NORTHEAST NOW (Assamese)

প্ৰথম পৰ্য্যায়ৰ নিৰ্বাচনত মণিপুৰত অভিলেখ সংখ্যক ৭৮.২০ শতাংশ ভোটদান

April 12, 2019 9:34 am · এন ই নাও নিউজ
প্ৰতিনিধিত্বমূলক আলোকচিত্ৰ।

বৃহস্পতিবাৰে দেশত অনুষ্ঠিত হোৱা লোকসভা নিৰ্বাচনৰ প্ৰথম পৰ্য্যায়ৰ নিৰ্বাচনত মণিপুৰত অভিলেখ সংখ্যক ৭৮.২০ শতাংশ ভোটদান সম্পন্ন হয়। দেশৰ ৯০ খন আসনৰ লগতে মণিপুৰৰ এখন লোকসভা আসনৰ বাবেও শান্তিপুৰ্ণভাবে নিৰ্বাচন অনুষ্ঠিত হয়।

ৰাজ্যখনৰ মুঠ ১৫৬২ টা ভোটগ্ৰহণ কেন্দ্ৰত ভোটাৰ সকলে শান্তিপুৰ্ণভাবে ভোটদান কৰে। চৌৰাচান্দপুৰ বিধানসভা সমষ্টিৰ গোটেইকেইটা ভোটগ্ৰহণ কেন্দ্ৰ আৰু অন্যান্য জিলাসমূহৰ আদৰ্শ ভোটগ্ৰহণ কেন্দ্ৰ কিছুমান সম্পুৰ্ণৰূপে মহিলাই পৰিচালনা কৰে। উক্ত ভোটগ্ৰহণ কেন্দ্ৰসমূহৰ প্ৰিজাইডিং বিষায়াকে ধৰি নিৰাপত্তাৰক্ষী সকলো মহিলাকে নিয়োগ কৰা হয়।

মণিপুৰৰ ১২ খন জিলাৰ ২৮ টা বিধানসভা সমষ্টিত ভোটগ্ৰহণ ৰাতিপুৱাৰ ভাগত কিছু সেৰেঙা আছিল যদিও দুপৰীয়াৰ ভাগলৈ ভোটদানৰ হাৰ বৃদ্ধি পাই। ৯ বজালৈ ১৫.৬ শতাংশ হোৱা ভোটদান ১১ বজাত ৩৫.০৩ শতাংশ হয়।

আনহাতে, ৰাজ্যখনত ৩ বজালৈ ভোটদান ৬৮.১৬ শতাংশ হোৱাৰ পৰৱৰ্তী সময়ত আবেলি ৫ বজাত মুখ্য নিৰ্বাচনী বিষয়া পি কে সিঙে ৰাজ্যত মুঠ ভোটদানৰ হাৰ ৭৮.২০ শতাংশ হোৱা বুলি  আনুষ্ঠানিক ঘোষণা কৰে।

Related News