NORTHEAST NOW (Assamese)

বোকাখাতত ৰাষ্ট্ৰীয় ঘাইপথৰ দাঁতিতে সুলভ মণিপুৰী গাঞ্জা!

September 18, 2018 5:46 pm · উত্তম শইকীয়া
ধৃত মাণিক আহমেদ। ছবি- নৰ্থ ইষ্ট নাও।

বোকাখাত চহৰৰ লতাবাৰীত ৩৭নং ৰাষ্ট্ৰীয় ঘাইপথৰ দাঁতিতে চলি আছে মণিপুৰী গাঞ্জাৰ গুদাম! বোকাখাত আৰক্ষীয়ে মঙলবাৰে আবেলি মাণিক আহমেদ নামৰ এজন লোকৰ দোকান আৰু বাসগৃ্হৰ পৰা ২১.৭কে’জি ভাং জব্দ কৰাৰ লগতে লোকজনকো আটক কৰিবলৈ সক্ষম হৈছে।

মহকুমা আৰক্ষী অধীক্ষক বিতুল চেতিয়াৰ নেতৃত্বত যোৱা দলটোৱে জব্দ কৰা ভাংখিনিৰ ভিতৰত ৮কে’জি মণিপুৰী গাঞ্জা বুলি সদৰী কৰিছে।

‘দীৰ্ঘ দিন ধৰি মাণিক আহমেদে ভাঙৰ ব্যৱসায় চলাই আছিল। তেওঁৰ দোকান আৰু বাসগৃহৰ পৰা ২১.৭ কিলোগ্ৰাম ভাং জব্দ কৰা হৈছে। ইয়াৰ ভিতৰত ৮কে’জি মণিপুৰী ভাং,’ নৰ্থ ইষ্ট নাও-ক জনালে আৰক্ষী বিষয়া চেতিয়াই।

আৰক্ষীয়ে জনোৱা মতে ভাংখিনি নগাঁৱৰ পৰা অনা বুলি আহমেদে স্বীকাৰ কৰিছে। অধিক তথ্যৰ বাবে ধৃত আহমেদক জেৰা আৰম্ভ কৰিছে বোকাখাত আৰক্ষীয়ে৷

বোকাখাতৰ বিভিন্ন স্থানত এনে ভাঙৰ ঘাটিবোৰৰ বিৰুদ্ধে অভিযান আৰম্ভ কৰা হৈছে বুলি জনাইছে মহকুমা আৰক্ষী বিষয়া চেতিয়াই৷

Related News