দাদা চাহেব ফাল্কে চলচ্চিত্ৰ মহোৎসৱলৈ অসমীয়া চুটি ছবি ‘মঙহ দহাৰ গোন্ধ’ৰ মনোনয়ন লাভ

ৰঙালী বিহুৰ বতৰতে অসমবাসীৰ বাবে আহিছে এটা ভাল খবৰ।

একাদশ দাদা চাহেব ফাল্কে চলচ্চিত্ৰ মহোৎসৱ, ২০২১ৰ বাবে মনোনয়ন লাভ কৰিছে অসমীয়া চুটি ছবি মঙহ দহাৰ গোন্ধ-এ।

উদীয়মান ছবি পৰিচালক মৃণাল ডেকা পৰিচালিত প্ৰথমখন ছবি মঙহ দহাৰ গোন্ধ। ছবিখনে চলচ্চিত্ৰ মহোৎসৱখনিৰ শ্ৰেষ্ঠ চুটি ছবি আৰু শ্ৰেষ্ঠ নেপথ্য সংগীত শিতানত মনোনয়ন লাভ কৰিছে।

গাঁৱৰ এটা দৰিদ্ৰ পৰিয়ালৰ এগৰাকী মাতৃ আৰু তেওঁৰ দুই সন্তানক কেন্দ্ৰ কৰি নিৰ্মাণ কৰা হৈছে ছবিখন। এফালে সন্তানৰ প্ৰতি মাতৃৰ স্নেহ আনফালে মাতৃৰ সৰু হাবিয়াসে কি পৰিস্থিতিৰ সৃষ্টি কৰে তাৰ এখন বাস্তৱ ছবি মঙহ দহাৰ গোন্ধত প্ৰতিফলিত হৈছে।

১৯ মিনিট দৈৰ্ঘ্যৰ এই ছবিখনত অভিনয় কৰিছে প্ৰণামী বৰা, অদভিক পি গগৈ, আদ্ৰিতি পি গগৈ, তপন ডেকা আৰু বাদল আৰ্যই।

ছবিখনৰ কাহিনী মানস চাগ্ৰাৰ। নেপথ্য সংগীত ইবচন লাল বৰুৱাৰ। শব্দ সংযোজন দেৱজিৎ গায়নৰ আৰু দৃশ্য গ্ৰহণ বিতুল দাসৰ। ছবিখন মৃণাল ডেকা নিজেই সম্পাদনা কৰিছে।

আৰতী ডেকা আৰু ধীৰেণ ডেকাই প্ৰযোজনা কৰা মঙহ দহাৰ গোন্ধৰ সহ প্ৰযোজনা কৰিছে উষামণী শৰ্মাই।

মঙহ দহাৰ গোন্ধ ছবিখনে ইতিমধ্যে ত্ৰয়োদশ আন্তঃৰাষ্ট্ৰীয় গুৱাহাটী চলচ্চিত্ৰ মহোৎসৱ ২০২১ত তৃতীয় শ্ৰেষ্ঠ চুটি ছবিৰ সন্মান লাভ কৰিছিল।

ইয়াৰ উপৰিও Direct online film festival 2021 আৰু Lift off session film festivalৰ বাবেও মনোনয়ন লাভ কৰিছে মঙহ দহাৰ গোন্ধ-এ।

অহা ৩০ এপ্ৰিলত নয়দাত অনুষ্ঠিত হ’বলগীয়া একাদশ দাদা চাহেব ফাল্কে চলচ্চিত্ৰ মহোৎসৱত মৃণাল ডেকাৰ চুটি ছবি মঙহ দহাৰ গোন্ধ প্ৰদৰ্শিত হ’ব।