যুদ্ধ বিধ্বস্ত ইউক্ৰেইনৰ পৰা আহি নিজ গৃহত উপস্থিত বঙাইগাঁৱৰ ছাত্ৰ মঞ্জুৰ

কেনে আছে সুৰংগনা দত্ত,আব্দুল বাতেন — তথ্য নাই চৰকাৰৰ হাতত, সীমান্ত অতিক্ৰম কৰোতে সময় লাগিছিল ১৭ ঘণ্টা, বিশ্ববিদ্যালয় কৰ্তৃপক্ষই দিছে পিঠি

ইউক্ৰেইনত যুদ্ধৰ বাবে আৱদ্ধ হৈ পৰা অসমৰ বঙাইগাঁও জিলাৰ এজন ছাত্ৰ যোৱা নিশা আহি নিজ গৃহত উপস্থিত হৈছে ৷ ইউক্ৰেইনৰ পৰা আহি নিজ গৃহত উপস্থিত হোৱা ছাত্ৰজন হ’ল মঞ্জুৰ আলম ৷ বঙাইগাঁও জিলাৰ মাণিকপুৰৰ নিকটৱৰ্তী ৫ নং ভাণ্ডাৰা গাঁৱৰ চুলতান আলীৰ পুত্ৰ মঞ্জুৰ আলমেও ইউক্ৰেইনলৈ চিকিৎসা বিজ্ঞান পঢ়িবলৈ গৈছিল ৷

উল্লেখ্য যে ৰাছিয়া আৰু ইউক্ৰেইনৰ মাজত আৰম্ভ হোৱা যুদ্ধৰ বিভীষিকাময় পৰিস্থিতিত এতিয়া ইউক্ৰেইনত আবদ্ধ হৈ পৰিছে বহু প্ৰবাসী লোক। এইসকল লোকৰ ভিতৰত ভাৰতৰ বিভিন্ন ৰাজ্যৰ লগতে অসমৰো লোক আছ ৷ আছে বঙাইগাঁও জিলাৰো বহু জন৷ ইয়াৰে অধিকাংশই হ’ল ইউক্ৰেইনত অধ্যয়ন কৰিবলৈ যোৱা ছাত্ৰ – ছাত্ৰী ৷ হঠাতে আৰম্ভ হোৱা যুদ্ধকলৈ এতিয়া দিশহাৰা হৈ পৰিছে প্ৰৱাসী লোকসকল ৷

ইতিমধ্যে ভাৰত চৰকাৰে ইউক্ৰেইনত আৱদ্ধ হৈ পৰা ভাৰতীয় লোকসকলক নিজ দেশলৈ উদ্ধাৰ কৰি অনাৰ বাবে যৎপৰোনাস্তি প্ৰচেষ্টা চলাই উদ্ধাৰ অভিযান তীব্ৰতৰ কৰি তুলিছে ৷ ইপিনে বঙাইগাঁও জিলাৰ ভাণ্ডাৰাৰ মঞ্জুৰ আলম নিশা দিল্লীৰ পৰা বিমানেৰে আহি গুৱাহাটীত উপস্থিত হয় আৰু তাৰ পিচত নিজ গৃহলৈ আহে ৷ মঞ্জুৰ আলমে সংবাদ মাধ্যমৰ আগত প্ৰকাশ কৰা মতে ইউক্ৰেইনৰ সীমান্তৰ পৰিৱেশ ক্ৰমাৎ বেয়াৰ ফালে গতি কৰিছে ৷ সীমান্ত অতিক্ৰম কৰাত বহু সমস্যাৰ সন্মুখীন হ’বলগীয়া হৈছে ৷

এতিয়াও তেওঁৰ ভালেকেইজন বন্ধু সীমান্ততে আৱদ্ধ হৈ আছে ৷ সেয়ে সীমান্তত যদি ভাৰত চৰকাৰৰ দূতাবাসৰ লোক থাকে, তেতিয়াহলে সুবিধা হ’ব ৷ কাৰণ সীমান্তত কোনো পৰিৱেশ নাই ৷ সকলো একেলগে আছে বাবে সীমান্ত পাৰ হোৱাৰ ক্ষেত্ৰত সমস্যাৰ সন্মুখীন হৈছে ছাত্ৰসকল ৷ মঞ্জুৰ আলমে জানিবলৈ দিয়া মতে তেওঁ অহালৈকে দুহেজাৰমান ছাত্ৰ – ছাত্ৰী ইউক্ৰেইনৰ পৰা আহিছে যদিও মুঠ দেশখনত ১৭ হেজাৰমান শিক্ষাৰ্থী আছে ৷ মঙলবাৰে অসমৰ সাতজন শিক্ষাৰ্থী আহিছিল আৰু বিমানত মুঠ ১৯০ গৰাকী শিক্ষাৰ্থী আছিল ৷

ইয়াৰ পূৰ্বে অহা বিমানখনত ২০০ জন শিক্ষাৰ্থী ভাৰতলৈ অহা বুলি কয় ৷ ছাত্ৰজনে চৰকাৰক তেওঁক স্বদেশলৈ অনাৰ বাবে ধন্যবাদ জনাই কয় যে দিল্লী আৰু গুৱাহাটী বিমান বন্দৰলৈ আমাক অনাৰ বাবে যিমান সহায় লাগে তাতোকৈ বেছি সহায়ৰ প্ৰয়োজন হৈ পৰিছে সীমান্তৰ ভিতৰত আৱদ্ধ হৈ থকা শিক্ষাৰ্থীসকলকহে ৷ কাৰণ শিক্ষাৰ্থীসকলে অধ্যয়ন কৰা বিশ্ববিদ্যালয় চৌহদৰ পৰা সীমান্তলৈ অহা আৰু সীমান্ত অতিক্ৰম কৰাৰ ক্ষেত্ৰত বহু সমস্যাৰ সন্মুখীন হ’বলগীয়া হৈছে ৷ এইক্ষেত্ৰত শিক্ষাৰ্থীসকলক নিজ নিজ বিশ্ববিদ্যালয়ৰ তৰফৰ পৰা কোনো সহায় নকৰা বুলিও কয় ৷

সীমান্তলৈকে শিক্ষাৰ্থীসকলৰ বাবে বাছৰ ব্যৱস্থা কৰিব বুলি বিশ্ববিদ্যালয় কৰ্তৃপক্ষই জনাইছিল যদিও অৱশেষত কোনো ধৰণৰ ব্যৱস্থা নকৰাত নিজাববীয়াকৈ বাছৰ ব্যৱস্থা কৰি আঠ ঘণ্টা যাত্ৰা কৰাৰ পিচত বাছে সীমান্তৰ পৰা পাঁচ কিলোমিটাৰ দূৰৈত নমাই দিছিল ৷ ইয়াৰ পিচত তেওঁলোকে খোজকাঢ়ি সীমান্তত উপস্থিত হৈছিল ৷

সীমান্ত পাৰ হ’বলৈ ১৭ ঘণ্টা সময় লাগিছিল বুলিও তেওঁ কয় ৷ সীমান্ত পাৰ হোৱাৰ পিচত বাছেৰে বিমান বন্দৰলৈ পঠিয়াই দিছিল আৰু বিমান বন্দৰৰ পৰা ভাৰতৰ দূতাবাসৰ লোকে দিল্লীলৈ পঠিয়াইছিল ৷ ইউক্ৰেইনত থকাৰ সময়ত দুদিন হোষ্টেলৰ বাংকাৰত কটাবলগীয়া হৈছিল বুলিও কয় ছাত্ৰজনে ৷ ইপিনে নিজ গৃহত উপস্থিত হোৱা মঞ্জুৰ আলমৰ খবৰ ল’বলৈ তেওঁৰ ঘৰত উপস্থিত হয় বঙাইগাঁও জিলাৰ অতিৰিক্ত উপায়ুক্ত নৱজ্যোতি ওজা আৰু মাণিকপুৰ ৰাজহ চক্ৰৰ চক্ৰ বিষয়া ৰিতামণি দাস ৷ তেওঁলোকে ছাত্ৰজনৰ গৃহত উপস্থিত হৈ ছাত্ৰজনে সন্মুখীন হোৱা পৰিস্থিতি আদিৰ বিষয়ে বুজ লয় ৷

ইয়াৰ বিপৰীতে কিন্তু বঙাইগাঁও চহৰৰ পাগলাস্থানৰ বীৰেন্দ্ৰ প্ৰসাদ গুপ্তাৰ পুত্ৰ স্বস্তিক ৰাজ বৰ্তমানেও নিজ গৃহত আহি উপস্থিত হ’ব পৰা নাই ৷ চিকিৎসা বিজ্ঞানৰ এমবিবিএছ পাঠ্যক্ৰম অধ্যয়নৰ বাবে ইউক্ৰেইনলৈ গৈছিল স্বস্তিক ৰাজ ৷ ইউক্ৰেইনৰ কিয়েভ মেডিকেল কলেজত ৩ বছৰ ধৰি অধ্যয়ন কৰি আছে ছাত্ৰজনে ৷

সম্প্ৰতি যুদ্ধৰত ৰাষ্ট্ৰখনৰ পৰা স্বস্তিকে অদ্যাপি স্বদেশ(ভাৰত)লৈ উভতিব পৰা নাই ৷ স্বস্তিকৰ পিতৃ বীৰেন্দ্ৰ প্ৰসাদ গুপ্তাই জনোৱা মতে যুদ্ধৰত ৰাষ্ট্ৰ ইউক্ৰেইনৰ পৰা স্বস্তিকে বৰ্তমান হাংগেৰি লৈ গৈছে । বৰ্তমান হাংগেৰিস্থিত ভাৰতীয় দূতাবাসৰ সৈতে আছে স্বস্তিক ৷

বুধবাৰে পুৱা পিতৃৰ লগত কথা পাতিছে পুত্ৰ স্বস্তিকে ৷ জিলাৰ অতিৰিক্ত উপায়ুক্ত নৱজ্যোতি ওজাই সংবাদ মাধ্যমক জানিবলৈ দিয়া মতে বঙাইগাঁও জিলাৰ অভয়াপুৰী ৩ নম্বৰ ৱাৰ্ডৰ সুৰংগনা দত্ত আৰু মাজেৰআলগাৰ আব্দুল বাতেন নামৰ দুগৰাকী শিক্ষাৰ্থীও ইউক্ৰেইনত আছে ৷ তেওঁলোকৰ বিতং তথ্য এতিয়াও লাভ কৰা নাই ৷

উল্লেখ্য যে জানিব পৰা মতে বঙাইগাঁও জিলাৰ মাণিকপুৰৰ সমীপৰ ১ নং বাশবাৰী গাঁৱৰ আব্দুল ৱাহেবৰ পুত্ৰ ৰুবুল হাচানওে উচ্চশিক্ষা গ্ৰহণৰ উদ্দেশ্যে ইউক্ৰেইনলৈ গৈছিল যদিও ইতিমধ্যে সুকলমে নিজ গৃহত আহি উপস্থিত হৈছে।