অৱশেষত দিছপুৰ আৰক্ষীৰ জালত মানস চলিহা, গ্ৰেপ্তাৰৰ পাছতেই পোহৰলৈ আহিছে ভয়ংকৰ তথ্য 

মানস চলিহা চৰিত্ৰটোৱে যেন এতিয়া দোমোজাত পেলাইছে মহানগৰ আৰক্ষীক। প্ৰথমে আলফাৰ লিংক মেন, তাৰ পাছতেই ৰাজ্যৰ বহু লোকক প্ৰৱঞ্চনা আৰু অৱশেষত হত্যা কাণ্ডৰেও জড়িত থকাৰ অভিযোগ উত্থাপন হৈছে মানস চলিহাৰ বিৰুদ্ধে। 

মানস গ্ৰেপ্তাৰৰ পাছতেই পোহৰলৈ আহিছে কেতবোৰ ভয়ংকৰ তথ্য। অকল প্ৰৱঞ্চনাই নহয়, হত্যাকাণ্ডৰেও জড়িত আছিল নেকি মানস চলিহা? এইবোৰ প্ৰসংগ উত্থাপন হৈছে এতিয়া। 

পুত্ৰক অকালতে হেৰুৱাওৱা ধেমাজিৰ এজন দুৰ্ভগীয়া পিতৃয়ে প্ৰদান কৰিছে এক বিস্ফোৰক অভিযোগ।  টকাৰ বাবেই মানসে প্ৰাণে মাৰিলে নেকি ধেমাজিৰ সিদ্ধাৰ্থ বৰগোঁহাইক? 

উল্লেখ্য যে যোৱা ৩ জানুৱাৰীত এটা ৰহস্যজনক পথ দুৰ্ঘটনাত  দুৰ্ঘটনাত কৰুণ মৃত্যুক আঁকোৱালী লৈছিল ধেমাজিৰ সিদ্ধাৰ্থ বৰগোহাঁই নামৰ এজন যুৱকে ।

সিদ্ধাৰ্থৰ মৃত্যুক লৈ এতিয়া ৰহস্যৰ গোন্ধ পাইছে সিদ্ধাৰ্থৰ পিতৃয়ে । সিদ্ধাৰ্থক প্ৰায় ৩০-৪০ লাখ টকা দিবলৈ আছিল মানস চলিহাই। সিদ্ধাৰ্থই মানসক ফোনত টকা বিচাৰি কেইবাবাৰো দিছিল ধমকি 

ইফালে মানস চলিহাই সামাজিক মাধ্যমত ভাইৰেল কৰা এখন ফটোক লৈও আৰক্ষীয়ে চলাইছে তদন্ত। ফটোখনত স্পষ্ট ৰূপত জিলিকি আছিল মানসৰ হাতত থকা দুটা মাৰণাস্ত্ৰ। 

পিছে  মানসৰ হাতলৈ কেনেকৈ আহিল দুটাকৈ পিষ্টল?  অনুজ্ঞাপত্ৰৰ অৱিহনেই ব্যৱহৃত হৈছিল নেকি পিষ্টল দুটা? 

পিষ্টল দুটাৰ সন্দৰ্ভত বৰ্তমানলৈকে মুখ খোলা নাই মানস চলিহাই। চলিহাই সকলো কথা বৰ্তমানেও লুকুৱাই ৰাখিছে আৰক্ষীৰ তদন্তত। আনহাতে জিম্মাৰ থকা মানস চলিহাৰ বিৰুদ্ধে হাতিগাওঁ থানাতো আছে আন এটা গোচৰ। কা’ আন্দোলনৰ সময়ত ৰাজহুৱা সম্পত্তি নষ্ট কৰাৰ গোচৰ ৰুজু হৈছিল চলিহাৰ বিৰুদ্ধে। কিন্তু কা’ আন্দোলনৰ কেইবাটাও বছৰ পাৰ হোৱাৰ পাছতো হাতিগাওঁ আৰক্ষীৰ গ্ৰেপ্তাৰ কৰাৰ সাহস নহ’ল চলিহাক।