শিৱসাগৰৰ চেৰেকাপাৰত দুষ্প্ৰাপ্য বনৰৌ উদ্ধাৰ দুই যুৱকৰ
ফটো : নৰ্থ-ইষ্ট নাও
৯ জুন অৰ্থাৎ দেওবাৰে নিশা শিৱসাগৰ চহৰৰ সমীপৰ চেৰেকাপাৰ পেট্ৰ’ল ডিপোৰ সন্মুখত ৰাস্তাত পৰি থকা অৱস্থাত এটা বনৰৌ উদ্ধাৰ কৰে দুজন যুৱকে।
চহৰৰ দৰবাৰ ৰ’ডৰ চৰিফুল হ’ক আৰু ইজাদ খান নামৰ যুৱক দুজনে ৰাতি শিমলুগুৰি ৰেল ষ্টেশ্যনলৈ গৈ থকা অৱস্থাত চেৰেকাপাৰ পেট্ৰ’ল ডিপোৰ সন্মুখত বনৰৌটো ৰাস্তাত পৰি থকা দেখা পায়।
অসুস্থ অৱস্থাত পৰি থকা বনৰৌটো যুৱক দুজনে উদ্ধাৰ কৰি স্থানীয় ৰাইজক অৱগত কৰিব বিচাৰিছিল যদিও নিশা বেছি হোৱাৰ বাবে কোনো লোককে জনাব নোৱাৰাত পুৱাই তেওঁলোকে শিৱসাগৰৰ বন বিভাগক গতাই দিয়ে।
বন বিভাগে আঘাতপ্ৰাপ্ত বনৰৌটোক পশু চিকিৎসালয়ত চিকিৎসা কৰায়। বন বিভাগে জনোৱা মতে সুস্থ হ’লেই বনৰৌটোক কাজিৰঙা ৰাষ্ট্ৰীয় উদ্যানত মুকলি কৰি দিব।