NORTHEAST NOW (Assamese)

মণিপুৰত নতুনকৈ ১১৬ গৰাকী লোক ক’ৰ’না প’জিটিভ; মুঠ ক’ৰ’না আক্ৰান্তৰ সংখ্যা ৫৩৬২ গৰাকীলৈ বৃদ্ধি

August 24, 2020 8:44 pm · এন ই নাও নিউজ

মণিপুৰত সোমবাৰে নতুনকৈ ১১৬ গৰাকী লোকৰ শৰীৰত ক’ৰ’না ভাইৰাছৰ উপস্থিতি ধৰা পৰে।

ইয়াৰ ফলত ৰাজ্যখনত ক’ৰ’না আক্ৰান্ত লোকৰ সংখ্যা ৫,৩৬২ গৰাকীলৈ বৃদ্ধি পায়।

সোমবাৰে ক’ৰ’না আক্ৰান্ত হোৱা ১১৬ গৰাকী লোকৰ ভিতৰত ৪২ গৰাকী চেন্ট্ৰেল আৰ্মড পুলিচ ফোৰ্চৰ জোৱান।

আনহাতে, ৰাজ্যখনত বিগত ২৪ ঘণ্টাত ৯৭ গৰাকী লোকে চিকিৎসাৰ অন্তত ক’ৰ’না ভাইৰাছৰ পৰা আৰোগ্য হৈ উঠে।

বিগত ২৪ ঘণ্টাত ৯৭ গৰাকী লোক ক’ৰ’নাৰ সংক্ৰমণৰ পৰা আৰোগ্য হৈ উঠাৰ পাছত ৰাজ্যখনত আৰোগ্যৰ হাৰ ৬৯.২৪ শতাংশলৈ বৃদ্ধি পায়।

মণিপুৰত এতিয়ালৈ মুঠ ৩৭১৩ গৰাকী লোক ক’ৰ’নাৰ সংক্ৰমণৰ পৰা আৰোগ্য হৈ উঠাৰ বিপৰীতে ১,৬২৭ গৰাকী সক্ৰিয় ক’ৰ’না ৰোগী বিভিন্ন চিকিৎসালয়ত চিকিৎসাধীন হৈ আছে।

সোমবাৰে ৰাজ্যখনত ক’ৰ’নাৰ সংক্ৰমণৰ ফলত কোনো লোকৰ মৃত্যু হোৱা নায়।

মণিপুৰত মুঠ ২২ গৰাকী লোকৰ ক’ৰ’না আক্ৰান্ত হোৱাৰ ফলত মৃত্যু হৈছে।

Related News