মণিপুৰলৈ সময় নাই মোদীৰ : হাতৰ অস্ত্ৰ মাটিত থৈ এইবাৰ প্ৰতিবাদত নামিল মণিপুৰৰ আৰক্ষী

মণিপুৰত অস্ত্ৰ-শস্ত্ৰ এৰি প্ৰতীকী প্ৰতিবাদ সাব্যস্ত কৰিছে আৰক্ষী কমাণ্ডোসকলে। 

জানিব পৰা মতে ইম্ফল পশ্চিমৰ অতিৰিক্ত আৰক্ষী অধীক্ষক মইৰাংথেম অমিত সিঙক অপহৰণ কৰাৰ প্ৰতিক্ৰিয়া স্বৰূপে বুধবাৰে মণিপুৰ আৰক্ষীৰ কমাণ্ডোসকলে অস্ত্ৰ-শস্ত্ৰ থৈ প্ৰতীকী প্ৰতিবাদ সাব্যস্ত কৰে।

মঙলবাৰে অৰ্থাৎ ২৭ ফেব্ৰুৱাৰীৰ নিশা প্ৰায় ২০০ আক্ৰমণকাৰীয়ে আৰক্ষীৰ শীৰ্ষ বিষয়াজনৰ বাসগৃহত তাণ্ডৱৰ সৃষ্টি কৰে।  মেইটেই ভিজিলেণ্ট গ্ৰুপ আৰামবাই টেংগোল নামৰ এটা সশস্ত্ৰ গোটে তাণ্ডৱৰ সৃষ্টি কৰি অমিত আৰু তেওঁৰ লগৰ এজন সহকৰ্মীক অপহৰণ কৰে।  

অতিৰিক্ত নিৰাপত্তা বাহিনী নিয়োগ কৰাৰ পিছতো আক্ৰমণকাৰীয়ে অপহৰণ কৰি নিয়ে অমিত সিঙ আৰু সহকৰ্মীক। অৱশ্যে নিৰাপত্তা বাহিনীয়ে কিছু ঘণ্টাৰ ভিতৰতে এ এছ পি অমিত আৰু তেওঁৰ সহযোগীক উদ্ধাৰ কৰিবলৈ সক্ষম হয়।

আৰক্ষীৰ তৰফৰ পৰা জনোৱা অনুসৰি ইম্ফল পশ্চিমৰ মইৰাংথেমৰ বাসগৃহত প্ৰায় ২০০ জন অস্ত্ৰধাৰী ব্যক্তিয়ে ধুমুহাৰ সৃষ্টি কৰি নিৰ্বিচাৰে গুলীচালনা কৰাৰ লগতে সা-সম্পত্তি ভাঙি পেলায়। 

ইয়াৰ প্ৰতিবাদস্বৰূপেই এতিয় আৰক্ষী জোৱান সকলে হাতৰ অস্ত্ৰ মাটিত থৈ সাব্যস্ত কৰিছে প্ৰতিবাদ। সেয়েহে, এইখিনিতে প্ৰশ্নৰ উত্থাপন হৈছে – কিয় ইমান মাহ পাৰ হৈ যোৱাৰ পিছতো অশান্ত মণিপুৰৰ পৰিস্থিতি নিয়ন্ত্ৰণ কৰিব পৰা নাই কেন্দ্ৰীয় আৰু ৰাজ্য চৰকাৰে? কিয় ইমান দিনে মণিপুৰক লৈ তৎপৰতা দেখুওৱা নাই নৰেন্দ্ৰ মোদীয়ে? এতিয়া এই ঘটনাৰ পিছত এনেদৰেই সমালোচনাৰ সমুখীন হৈছে নৰেন্দ্ৰ মোদীৰ চৰকাৰ।