DMCA.com Protection Status
  • About
  • Copyright
  • Privacy Policy
  • Authors
  • Grievance Redressal
  • Contact
English |  
Wednesday, March 29, 2023
NORTHEAST NOW (Assamese)
  • মুখ্যপৃষ্ঠা
  • অসম
  • নৰ্থ-ইষ্ট
    • অৰুণাচল
    • অসম
    • ছিকিম
    • ত্ৰিপুৰা
    • নাগালেণ্ড
    • মণিপুৰ
    • মিজোৰাম
    • মেঘালয়
  • প্ৰতিৱেশী
  • অভিমত
  • ক্ৰীড়া
  • বাণিজ্য
  • সংস্কৃতি
  • ভাষা-সাহিত্য
  • যুৱ-কণ্ঠ
  • শিক্ষা
  • জীৱনশৈলী
    • দিহা-ভৰসা
  • প্ৰযুক্তি
  • মনোৰঞ্জন
  • প্ৰাসংগিক প্ৰশ্ন
No Result
View All Result
  • মুখ্যপৃষ্ঠা
  • অসম
  • নৰ্থ-ইষ্ট
    • অৰুণাচল
    • অসম
    • ছিকিম
    • ত্ৰিপুৰা
    • নাগালেণ্ড
    • মণিপুৰ
    • মিজোৰাম
    • মেঘালয়
  • প্ৰতিৱেশী
  • অভিমত
  • ক্ৰীড়া
  • বাণিজ্য
  • সংস্কৃতি
  • ভাষা-সাহিত্য
  • যুৱ-কণ্ঠ
  • শিক্ষা
  • জীৱনশৈলী
    • দিহা-ভৰসা
  • প্ৰযুক্তি
  • মনোৰঞ্জন
  • প্ৰাসংগিক প্ৰশ্ন
No Result
View All Result
NORTHEAST NOW (Assamese)
English
Home দেশ

গ্ৰেপ্তাৰক প্ৰত্যাহ্বান জনাই উচ্চতম ন্যায়ালয়ৰ কাষ চাপিল চিছ’দিয়া: শীঘ্ৰেই গ্ৰহণ কৰিব শুনানি

এন ই নাও নিউজ, গুৱাহাটী by এন ই নাও নিউজ, গুৱাহাটী
February 28, 2023 5:13 pm
Manish Sisodia
109
VIEWS
Share on FacebookShare on Twitter

সুৰা নীতিৰ গোচৰত গ্ৰেপ্তাৰ হোৱা দিল্লীৰ উপ-মুখ্যমন্ত্ৰী মনীষ চিছ’দিয়াই কেন্দ্ৰীয় তদন্তকাৰী সংস্থা চিবিআই- ৰ তদন্ত আৰু গ্ৰেপ্তাৰক প্ৰত্যাহ্বান জনাই উচ্চতম ন্যায়ালয়ৰ কাষ চাপিছে। কিছু সময় পিছতে শীৰ্ষ আদালতৰ বিচাৰপীঠে বিষয়টোৰ শুনানি গ্ৰহণ কৰিব।

চিবিআই- এ দেওবাৰে চিছ’দিয়াক গ্ৰেপ্তাৰ কৰাৰ পিছত সোমবাৰে আদালতত হাজিৰ কৰাইছিল আৰু তেওঁক ৫ দিনৰ চিবিআই জিম্মালৈ প্ৰেৰণ কৰা হৈছিল। ভাৰতীয় দণ্ডবিধিৰ ১২০ বি, ৪৭৭ এ আৰু দুৰ্নীতি প্ৰতিৰোধ আইনৰ ৭ নং ধাৰাত গ্ৰেপ্তাৰ কৰা হৈছে আপ নেতাগৰাকীক।

চিছ’দিয়াৰ হৈ শীৰ্ষ আদালতৰ দ্বাৰস্থ হোৱা অধিবক্তা অভিষেক সিংভীৰ শুনানি গ্ৰহণ কৰি মুখ্য ন্যায়াধীশ ডি ৱাই চন্দ্ৰচূড়ে চিছ’দিয়াই পোনপটীয়াকৈ উচ্চতম ন্যায়ালয়লৈ অহাৰ পূৰ্বে উচ্চ ন্যায়ালয়লৈ কিয় যোৱা নাছিল বুলি প্ৰশ্ন কৰিছিল।

অধিবক্তা অভিষেক সিংভীয়ে বিনোদ ডুৱা গোচৰৰ উদাহৰণ দি চিছ’দিয়া পোনপটীয়াকৈ উচ্চতম ন্যায়ালয়ৰ কাষ চপা বুলি উল্লেখ কৰে। ইয়াৰ পিছতে মুখ্য ন্যায়াধীশ চন্দ্ৰচুড়ে আজি বিয়লিলৈ বিষয়টোৰ শুনানি গ্ৰহণ কৰা হ’ব বুলি ঘোষণা কৰিছিল।

ইফালে চিছ’দিয়াৰ গ্ৰেপ্তাৰক লৈ তেওঁৰ নিজা দল আম আদমী পাৰ্টিৰ লগতে তৃণমূল কংগ্ৰেছ, সমাজবাদী পাৰ্টিকে ধৰি বিৰোধী দলসমূহে চিবিআই আৰু কেন্দ্ৰীয় চৰকাৰক গৰিহণা দিছে।

আপে চিছ’দিয়াৰ গ্ৰেপ্তাৰৰ বিৰোধিতা কৰি প্ৰধানমন্ত্ৰী নৰেন্দ্ৰ মোদী আৰু বিজেপিয়ে কেজৰিৱাল আৰু চিছ’দিয়াৰ উত্থানক লৈ ভীতিগ্ৰস্ত হৈছে আৰু অহা বৰ্ষত অনুষ্ঠিত হ’বলগীয়া লোকসভা নিৰ্বাচনৰ বাবে আপৰ পৰিকল্পনাক বাধা দিবলৈ চেষ্টা কৰিছে বুলি দাবী কৰে।

আনহাতে বিজেপিয়ে আপৰ এই অভিযোগ অস্বীকাৰ কৰি চিছ’দিয়াই দিল্লীৰ বিদ্যালয়ৰ উন্নতিৰ বাবে উৎকৃষ্ট নীতি গ্ৰহণ কৰা বুলি দাবী কৰি ইয়াৰ আঁৰত কথিত দুৰ্নীতি লুকুৱাব নোৱাৰে বুলি কটাক্ষ কৰে।

Recent News

ডোকলাম সন্দৰ্ভত ভূটানৰ মন্তব্যত উদ্বিগ্নতা বৃদ্ধি  ভাৰতৰ! কি কৈছিল প্ৰধানমন্ত্ৰী লোটে শ্বেৰিঙে?

ডোকলাম সন্দৰ্ভত ভূটানৰ মন্তব্যত উদ্বিগ্নতা বৃদ্ধি ভাৰতৰ! কি কৈছিল প্ৰধানমন্ত্ৰী লোটে শ্বেৰিঙে?

ঘোষণা হ’ল কৰ্ণাটক বিধান সভাৰ নিৰ্বাচনৰ তাৰিখ

ঘোষণা হ’ল কৰ্ণাটক বিধান সভাৰ নিৰ্বাচনৰ তাৰিখ

ধিক হিমন্তৰ স্বাস্থ্যখণ্ড ! চিকিৎসক নাই, অক্সিজেনৰ অভাৱত প্ৰাণ এৰিলে ১৮ মহীয়া শিশুৱে

ধিক হিমন্তৰ স্বাস্থ্যখণ্ড ! চিকিৎসক নাই, অক্সিজেনৰ অভাৱত প্ৰাণ এৰিলে ১৮ মহীয়া শিশুৱে

নিৰ্বাচনৰ আগে আগে আহি আছে নেকি কভিড?

নিৰ্বাচনৰ আগে আগে আহি আছে নেকি কভিড?

Get the latest Assamese news from Assam and NorthEast India. নৰ্থ-ইষ্ট নাও এটা মাল্টি-এপ ভিত্তিক সম্পূৰ্ণভাৱে আঞ্চলিক, দ্বিভাষিক নিউজ প’ৰ্টেল। পেচাদাৰী ব্যক্তিৰ এটা গোটৰ নেতৃত্বত এই ডিজিটেল অসমীয়া বাতৰি প্ৰতিষ্ঠানটোৱে উত্তৰ-পূবৰ আঠখন ৰাজ্য আৰু এইবোৰৰ প্ৰতিৱেশী দেশকেইখনৰ প্ৰতিটো খা-খবৰ সামৰি লোৱাৰ চেষ্টা কৰিব। দুটাকৈ ইংৰাজী এপ আৰু এটা অসমীয়া এপৰ সংস্কৰণ থকা এইটোৱে হ’ল এই ধৰণৰ প্ৰথমটো নিউজ প’ৰ্টেল। আমি ৰাজনৈতিকভাৱে নিৰপেক্ষ আৰু দক্ষিণ-পূব আৰু দক্ষিণ এছিয়াৰ মাজৰ প্ৰকৃত বা-বাতৰিৰ সাঁকোৰ ভূমিকা ল’বলৈ চেষ্টা কৰিম।

 
Our Properties
 
  • ⚪ NORTHEAST NOW
  • ⚪ NORTHEAST JOBS
  • ⚪ NORTHEAST TENDERS
  • ⚪ INNFINITY
  • About
  • Copyright
  • Privacy Policy
  • Authors
  • Grievance Redressal
  • Contact

© 2018 - Maintained by EZEN Software & Technology Pvt. Ltd

No Result
View All Result
  • মুখ্যপৃষ্ঠা
  • অসম
  • নৰ্থ-ইষ্ট
    • অৰুণাচল
    • অসম
    • ছিকিম
    • ত্ৰিপুৰা
    • নাগালেণ্ড
    • মণিপুৰ
    • মিজোৰাম
    • মেঘালয়
  • প্ৰতিৱেশী
  • অভিমত
  • ক্ৰীড়া
  • বাণিজ্য
  • সংস্কৃতি
  • ভাষা-সাহিত্য
  • যুৱ-কণ্ঠ
  • শিক্ষা
  • জীৱনশৈলী
    • দিহা-ভৰসা
  • প্ৰযুক্তি
  • মনোৰঞ্জন
  • প্ৰাসংগিক প্ৰশ্ন

© 2018 - Maintained by EZEN Software & Technology Pvt. Ltd