NORTHEAST NOW (Assamese)

মণিপুৰৰ মহিলাৰ শৰীৰত ক’ৰ’না ভাইৰাছ সংক্ৰমণৰ লক্ষণ

January 30, 2020 8:45 am · এন ই নাও নিউজ
Updated: January 30, 2020 8:47 am
প্ৰতিনিধিত্বমূলক ছবি

মণিপুৰৰ এগৰাকী মহিলাৰ শৰীৰত ক’ৰ’না ভাইৰাছ সংক্ৰমণৰ লক্ষণ ধৰা পৰিছে।

সংবাদ মাধ্যমৰ বাতৰি মতে মহিলাগৰাকীয়ে কিছু দিন পূৰ্বে দক্ষিণ পূব এছিয়াৰ দেশ এখন ভ্ৰমণ কৰি আহিছিল। তেওঁক বৰ্তমান নিজ ঘৰতে ৰাজ্যখনৰ স্বাস্থ্য বিভাগৰ বিষয়াসকলে চোৱাচিতা কৰি আছে।

যোৱা ২০ জানুৰীত ৩০ বছৰীয়া মহিলাগৰাকী বিদেশৰ পৰা ইম্ফললৈ উভতি আহিছিল বুলি বাতৰিটোত প্ৰকাশ।

চিকিৎসকৰ মতে তেওঁৰ শৰীৰত ধৰা পৰা লক্ষণ ক’ৰ’না ভাইৰাছ সংক্ৰমণৰ সৈতে মিলে যদিও এইপৰ্যন্ত ইয়াক নিশ্চিত কৰা হোৱা নাই।

উল্লেখযোগ্য যে, ২৮ জানুৱাৰীত ত্ৰিপুৰাৰ মনিৰ হুছেইন নামৰ এগৰাকী ২৩ বছৰীয়া যুৱকৰ ক’ৰ’না ভাইৰাছৰ সংক্ৰমণৰ ফলত মৃত্যু হৈছে।

মনিৰ হুছেইনে মালেছিয়াৰ এখন ৰেষ্টুৰেণ্টত কাম কৰিছিল আৰু মালেছিয়াতে তেওঁ ক’ৰ’না ভাইৰাছৰ দ্বাৰা সংক্ৰমিত হৈছিল।

বৰ্তমান সময়ত চীনত ক’ৰ’না ভাইৰাছে ভয়াবহ ৰূপ ধাৰণ কৰিছে। এইপৰ্যন্ত প্ৰায় শতাধিক লোক চীনত ক’ৰ’না ভাইৰাছৰ সংক্ৰমণৰ ফলত মৃত্যু বৰণ কৰিছে।

ক’ৰ’না ভাইৰাছৰ সাধাৰণ লক্ষণসমূহ হৈছে জ্বৰ উঠা, কাঁহ, শ্বাস-প্ৰশ্বাসত অসুবিধা ইত্যাদি।

Related News