NORTHEAST NOW (Assamese)

দিল্লী এইমছৰ চাফাই কৰ্মী মনিষ কুমাৰ ভাৰতৰ প্ৰথম গৰাকী ক’ৰ’নাৰ ভেকচিন গ্ৰহণ কৰা ব্যক্তি

January 16, 2021 12:46 pm · এন ই নাও নিউজ

আজিৰ পৰা ভাৰতত ক’ৰ’না ভাইৰাছৰ ভেকচিন প্ৰদান অভিযান আনুষ্ঠানিকভাৱে আৰম্ভ হৈছে।

নতুন দিল্লীস্থ এইমছৰ চাফাই কৰ্মী মনিষ কুমাৰক ভাৰতৰ ভিতৰত প্ৰথম ক’ৰ’না ভাইৰাছৰ ভেকচিন প্ৰদান কৰা হয়।

কেন্দ্ৰ স্বাস্থ্য মন্ত্ৰী ড০ হৰ্ষবৰ্দ্ধনৰ উপস্থিতিত মনিষ কুমাৰে ভাৰতৰ প্ৰথমগৰাকী ব্যক্তি হিচাপে ক’ৰ’নাৰ ভেকচিন গ্ৰহণ কৰে।

এইমছৰ সঞ্চালক ড০ ৰনদ্বীপ গুলেৰিয়ায়ো নতুন দিল্লীৰ এইমছত ক’ৰ’নাৰ ভেকচিন গ্ৰহণ কৰে।

আজিৰ দিনটোত দেশত প্ৰায় ৩ লাখ স্বাস্থ্য কৰ্মীয়ে ক’ৰ’নাৰ ভেকচিন গ্ৰহণ কৰিব।

আজি দেশৰ প্ৰধান মন্ত্ৰী নৰেন্দ্ৰ মোদীয়ে আনুষ্ঠানিকভাৱে ভাৰতত ক’ৰ’না ভাইৰাছৰ ভেকচিন প্ৰদান অভিযানৰ আৰম্ভ কৰে।

ভেকচিন প্ৰদান অভিযানৰ শুভাৰম্ভ কৰি প্ৰধান মন্ত্ৰীয়ে ইয়াক বিশ্বৰ সৰ্ববৃহৎ ভেকচিন প্ৰদান অভিযান হিচাপে আখ্যা দি ই ইতিহাস ৰচনা কৰিবলৈ সক্ষম হ’ব বুলি উল্লেখ কৰে।

দেশৰ সুৰক্ষা আৰু জনসাধাৰণৰ জীৱন ৰক্ষাৰ বাবে ভাৰত চৰকাৰ সদায় বদ্ধপৰিকৰ বুলিও প্ৰধান মন্ত্ৰী মোদীয়ে লগতে কয়।

Related News