দিল্লীৰ ৰাজঘাটৰ সমীপৰ ৰাষ্ট্ৰীয় স্মৃতি স্থলত ভাৰতৰ প্ৰাক্তন প্ৰধানমন্ত্ৰী ড০ মনমোহন সিঙৰ স্মৃতিসৌধ নিৰ্মাণ কৰা হ’ব। ৯০০ বৰ্গমিটাৰ এলেকাত নিৰ্মাণ কৰা হ’ব এই স্মৃতিসৌধ। মনমোহন সিঙৰ পৰিয়ালে এই স্মৃতিসৌধ স্থাপন কৰিবলৈ কেন্দ্ৰীয় চৰকাৰক লিখিত অনুমতি প্ৰদান কৰিছে।
যোৱা বছৰৰ ডিচেম্বৰ মাহত মনমোহন সিঙৰ মৃত্যু হৈছিল। যোৱা বছৰৰ ২৮ ডিচেম্বৰত যমুনা নদীৰ পাৰৰ নিগমবোধ ঘাটত তেওঁৰ শেষকৃত্য সম্পন্ন কৰা হৈছিল। ইয়াৰ পিছতে কংগ্ৰেছ দলে কেন্দ্ৰীয় গৃহ মন্ত্ৰালয়ত প্ৰাক্তন প্ৰধানমন্ত্ৰীৰ স্মৃতিসৌধ নিৰ্মাণৰ বাবে ভূমিৰ বাবে আবেদন জনায়। কিন্তু মনমোহন সিঙৰ স্মৃতিসৌধ ক’ত স্থাপন কৰা হ’ব সেই লৈ এক জটিলতাৰ সৃষ্টি হয়।
জানিব পৰা মতে, যোৱা সপ্তাহত মনমোহন সিঙৰ পৰিয়ালৰ লোকে ৰাষ্ট্ৰীয় স্মৃতি স্থল পৰিদৰ্শন কৰিছিল। প্ৰয়াত প্ৰাক্তন মন্ত্ৰীগৰাকীৰ কন্যা উপিন্দৰ সিং আৰু দমন সিং আৰু তেওঁলোকৰ স্বামীয়ে এই স্থান পৰিদৰ্শন কৰে। ইয়াৰ পিছত মনমোহন সিঙৰ পত্নী গুৰচৰণ কৌৰে কেন্দ্ৰীয় চৰকাৰলৈ এখন চিঠি লিখি তাতেই স্মৃতিসৌধ নিৰ্মাণৰ অনুমতি দিয়ে।
সূত্ৰ অনুসৰি ৰাষ্ট্ৰীয় স্মৃতি স্থলত স্মৃতিসৌধৰ বাবে দুটা খালী প্লট আছে। চলিত বৰ্ষৰ জানুৱাৰী মাহত প্ৰয়াত ৰাষ্ট্ৰপতি প্ৰণৱ মুখাৰ্জীৰ এনে এটুকুৰা ভূমিত এটা স্মৃতিসৌধ নিৰ্মাণ কৰাৰ কথা পৰিয়ালক কোৱা হৈছিল। আনহাতে, ৰাষ্ট্ৰীয় স্মৃতি স্থলৰ মাজত প্ৰায় ৯০০ বৰ্গমিটাৰ এলেকাত মনমোহন সিঙৰ বাবে স্মৃতিসৌধ নিৰ্মাণৰ কথা পৰিয়ালক অৱগত কৰা হয়।
উপিন্দৰ সিঙে সংবাদ মাধ্যমৰ আগত কয় যে তেওঁলোকৰ পৰিয়ালৰ হৈ কেন্দ্ৰলৈ এখন পত্ৰ প্ৰেৰণ কৰা হৈছে, য’ত সেই স্থানত এটা স্মৃতিসৌধ স্থাপনৰ অনুমতি দিয়া হৈছে। তেওঁ কয় যে মাটিখিনি এটা ট্ৰাষ্টক দিয়া হ’ব। ইয়াৰ পিছত তেওঁলোকে স্মৃতিসৌধ নিৰ্মাণৰ বাবে ২৫ লাখ টকাৰ এককালীন অনুদানৰ বাবে আবেদন কৰিব।
উল্লেখ্য যে ৰাষ্ট্ৰীয় স্মৃতি স্থলত ৯টা স্মৃতিসৌধ স্থাপনৰ স্থান আছে। সেই স্মৃতিসৌধবোৰ দেখাত প্ৰায় একেধৰণৰ। মনমোহন সিঙৰ স্মৃতিসৌধ নিৰ্মাণ হ’বলগীয়া স্থানৰ সন্মুখত আছে প্ৰয়াত প্ৰধানমন্ত্ৰী চন্দ্ৰশেখৰৰ সমাধিস্থল। তেওঁৰ পিছফালে আছে প্ৰাক্তন ৰাষ্ট্ৰপতি আৰ ভেংকটাৰমণ, প্ৰাক্তন ৰাষ্ট্ৰপতি গিয়ানী জাইল সিং আৰু প্ৰণৱ মুখাৰ্জীৰ সমাধি।
২০১৩ চনত মনমোহন সিং প্ৰধানমন্ত্ৰী হৈ থকাৰ সময়ত ৰাজঘাটৰ সমীপৰ এটা স্থানক উমৈহতীয়া সমাধিস্থললৈ কৰাৰ বাবে অনুমোদন দিয়া হৈছিল। এতিয়া তাত একমাত্ৰ খালী হৈ থকা ঠাইখিনিতে স্থাপন কৰা হ’ব মনমোহন সিঙৰ স্মৃতিসৌধ।