মণিপুৰত পুনৰ দুগৰাকী কোভিড আক্ৰান্তৰ মৃত্যু; মুঠ মৃতকৰ সংখ্যা ১৯১ গৰাকীলৈ বৃদ্ধি

মণিপুৰত বিগত ২৪ ঘণ্টাত পুনৰ দুগৰাকী লোকৰ ক’ৰ’না ভাইৰাছৰ সংক্ৰমণৰ ফলত মৃত্যু হয়।

ইয়াৰ ফলত ৰাজ্যখনত ক’ৰ’নাৰ সংক্ৰমণৰ ফলত মৃত্যু হোৱা লোকৰ সংখ্যা ১৯১ গৰাকীলৈ বৃদ্ধি পায়।

বিগত ২৪ ঘণ্টাত ৪৭ বছৰীয়া এগৰাকী পুৰুষৰ পশ্চিম ইম্ফলত আৰু ৮৬ বছৰীয়া এগৰাকী বৃদ্ধাৰ ৰিমছ হস্পিটেলত মৃত্যু হয় বুলি ৰাজ্যখনৰ স্বাস্থ্য বিভাগৰ অতিৰিক্ত সঞ্চালক ড০ খৈৰম শশীকুমাৰে মানগাঙে কয়।

মণিপুৰত বিগত ২৪ ঘণ্টাত ৮৫ গৰাকী পুৰুষ আৰু ৭৪ গৰাকী মহিলাকে ধৰি মুঠ ১৫৯ গৰাকী সাধাৰণ নাগৰিক আৰু ৭ গৰাকী নিৰাপত্তাৰক্ষী বাহিনীৰ লোক কোভিড প’জিটিভ হয়।

আনহাতে, ৰাজ্যখনত ৩৪২ গৰাকী লোক বিগত ২৪ ঘণ্টাত চিকিৎসাৰ অন্তত কোভিডৰ সংক্ৰমণৰ পৰা সুস্থ হৈ উঠে।

ৰাজ্যখনত আৰোগ্য লাভৰ হাৰ হৈছে ৮০.৯০ শতাংশ।

মণিপুৰত বৰ্তমানলৈ মুঠ ১৯৮৯১ গৰাকী লোক ক’ৰ’না ভাইৰাছৰ দ্বাৰা সংক্ৰমিত হৈছে আৰু ৩৬০৮ গৰাকী সক্ৰিয় কোভিড ৰোগী আছে।

৬ নৱেম্বৰলৈ ৰাজ্যখনত ১৬০৯২ গৰাকী লোক ক’ৰ’নাৰ সংক্ৰমণৰ পৰা চিকিৎসাৰ অন্তত সুস্থ হৈ উঠিছে।