজি এগৰাকী ব্যক্তিক গ্ৰেপ্তাৰ কৰিছে।

ৰাজ্যখনৰ উজ্জয়িন জিলাৰ নাগদা অঞ্চলত ব্যক্তিগৰাকীক স্থানীয় আৰক্ষীয়ে গ্ৰেপ্তাৰ কৰি ইন্দোৰ আৰক্ষীক গতাই দিয়ে। ধৃত অভিযুক্ত গৰাকীক দয়া ওৰফে নৰেন্দ্ৰ সিং বুলি চিনাক্ত কৰা হৈছে।

অভিযোগ অনুসৰি যোৱা ১৮ নৱেম্বৰত চলি থকা ভাৰত জোড়ো যাত্ৰাৰ বাবে মহাৰাষ্ট্ৰৰ পৰা ইন্দোৰত উপস্থিত হোৱাৰ লগে লগে ৰাহুল গান্ধীক বোমাৰে হত্যা কৰা হ’ব বুলি ভাবুকি দিয়া এখন চিঠি লিখিছিল ধৃত দয়াই।

ইন্দোৰৰ জুনি থানা এলেকাৰ অন্তৰ্গত এখন মিঠাইৰ দোকানৰ বাহিৰত উদ্ধাৰ হৈছিল এই ভাবুকি পত্ৰ।

পত্ৰখন উদ্ধাৰৰ পিছতে আৰক্ষীয়ে অঞ্চলটোৰ চিচিটিভি ফুটেজ পৰীক্ষা কৰি দোকানখনৰ বাহিৰত চিঠিখন এৰি থৈ যোৱা ব্যক্তিগৰাকীৰ সন্ধান আৰম্ভ কৰিছিল।

ইয়াৰ পাছতো আৰক্ষীয়ে প্ৰায় ২০০ টা চিচিটিভি কেমেৰাৰ ফুটেজ পৰীক্ষা কৰি কেইবাখনো চহৰৰ হোটেল, লজ, ৰেল ষ্টেচনত অভিযান চলাইছিল।

অৱশেষত নিৰন্তৰ অভিযানৰ পাছত আৰক্ষীয়ে নৰেন্দ্ৰ সিঙক গ্ৰেপ্তাৰ কৰিবলৈ সক্ষম হয়। ধৃত নৰেন্দ্ৰ সিং উত্তৰ প্ৰদেশৰ ৰায়বাৰেলীৰ বাসিন্দা বুলি জানিব পৰা গৈছে।

লক্ষণীয়ভাৱে নৰেন্দ্ৰ সিঙে পূৰ্বেও বহু লোকক চিঠি আৰু ফোন কলৰ জৰিয়তে এনে ভাবুকি প্ৰদান কৰিছিল বুলি আৰক্ষীয়ে জানিবলৈ দিছে।

Related News