• About
  • Copyright
  • Privacy Policy
  • Authors
  • Grievance Redressal
  • Contact
Saturday, October 17, 2026
NORTHEAST NOW (Assamese)
  • মুখ্যপৃষ্ঠা
  • নৰ্থ-ইষ্ট
    • অৰুণাচল
    • অসম
    • ছিকিম
    • ত্ৰিপুৰা
    • নাগালেণ্ড
    • মণিপুৰ
    • মিজোৰাম
    • মেঘালয়
  • দেশ
  • আন্ত: ৰাষ্ট্ৰীয়
  • অভিমত
  • ক্ৰীড়া
  • সাময়িকী
    • ৰাজনীতি
    • বাণিজ্য
    • শিক্ষা
  • জীৱনশৈলী
    • দিহা-ভৰসা
  • প্ৰাসংগিক প্ৰশ্ন
  • স্বাস্থ্য
  • অন্যান্য
    • ভাষা-সাহিত্য
    • সংস্কৃতি
    • মনোৰঞ্জন
    • প্ৰযুক্তি
    • বিজ্ঞান-প্ৰযুক্তি
No Result
View All Result
  • মুখ্যপৃষ্ঠা
  • নৰ্থ-ইষ্ট
    • অৰুণাচল
    • অসম
    • ছিকিম
    • ত্ৰিপুৰা
    • নাগালেণ্ড
    • মণিপুৰ
    • মিজোৰাম
    • মেঘালয়
  • দেশ
  • আন্ত: ৰাষ্ট্ৰীয়
  • অভিমত
  • ক্ৰীড়া
  • সাময়িকী
    • ৰাজনীতি
    • বাণিজ্য
    • শিক্ষা
  • জীৱনশৈলী
    • দিহা-ভৰসা
  • প্ৰাসংগিক প্ৰশ্ন
  • স্বাস্থ্য
  • অন্যান্য
    • ভাষা-সাহিত্য
    • সংস্কৃতি
    • মনোৰঞ্জন
    • প্ৰযুক্তি
    • বিজ্ঞান-প্ৰযুক্তি
No Result
View All Result
NORTHEAST NOW (Assamese)
No Result
View All Result
Home উত্তৰ-পূব অসম

হিংসা শাম কটা নাই মণিপুৰত! ২৯ আগষ্টৰ পৰা তিনি দিনত নিহত ৮ জন, আহত ২৯জন

এন ই নাও নিউজ, গুৱাহাটী by এন ই নাও নিউজ, গুৱাহাটী
September 2, 2023 8:13 am
ফটো: সংগ্ৰহীত।

ফটো: সংগ্ৰহীত।

1
VIEWS
Share on FacebookShare on WhatsAppShare on Twitter

মণিপুৰত হিংসাত্মক ঘটনা শাম কটা নাই। ৰাজ্যখনত কুকি আৰু মেইটেই জনগোষ্ঠীৰ মাজত হিংসা আৰু উত্তেজনা হ্ৰাস পোৱাৰ কোনো লক্ষণ দেখা যোৱা নাই। যোৱা ২৯ আগষ্টৰ পৰা ৩ দিনত হিংসাত্মক ঘটনাত ৰাজ্যখনত ৮জন লোকৰ মৃত্যু হোৱাৰ লগতে ২৯ জন লোক আহত হৈছে। প্ৰতিৰক্ষা সূত্ৰই এই কথা জানিবলৈ দিছে।

ৰাজ্যখনৰ বিষ্ণুপুৰ জিলাৰ খোইৰেন্টাক আৰু চুৰাচান্দপুৰ জিলাৰ চিংফেই আৰু খৌছাবুং অঞ্চলত দুই গোষ্ঠীৰ মাজত বৃহস্পতিবাৰে তীব্ৰ গুলীচালনাৰ ঘটনা ঘটিছে। কেইঘণ্টামান শান্তিপূৰ্ণ হৈ থকাৰ পিছত বুধবাৰে সন্ধিয়াৰ পৰা ছেগাচোৰোকাকৈ গুলীচালনাৰ ঘটনা অব্যাহত আছে।

ইয়াৰ ফলত যোৱা ৭২ ঘণ্টাত দুয়োটা সম্প্ৰদায়ৰ মাজত সংঘটিত গুলীচালনাৰ ঘটনাত দুজন নিৰাপত্তা বাহিনীৰ লোককে ধৰি মুঠ ৮ জন লোক নিহত হোৱাৰ লগতে ২৯ জন লোক আহত হৈছে।

Apply Now

বিষয়াসকলে জনোৱা মতে, ২৯ আগষ্টত খোইৰেন্টাক গাঁওত এজন ৩০ বছৰীয়া স্বেচ্ছাসেৱকৰ গুলীচালনাৰ ফলত মৃত্যু ঘটাৰ পিছত পুনৰ হিংসাত্মক পৰিস্থিতিৰ সৃষ্টি হয়।

গুলীত মূৰত গুৰুতৰভাৱে আঘাতপ্ৰাপ্ত এজন লোকৰ মিজোৰাম হৈ গুৱাহাটীলৈ যোৱাৰ পথত মৃত্যু হয়। একে সময়তে বৃহস্পতিবাৰে পুৱা প্ৰায় ৯ বজাত গুলীৰ আঘাতত আহত হোৱা আন এজন ব্যক্তিৰ চুৰাচান্দপুৰ জিলা চিকিৎসালয়ত মৃত্যু ঘটে। বিগত ৪৮ ঘণ্টাত গুলীৰ আঘাতত আৰু চাৰিজন লোকৰ মৃত্যু হোৱা বুলি বিষয়াসকলে জানিবলৈ দিয়ে। কিন্তু তেওঁলোকৰ সবিশেষ জানিব পৰা হোৱা নাই।

বুধবাৰে সন্ধিয়া চিংফেই অঞ্চলত সংঘটিত হোৱা গুলীচালনাত আহত ৫জনৰ ভিতৰত তিনিজনক চুৰাচান্দপুৰ জিলা চিকিৎসালয়লৈ অনা হয়। এজনৰ মূৰত আঘাত হোৱাৰ বিপৰীতে আনকেইজনৰ কান্ধ, ভৰি আৰু পিঠিত আঘাতপ্ৰাপ্ত হয়। বিষ্ণুপুৰৰ নাৰায়ণসেনা গাঁৱৰ সমীপত মঙলবাৰে সংঘটিত হোৱা পৃথক পৃথক হিংসাত্মক ঘটনাত দুজন লোক নিহত হোৱাৰ লগতে আন ৬ জন আহত হয়।

সূত্ৰসমূহে জনোৱা মতে, গুলীৰ আঘাতত এজনৰ মৃত্যু হোৱাৰ বিপৰীতে আনজনৰ দেশত নিৰ্মিত বন্দুকৰ লক্ষ্যভ্ৰষ্ট হৈ নিজৰ দেহতে গুলী লগাৰ ফলত মৃত্যু হয়। বিচ্ছিন্নতাবাদী আই টি এল এফে তাৎক্ষণিকভাৱে কাৰ্যকৰী হোৱাকৈ চুৰাচান্দপুৰত জৰুৰী বন্ধৰ ঘোষণা কৰিছে। অৱশ্যে পানী, ঔষধকে ধৰি অত্যাৱশ্যকীয় সামগ্ৰীসমূহ এই বন্ধৰ পৰা ৰেহাই দিয়া হৈছে।

মণিপুৰ আৰক্ষীয়ে মিডিয়া প্লেটফৰ্মত এক্স-ত কৰা পোষ্টত জনায় যে এই সময়ছোৱাত ৫টা অস্ত্ৰ-শস্ত্ৰ, ৩১টা গুলী, ১৯টা বিস্ফোৰক আৰু তিনিটা আই ই ডি সামগ্ৰীৰ তিনিটা পেকেট উদ্ধাৰ কৰা হৈছে। তদুপৰি আৰক্ষীয়ে বিভিন্ন জিলাত ১৩০টা চেকপইণ্ট স্থাপন কৰাৰ লগতে নিয়ম উলংঘা কৰাৰ অপৰাধত ১৬৪৬জন লোকক আটক কৰিছে।

এন ই নাও নিউজ, গুৱাহাটী

এন ই নাও নিউজ, গুৱাহাটী

নৰ্থ-ইষ্ট নাও এটা মাল্টি-এপ ভিত্তিক সম্পূৰ্ণভাৱে আঞ্চলিক, দ্বিভাষিক নিউজ প’ৰ্টেল। পেচাদাৰী ব্যক্তিৰ এটা গোটৰ নেতৃত্বত এই ডিজিটেল অসমীয়া বাতৰি প্ৰতিষ্ঠানটোৱে উত্তৰ-পূবৰ আঠখন ৰাজ্য আৰু এইবোৰৰ প্ৰতিৱেশী দেশকেইখনৰ প্ৰতিটো খা-খবৰ সামৰি লোৱাৰ চেষ্টা কৰিব। দুটাকৈ ইংৰাজী এপ আৰু এটা অসমীয়া এপৰ সংস্কৰণ থকা এইটোৱে হ’ল এই ধৰণৰ প্ৰথমটো নিউজ প’ৰ্টেল। আমি ৰাজনৈতিকভাৱে নিৰপেক্ষ আৰু দক্ষিণ-পূব আৰু দক্ষিণ এছিয়াৰ মাজৰ প্ৰকৃত বা-বাতৰিৰ সাঁকোৰ ভূমিকা ল’বলৈ চেষ্টা কৰিম।

Stay Connected

  • 117k Fans

Recent News

ধৰ্মতো ৰাজনীতি! দিল্লীত দশেৰাত ৰাৱণৰ সৈতে দহন হ’ব ৩০ ফুট ওখ পঁইতাচোৰাৰ প্ৰতিমূৰ্তি

ধৰ্মতো ৰাজনীতি! দিল্লীত দশেৰাত ৰাৱণৰ সৈতে দহন হ’ব ৩০ ফুট ওখ পঁইতাচোৰাৰ প্ৰতিমূৰ্তি

October 17, 2026 10:00 am
এজন ৰুছ সেনা বিষয়াৰ বাবেই মৃত্যুমুখত পৰিল ৩০০ সেনা

এজন ৰুছ সেনা বিষয়াৰ বাবেই মৃত্যুমুখত পৰিল ৩০০ সেনা

October 17, 2026 9:08 am
দুৰ্গাপূজাৰ প্ৰাকক্ষণত বিপাঙত গুৱাহাটীৰ ১০খন পূজা কমিটী, আগধন লৈ প্ৰতিমা নিদিলে মৃৎশিল্পীয়ে

দুৰ্গাপূজাৰ প্ৰাকক্ষণত বিপাঙত গুৱাহাটীৰ ১০খন পূজা কমিটী, আগধন লৈ প্ৰতিমা নিদিলে মৃৎশিল্পীয়ে

October 17, 2026 7:45 am
“আমাৰ কোলাত এটা সৰু ছলমান লাগে!” ষাঠি উদ্ধৰ ভাইজানক বিয়া কৰাই সন্তান জন্ম দিয়াৰ পৰামৰ্শ সঞ্জয় দত্তৰ

“আমাৰ কোলাত এটা সৰু ছলমান লাগে!” ষাঠি উদ্ধৰ ভাইজানক বিয়া কৰাই সন্তান জন্ম দিয়াৰ পৰামৰ্শ সঞ্জয় দত্তৰ

October 17, 2026 6:45 am

Get the latest Assamese news from Assam and NorthEast India. নৰ্থ-ইষ্ট নাও এটা মাল্টি-এপ ভিত্তিক সম্পূৰ্ণভাৱে আঞ্চলিক, দ্বিভাষিক নিউজ প’ৰ্টেল। পেচাদাৰী ব্যক্তিৰ এটা গোটৰ নেতৃত্বত এই ডিজিটেল অসমীয়া বাতৰি প্ৰতিষ্ঠানটোৱে উত্তৰ-পূবৰ আঠখন ৰাজ্য আৰু এইবোৰৰ প্ৰতিৱেশী দেশকেইখনৰ প্ৰতিটো খা-খবৰ সামৰি লোৱাৰ চেষ্টা কৰিব। দুটাকৈ ইংৰাজী এপ আৰু এটা অসমীয়া এপৰ সংস্কৰণ থকা এইটোৱে হ’ল এই ধৰণৰ প্ৰথমটো নিউজ প’ৰ্টেল। আমি ৰাজনৈতিকভাৱে নিৰপেক্ষ আৰু দক্ষিণ-পূব আৰু দক্ষিণ এছিয়াৰ মাজৰ প্ৰকৃত বা-বাতৰিৰ সাঁকোৰ ভূমিকা ল’বলৈ চেষ্টা কৰিম।

Follow Us

Our Properties

  • ⚪ NORTHEAST NOW
  • ⚪ NORTHEAST JOBS
  • ⚪ NORTHEAST TENDERS

Recent News

ধৰ্মতো ৰাজনীতি! দিল্লীত দশেৰাত ৰাৱণৰ সৈতে দহন হ’ব ৩০ ফুট ওখ পঁইতাচোৰাৰ প্ৰতিমূৰ্তি

ধৰ্মতো ৰাজনীতি! দিল্লীত দশেৰাত ৰাৱণৰ সৈতে দহন হ’ব ৩০ ফুট ওখ পঁইতাচোৰাৰ প্ৰতিমূৰ্তি

October 17, 2026 10:00 am
এজন ৰুছ সেনা বিষয়াৰ বাবেই মৃত্যুমুখত পৰিল ৩০০ সেনা

এজন ৰুছ সেনা বিষয়াৰ বাবেই মৃত্যুমুখত পৰিল ৩০০ সেনা

October 17, 2026 9:08 am
  • About
  • Copyright
  • Privacy Policy
  • Authors
  • Grievance Redressal
  • Contact

© 2025 - Maintained by EZEN Software & Technology Pvt. Ltd

No Result
View All Result
  • মুখ্যপৃষ্ঠা
  • নৰ্থ-ইষ্ট
    • অৰুণাচল
    • অসম
    • ছিকিম
    • ত্ৰিপুৰা
    • নাগালেণ্ড
    • মণিপুৰ
    • মিজোৰাম
    • মেঘালয়
  • দেশ
  • আন্ত: ৰাষ্ট্ৰীয়
  • অভিমত
  • ক্ৰীড়া
  • সাময়িকী
    • ৰাজনীতি
    • বাণিজ্য
    • শিক্ষা
  • জীৱনশৈলী
    • দিহা-ভৰসা
  • প্ৰাসংগিক প্ৰশ্ন
  • স্বাস্থ্য
  • অন্যান্য
    • ভাষা-সাহিত্য
    • সংস্কৃতি
    • মনোৰঞ্জন
    • প্ৰযুক্তি
    • বিজ্ঞান-প্ৰযুক্তি

© 2025 - Maintained by EZEN Software & Technology Pvt. Ltd