DMCA.com Protection Status
  • About
  • Copyright
  • Privacy Policy
  • Authors
  • Grievance Redressal
  • Contact
English |  
Sunday, January 29, 2023
NORTHEAST NOW (Assamese)
  • মুখ্যপৃষ্ঠা
  • অসম
  • নৰ্থ-ইষ্ট
    • অৰুণাচল
    • অসম
    • ছিকিম
    • ত্ৰিপুৰা
    • নাগালেণ্ড
    • মণিপুৰ
    • মিজোৰাম
    • মেঘালয়
  • প্ৰতিৱেশী
  • অভিমত
  • ক্ৰীড়া
  • বাণিজ্য
  • সংস্কৃতি
  • ভাষা-সাহিত্য
  • যুৱ-কণ্ঠ
  • শিক্ষা
  • জীৱনশৈলী
    • দিহা-ভৰসা
  • প্ৰযুক্তি
  • মনোৰঞ্জন
  • প্ৰাসংগিক প্ৰশ্ন
No Result
View All Result
  • মুখ্যপৃষ্ঠা
  • অসম
  • নৰ্থ-ইষ্ট
    • অৰুণাচল
    • অসম
    • ছিকিম
    • ত্ৰিপুৰা
    • নাগালেণ্ড
    • মণিপুৰ
    • মিজোৰাম
    • মেঘালয়
  • প্ৰতিৱেশী
  • অভিমত
  • ক্ৰীড়া
  • বাণিজ্য
  • সংস্কৃতি
  • ভাষা-সাহিত্য
  • যুৱ-কণ্ঠ
  • শিক্ষা
  • জীৱনশৈলী
    • দিহা-ভৰসা
  • প্ৰযুক্তি
  • মনোৰঞ্জন
  • প্ৰাসংগিক প্ৰশ্ন
No Result
View All Result
NORTHEAST NOW (Assamese)
English
Home Popular Stories

ক’মাত নহয়, মৃত্যু ঘটিছে উত্তৰ কেৰিয়াৰ একনায়ক কিম জং উনৰ! : এই দাবী বিশেষজ্ঞৰ

এন ই নাও নিউজ by এন ই নাও নিউজ
August 25, 2020 1:44 pm
index.jpglll
728
VIEWS
Share on FacebookShare on Twitter

এগৰাকী একনায়ক। সমগ্ৰ বিশ্বৰে দৃষ্টি নিৱদ্ধ তেওঁৰ ওপৰত। কি কৰে? ক’ত যায়? কি খায়? এই একনায়কত্বাদী শাসক গৰাকীৰ সমগ্ৰ তথ্য বিচাৰি বিশ্ব ৰাজনৈতিক আৰু কূটনৈতিক মহল উৎসুক হৈ ৰয়।

সেই গৰাকী শাসক হৈছে বিশ্ব সম্প্ৰদায়ৰ ওচৰত শিৰনত নকৰা উত্তৰ কোৰিয়াৰ একনায়ক কিম জং উন।

ইতিমধ্যে এই গৰাকী একনায়কত্ববাদী শাসক কিম জং উনৰে মৃত্যু হোৱা বুলি দাবী কৰিছে এগৰাকী সাংবাদিকে।

উল্লেখ্য যে, উত্তৰ কোৰিয়া চিৰবৈৰী ৰাষ্ট্ৰ দক্ষিণ কোৰিয়াৰ এখন সংবাদ পত্ৰই দেওবাৰে কিম জং উনৰ স্বাস্থ্য অতি সংকটজনক বুলি বাতৰি প্ৰকাশ কৰিছিল।

চীনৰ পৰা লাভ কৰা তথ্যৰ উদ্ধৃতি দি দ্য কোৰিয়া হেৰাল্ড নামৰ সংবাদ পত্ৰখনে কৈছিল যে, উত্তৰ কোৰিয়াৰ শাসকজন এতিয়া ক’মাত আছে।

ইফালে দক্ষিণ কোৰিয়াৰ প্ৰাক্তন ৰাষ্ট্ৰপতিৰ ঘনিষ্ঠ চাং ছং-মিনে দাবী কৰি কৈছিল যে কিম জং উনে নিজ ভগ্নী কিম ইয়ো-জঙক দেশখনৰ ছেকেণ্ড ইন কমাণ্ডৰ পদত নিযুক্তি প্ৰদান কৰি আমেৰিকা আৰু দক্ষিণ কোৰিয়াৰ সম্পৰ্ক পৰিচালনা কৰাৰ দায়িত্বও অৰ্পণ কৰিছে।

চাং ছং-মিনে চ’ছিয়মল মিডিয়াৰ যোগে দাবী কৰি কৈছিল যে, “মই ধাৰণা কৰোঁ তেওঁ এতিয়াও জীয়াই আছে, কিন্তু তেওঁ ক’মাত আছে।”

কিন্তু আজি এগৰাকী সংবাদিকে দাবী কৰে যে কিম জং উনৰ মৃত্যু ঘটিছে।

উত্তৰ কোৰিয়া ভ্ৰমণ কৰি অহা সাংবাদিক ৰয় কেলীয়ে এই দাবী কৰিছে। তেওঁ কিছু গণমাধ্যমত কয়ে যে, উত্তৰ কোৰিয়াই ইমানেই গোপনীয়তা ৰক্ষা কৰে যে দেশৰ জনগণেও ইয়াৰ প্ৰকৃত বাস্তৱতাৰ উমান নেপায়।

উত্তৰ কোৰিয়াৰ চিৰবৈৰী ৰাষ্ট্ৰ দক্ষিণ কোৰিয়াই অৱশ্যে সাংবাদিক গৰাকীৰ এই দাবী নস্যাৎ কৰিছে আৰু উত্তৰ কোৰিয়া এই বিষয়ে এতিয়াও মৌনতা অৱলম্বন কৰিয়ে আছে।

ইফালে যোৱা সপ্তাহত উত্তৰ কোৰিয়াৰ চৰকাৰী সংবাদ মাধ্যমত প্ৰকাশ পাইছিল যে দেশখনত সৃষ্টি হোৱা দুৰ্ভিক্ষৰ সমাধানৰ পথ উদ্ভাৱনৰ কল্পে যোৱা সপ্তাহত ৰাষ্ট্ৰপতি কিম জং উনে দলীয় বৈঠক আহ্বান কৰি তাত উপস্থিত আছিল।

দক্ষিণ কোৰিয়াৰ সংবাদ মাধ্যমৰ প্ৰচাৰ আৰু সাংবাদিক ৰয় কেলীৰ দাবীৰ পিছত উত্তৰ কোৰিয়াৰ শাসকগৰাকীৰ অৱস্থিতিক লৈ ৰসহ্য ক্ৰমাৎ গভীৰ হোৱা পৰলিক্ষিত হৈছে।

উল্লেখ্য যে, কিছুমাহৰ পূৰ্বেও উত্তৰ কোৰিয়াৰ শাসকগৰাকী এক জটিল অস্ত্ৰোপচাৰৰ পিছত মৃত্যু হোৱা বুলি বিশ্ব সংবাদ মাধ্যমত প্ৰচাৰ হৈছিল।

Recent News

আদানীৰ বিত্তীয় কেলেংকাৰী! ক্ষতিগ্ৰস্ত হৈছে LIC, কিয় আৰু কেনেকৈ? জানিবলৈ চাওক…

আদানীৰ বিত্তীয় কেলেংকাৰী! ক্ষতিগ্ৰস্ত হৈছে LIC, কিয় আৰু কেনেকৈ? জানিবলৈ চাওক…

বায়ুসেনাৰ দুই যুদ্ধ বিমান দুৰ্ঘটনাগ্ৰস্ত : আকাশমাৰ্গতে মুখামুখি সংঘৰ্ষ হোৱাৰ সন্দেহ!

বায়ুসেনাৰ দুই যুদ্ধ বিমান দুৰ্ঘটনাগ্ৰস্ত : আকাশমাৰ্গতে মুখামুখি সংঘৰ্ষ হোৱাৰ সন্দেহ!

কিমান বছৰ বয়সত এগৰাকী কন্যা মাতৃ হ’ব লাগে? ক’লে বহুবল্কী মুখ্যমন্ত্ৰী হিমন্ত বিশ্ব শৰ্মাই

কিমান বছৰ বয়সত এগৰাকী কন্যা মাতৃ হ’ব লাগে? ক’লে বহুবল্কী মুখ্যমন্ত্ৰী হিমন্ত বিশ্ব শৰ্মাই

BBCৰ গুজৰাট সংঘৰ্ষৰ তথ্যচিত্ৰ : কংগ্ৰেছ নেতাৰ শশী থাৰুৰক আক্ৰমণ কাৰ?

BBCৰ গুজৰাট সংঘৰ্ষৰ তথ্যচিত্ৰ : কংগ্ৰেছ নেতাৰ শশী থাৰুৰক আক্ৰমণ কাৰ?

Get the latest Assamese news from Assam and NorthEast India. নৰ্থ-ইষ্ট নাও এটা মাল্টি-এপ ভিত্তিক সম্পূৰ্ণভাৱে আঞ্চলিক, দ্বিভাষিক নিউজ প’ৰ্টেল। পেচাদাৰী ব্যক্তিৰ এটা গোটৰ নেতৃত্বত এই ডিজিটেল অসমীয়া বাতৰি প্ৰতিষ্ঠানটোৱে উত্তৰ-পূবৰ আঠখন ৰাজ্য আৰু এইবোৰৰ প্ৰতিৱেশী দেশকেইখনৰ প্ৰতিটো খা-খবৰ সামৰি লোৱাৰ চেষ্টা কৰিব। দুটাকৈ ইংৰাজী এপ আৰু এটা অসমীয়া এপৰ সংস্কৰণ থকা এইটোৱে হ’ল এই ধৰণৰ প্ৰথমটো নিউজ প’ৰ্টেল। আমি ৰাজনৈতিকভাৱে নিৰপেক্ষ আৰু দক্ষিণ-পূব আৰু দক্ষিণ এছিয়াৰ মাজৰ প্ৰকৃত বা-বাতৰিৰ সাঁকোৰ ভূমিকা ল’বলৈ চেষ্টা কৰিম।

 
Our Properties
 
  • ⚪ NORTHEAST NOW
  • ⚪ NORTHEAST JOBS
  • ⚪ NORTHEAST TENDERS
  • ⚪ INNFINITY
  • About
  • Copyright
  • Privacy Policy
  • Authors
  • Grievance Redressal
  • Contact

© 2018 - Maintained by EZEN Software & Technology Pvt. Ltd

No Result
View All Result
  • মুখ্যপৃষ্ঠা
  • অসম
  • নৰ্থ-ইষ্ট
    • অৰুণাচল
    • অসম
    • ছিকিম
    • ত্ৰিপুৰা
    • নাগালেণ্ড
    • মণিপুৰ
    • মিজোৰাম
    • মেঘালয়
  • প্ৰতিৱেশী
  • অভিমত
  • ক্ৰীড়া
  • বাণিজ্য
  • সংস্কৃতি
  • ভাষা-সাহিত্য
  • যুৱ-কণ্ঠ
  • শিক্ষা
  • জীৱনশৈলী
    • দিহা-ভৰসা
  • প্ৰযুক্তি
  • মনোৰঞ্জন
  • প্ৰাসংগিক প্ৰশ্ন

© 2018 - Maintained by EZEN Software & Technology Pvt. Ltd