• About
  • Copyright
  • Privacy Policy
  • Authors
  • Grievance Redressal
  • Contact
English |  
Friday, May 9, 2025
NORTHEAST NOW (Assamese)
  • মুখ্যপৃষ্ঠা
  • অসম
  • নৰ্থ-ইষ্ট
    • অৰুণাচল
    • অসম
    • ছিকিম
    • ত্ৰিপুৰা
    • নাগালেণ্ড
    • মণিপুৰ
    • মিজোৰাম
    • মেঘালয়
  • প্ৰতিৱেশী
  • অভিমত
  • ক্ৰীড়া
  • বাণিজ্য
  • সংস্কৃতি
  • ভাষা-সাহিত্য
  • যুৱ-কণ্ঠ
  • শিক্ষা
  • জীৱনশৈলী
    • দিহা-ভৰসা
  • প্ৰযুক্তি
  • মনোৰঞ্জন
  • প্ৰাসংগিক প্ৰশ্ন
  • স্বাস্থ্য
  • ফেচবুক কৰ্ণাৰ
No Result
View All Result
  • মুখ্যপৃষ্ঠা
  • অসম
  • নৰ্থ-ইষ্ট
    • অৰুণাচল
    • অসম
    • ছিকিম
    • ত্ৰিপুৰা
    • নাগালেণ্ড
    • মণিপুৰ
    • মিজোৰাম
    • মেঘালয়
  • প্ৰতিৱেশী
  • অভিমত
  • ক্ৰীড়া
  • বাণিজ্য
  • সংস্কৃতি
  • ভাষা-সাহিত্য
  • যুৱ-কণ্ঠ
  • শিক্ষা
  • জীৱনশৈলী
    • দিহা-ভৰসা
  • প্ৰযুক্তি
  • মনোৰঞ্জন
  • প্ৰাসংগিক প্ৰশ্ন
  • স্বাস্থ্য
  • ফেচবুক কৰ্ণাৰ
No Result
View All Result
NORTHEAST NOW (Assamese)
English

হিংসা শাম কটা নাই মণিপুৰত! ২৯ আগষ্টৰ পৰা তিনি দিনত নিহত ৮ জন, আহত ২৯জন

এন ই নাও নিউজ, গুৱাহাটী by এন ই নাও নিউজ, গুৱাহাটী
September 2, 2023 8:13 am
ফটো: সংগ্ৰহীত।

ফটো: সংগ্ৰহীত।

169
VIEWS
Share on FacebookShare on Twitter

মণিপুৰত হিংসাত্মক ঘটনা শাম কটা নাই। ৰাজ্যখনত কুকি আৰু মেইটেই জনগোষ্ঠীৰ মাজত হিংসা আৰু উত্তেজনা হ্ৰাস পোৱাৰ কোনো লক্ষণ দেখা যোৱা নাই। যোৱা ২৯ আগষ্টৰ পৰা ৩ দিনত হিংসাত্মক ঘটনাত ৰাজ্যখনত ৮জন লোকৰ মৃত্যু হোৱাৰ লগতে ২৯ জন লোক আহত হৈছে। প্ৰতিৰক্ষা সূত্ৰই এই কথা জানিবলৈ দিছে।

ৰাজ্যখনৰ বিষ্ণুপুৰ জিলাৰ খোইৰেন্টাক আৰু চুৰাচান্দপুৰ জিলাৰ চিংফেই আৰু খৌছাবুং অঞ্চলত দুই গোষ্ঠীৰ মাজত বৃহস্পতিবাৰে তীব্ৰ গুলীচালনাৰ ঘটনা ঘটিছে। কেইঘণ্টামান শান্তিপূৰ্ণ হৈ থকাৰ পিছত বুধবাৰে সন্ধিয়াৰ পৰা ছেগাচোৰোকাকৈ গুলীচালনাৰ ঘটনা অব্যাহত আছে।

ইয়াৰ ফলত যোৱা ৭২ ঘণ্টাত দুয়োটা সম্প্ৰদায়ৰ মাজত সংঘটিত গুলীচালনাৰ ঘটনাত দুজন নিৰাপত্তা বাহিনীৰ লোককে ধৰি মুঠ ৮ জন লোক নিহত হোৱাৰ লগতে ২৯ জন লোক আহত হৈছে।

বিষয়াসকলে জনোৱা মতে, ২৯ আগষ্টত খোইৰেন্টাক গাঁওত এজন ৩০ বছৰীয়া স্বেচ্ছাসেৱকৰ গুলীচালনাৰ ফলত মৃত্যু ঘটাৰ পিছত পুনৰ হিংসাত্মক পৰিস্থিতিৰ সৃষ্টি হয়।

গুলীত মূৰত গুৰুতৰভাৱে আঘাতপ্ৰাপ্ত এজন লোকৰ মিজোৰাম হৈ গুৱাহাটীলৈ যোৱাৰ পথত মৃত্যু হয়। একে সময়তে বৃহস্পতিবাৰে পুৱা প্ৰায় ৯ বজাত গুলীৰ আঘাতত আহত হোৱা আন এজন ব্যক্তিৰ চুৰাচান্দপুৰ জিলা চিকিৎসালয়ত মৃত্যু ঘটে। বিগত ৪৮ ঘণ্টাত গুলীৰ আঘাতত আৰু চাৰিজন লোকৰ মৃত্যু হোৱা বুলি বিষয়াসকলে জানিবলৈ দিয়ে। কিন্তু তেওঁলোকৰ সবিশেষ জানিব পৰা হোৱা নাই।

বুধবাৰে সন্ধিয়া চিংফেই অঞ্চলত সংঘটিত হোৱা গুলীচালনাত আহত ৫জনৰ ভিতৰত তিনিজনক চুৰাচান্দপুৰ জিলা চিকিৎসালয়লৈ অনা হয়। এজনৰ মূৰত আঘাত হোৱাৰ বিপৰীতে আনকেইজনৰ কান্ধ, ভৰি আৰু পিঠিত আঘাতপ্ৰাপ্ত হয়। বিষ্ণুপুৰৰ নাৰায়ণসেনা গাঁৱৰ সমীপত মঙলবাৰে সংঘটিত হোৱা পৃথক পৃথক হিংসাত্মক ঘটনাত দুজন লোক নিহত হোৱাৰ লগতে আন ৬ জন আহত হয়।

সূত্ৰসমূহে জনোৱা মতে, গুলীৰ আঘাতত এজনৰ মৃত্যু হোৱাৰ বিপৰীতে আনজনৰ দেশত নিৰ্মিত বন্দুকৰ লক্ষ্যভ্ৰষ্ট হৈ নিজৰ দেহতে গুলী লগাৰ ফলত মৃত্যু হয়। বিচ্ছিন্নতাবাদী আই টি এল এফে তাৎক্ষণিকভাৱে কাৰ্যকৰী হোৱাকৈ চুৰাচান্দপুৰত জৰুৰী বন্ধৰ ঘোষণা কৰিছে। অৱশ্যে পানী, ঔষধকে ধৰি অত্যাৱশ্যকীয় সামগ্ৰীসমূহ এই বন্ধৰ পৰা ৰেহাই দিয়া হৈছে।

মণিপুৰ আৰক্ষীয়ে মিডিয়া প্লেটফৰ্মত এক্স-ত কৰা পোষ্টত জনায় যে এই সময়ছোৱাত ৫টা অস্ত্ৰ-শস্ত্ৰ, ৩১টা গুলী, ১৯টা বিস্ফোৰক আৰু তিনিটা আই ই ডি সামগ্ৰীৰ তিনিটা পেকেট উদ্ধাৰ কৰা হৈছে। তদুপৰি আৰক্ষীয়ে বিভিন্ন জিলাত ১৩০টা চেকপইণ্ট স্থাপন কৰাৰ লগতে নিয়ম উলংঘা কৰাৰ অপৰাধত ১৬৪৬জন লোকক আটক কৰিছে।

Recent News

ৰাষ্ট্ৰীয় শিক্ষা নীতি গ্ৰহণৰ ক্ষেত্ৰত ৰাজ্যসমূহক নিৰ্দেশ দিবলৈ অস্বীকাৰ উচ্চতম ন্যায়ালয়ৰ

ৰাষ্ট্ৰীয় শিক্ষা নীতি গ্ৰহণৰ ক্ষেত্ৰত ৰাজ্যসমূহক নিৰ্দেশ দিবলৈ অস্বীকাৰ উচ্চতম ন্যায়ালয়ৰ

সবাৰো আগত দেশৰ স্বাৰ্থ, ভাৰত-পাক যুদ্ধৰ উত্তেজনাৰ মাজতে স্থগিত IPL!

সবাৰো আগত দেশৰ স্বাৰ্থ, ভাৰত-পাক যুদ্ধৰ উত্তেজনাৰ মাজতে স্থগিত IPL!

ভাৰত-পাকিস্তানৰ উত্তেজনাৰ মাজতে সামৰিক অভিযানৰ বাতৰি প্ৰকাশ কৰাত সংযমী হ’বলৈ আহ্বান প্ৰতিৰক্ষা মন্ত্ৰালয়ৰ

ভাৰত-পাকিস্তানৰ উত্তেজনাৰ মাজতে সামৰিক অভিযানৰ বাতৰি প্ৰকাশ কৰাত সংযমী হ’বলৈ আহ্বান প্ৰতিৰক্ষা মন্ত্ৰালয়ৰ

ভাৰতীয় সেনাৰ অভিযানক সকলোকে নিঃচৰ্ত সমৰ্থন জনোৱাৰ আহ্বান সাংসদ অজিত কুমাৰ ভূঞাৰ

ভাৰতীয় সেনাৰ অভিযানক সকলোকে নিঃচৰ্ত সমৰ্থন জনোৱাৰ আহ্বান সাংসদ অজিত কুমাৰ ভূঞাৰ

Get the latest Assamese news from Assam and NorthEast India. নৰ্থ-ইষ্ট নাও এটা মাল্টি-এপ ভিত্তিক সম্পূৰ্ণভাৱে আঞ্চলিক, দ্বিভাষিক নিউজ প’ৰ্টেল। পেচাদাৰী ব্যক্তিৰ এটা গোটৰ নেতৃত্বত এই ডিজিটেল অসমীয়া বাতৰি প্ৰতিষ্ঠানটোৱে উত্তৰ-পূবৰ আঠখন ৰাজ্য আৰু এইবোৰৰ প্ৰতিৱেশী দেশকেইখনৰ প্ৰতিটো খা-খবৰ সামৰি লোৱাৰ চেষ্টা কৰিব। দুটাকৈ ইংৰাজী এপ আৰু এটা অসমীয়া এপৰ সংস্কৰণ থকা এইটোৱে হ’ল এই ধৰণৰ প্ৰথমটো নিউজ প’ৰ্টেল। আমি ৰাজনৈতিকভাৱে নিৰপেক্ষ আৰু দক্ষিণ-পূব আৰু দক্ষিণ এছিয়াৰ মাজৰ প্ৰকৃত বা-বাতৰিৰ সাঁকোৰ ভূমিকা ল’বলৈ চেষ্টা কৰিম।

 
Our Properties
 
  • ⚪ NORTHEAST NOW
  • ⚪ NORTHEAST JOBS
  • ⚪ NORTHEAST TENDERS
  • ⚪ INNFINITY
  • About
  • Copyright
  • Privacy Policy
  • Authors
  • Grievance Redressal
  • Contact

© 2018 - Maintained by EZEN Software & Technology Pvt. Ltd

No Result
View All Result
  • মুখ্যপৃষ্ঠা
  • অসম
  • নৰ্থ-ইষ্ট
    • অৰুণাচল
    • অসম
    • ছিকিম
    • ত্ৰিপুৰা
    • নাগালেণ্ড
    • মণিপুৰ
    • মিজোৰাম
    • মেঘালয়
  • প্ৰতিৱেশী
  • অভিমত
  • ক্ৰীড়া
  • বাণিজ্য
  • সংস্কৃতি
  • ভাষা-সাহিত্য
  • যুৱ-কণ্ঠ
  • শিক্ষা
  • জীৱনশৈলী
    • দিহা-ভৰসা
  • প্ৰযুক্তি
  • মনোৰঞ্জন
  • প্ৰাসংগিক প্ৰশ্ন
  • স্বাস্থ্য
  • ফেচবুক কৰ্ণাৰ

© 2018 - Maintained by EZEN Software & Technology Pvt. Ltd