NORTHEAST NOW (Assamese)

গ্ৰেপ্তাৰক প্ৰত্যাহ্বান জনাই উচ্চতম ন্যায়ালয়ৰ কাষ চাপিল চিছ’দিয়া: শীঘ্ৰেই গ্ৰহণ কৰিব শুনানি

February 28, 2023 5:13 pm · এন ই নাও নিউজ, গুৱাহাটী

সুৰা নীতিৰ গোচৰত গ্ৰেপ্তাৰ হোৱা দিল্লীৰ উপ-মুখ্যমন্ত্ৰী মনীষ চিছ’দিয়াই কেন্দ্ৰীয় তদন্তকাৰী সংস্থা চিবিআই- ৰ তদন্ত আৰু গ্ৰেপ্তাৰক প্ৰত্যাহ্বান জনাই উচ্চতম ন্যায়ালয়ৰ কাষ চাপিছে। কিছু সময় পিছতে শীৰ্ষ আদালতৰ বিচাৰপীঠে বিষয়টোৰ শুনানি গ্ৰহণ কৰিব।

চিবিআই- এ দেওবাৰে চিছ’দিয়াক গ্ৰেপ্তাৰ কৰাৰ পিছত সোমবাৰে আদালতত হাজিৰ কৰাইছিল আৰু তেওঁক ৫ দিনৰ চিবিআই জিম্মালৈ প্ৰেৰণ কৰা হৈছিল। ভাৰতীয় দণ্ডবিধিৰ ১২০ বি, ৪৭৭ এ আৰু দুৰ্নীতি প্ৰতিৰোধ আইনৰ ৭ নং ধাৰাত গ্ৰেপ্তাৰ কৰা হৈছে আপ নেতাগৰাকীক।

চিছ’দিয়াৰ হৈ শীৰ্ষ আদালতৰ দ্বাৰস্থ হোৱা অধিবক্তা অভিষেক সিংভীৰ শুনানি গ্ৰহণ কৰি মুখ্য ন্যায়াধীশ ডি ৱাই চন্দ্ৰচূড়ে চিছ’দিয়াই পোনপটীয়াকৈ উচ্চতম ন্যায়ালয়লৈ অহাৰ পূৰ্বে উচ্চ ন্যায়ালয়লৈ কিয় যোৱা নাছিল বুলি প্ৰশ্ন কৰিছিল।

অধিবক্তা অভিষেক সিংভীয়ে বিনোদ ডুৱা গোচৰৰ উদাহৰণ দি চিছ’দিয়া পোনপটীয়াকৈ উচ্চতম ন্যায়ালয়ৰ কাষ চপা বুলি উল্লেখ কৰে। ইয়াৰ পিছতে মুখ্য ন্যায়াধীশ চন্দ্ৰচুড়ে আজি বিয়লিলৈ বিষয়টোৰ শুনানি গ্ৰহণ কৰা হ’ব বুলি ঘোষণা কৰিছিল।

ইফালে চিছ’দিয়াৰ গ্ৰেপ্তাৰক লৈ তেওঁৰ নিজা দল আম আদমী পাৰ্টিৰ লগতে তৃণমূল কংগ্ৰেছ, সমাজবাদী পাৰ্টিকে ধৰি বিৰোধী দলসমূহে চিবিআই আৰু কেন্দ্ৰীয় চৰকাৰক গৰিহণা দিছে।

আপে চিছ’দিয়াৰ গ্ৰেপ্তাৰৰ বিৰোধিতা কৰি প্ৰধানমন্ত্ৰী নৰেন্দ্ৰ মোদী আৰু বিজেপিয়ে কেজৰিৱাল আৰু চিছ’দিয়াৰ উত্থানক লৈ ভীতিগ্ৰস্ত হৈছে আৰু অহা বৰ্ষত অনুষ্ঠিত হ’বলগীয়া লোকসভা নিৰ্বাচনৰ বাবে আপৰ পৰিকল্পনাক বাধা দিবলৈ চেষ্টা কৰিছে বুলি দাবী কৰে।

আনহাতে বিজেপিয়ে আপৰ এই অভিযোগ অস্বীকাৰ কৰি চিছ’দিয়াই দিল্লীৰ বিদ্যালয়ৰ উন্নতিৰ বাবে উৎকৃষ্ট নীতি গ্ৰহণ কৰা বুলি দাবী কৰি ইয়াৰ আঁৰত কথিত দুৰ্নীতি লুকুৱাব নোৱাৰে বুলি কটাক্ষ কৰে।

Related News