• About
  • Copyright
  • Privacy Policy
  • Authors
  • Grievance Redressal
  • Contact
Sunday, September 27, 2026
NORTHEAST NOW (Assamese)
  • মুখ্যপৃষ্ঠা
  • নৰ্থ-ইষ্ট
    • অৰুণাচল
    • অসম
    • ছিকিম
    • ত্ৰিপুৰা
    • নাগালেণ্ড
    • মণিপুৰ
    • মিজোৰাম
    • মেঘালয়
  • দেশ
  • আন্ত: ৰাষ্ট্ৰীয়
  • অভিমত
  • ক্ৰীড়া
  • সাময়িকী
    • ৰাজনীতি
    • বাণিজ্য
    • শিক্ষা
  • জীৱনশৈলী
    • দিহা-ভৰসা
  • প্ৰাসংগিক প্ৰশ্ন
  • স্বাস্থ্য
  • অন্যান্য
    • ভাষা-সাহিত্য
    • সংস্কৃতি
    • মনোৰঞ্জন
    • প্ৰযুক্তি
    • বিজ্ঞান-প্ৰযুক্তি
No Result
View All Result
  • মুখ্যপৃষ্ঠা
  • নৰ্থ-ইষ্ট
    • অৰুণাচল
    • অসম
    • ছিকিম
    • ত্ৰিপুৰা
    • নাগালেণ্ড
    • মণিপুৰ
    • মিজোৰাম
    • মেঘালয়
  • দেশ
  • আন্ত: ৰাষ্ট্ৰীয়
  • অভিমত
  • ক্ৰীড়া
  • সাময়িকী
    • ৰাজনীতি
    • বাণিজ্য
    • শিক্ষা
  • জীৱনশৈলী
    • দিহা-ভৰসা
  • প্ৰাসংগিক প্ৰশ্ন
  • স্বাস্থ্য
  • অন্যান্য
    • ভাষা-সাহিত্য
    • সংস্কৃতি
    • মনোৰঞ্জন
    • প্ৰযুক্তি
    • বিজ্ঞান-প্ৰযুক্তি
No Result
View All Result
NORTHEAST NOW (Assamese)
No Result
View All Result
Home উত্তৰ-পূব অসম

ৰাষ্ট্ৰীয় স্মৃতি স্থলতে স্থাপন হ’ব মনমোহন সিঙৰ স্মৃতিসৌধ; অনুমতি দিলে পৰিয়ালে

এন ই নাও নিউজ, নতুন দিল্লী by এন ই নাও নিউজ, নতুন দিল্লী
March 7, 2025 10:33 am
1
VIEWS
Share on FacebookShare on WhatsAppShare on Twitter

দিল্লীৰ ৰাজঘাটৰ সমীপৰ ৰাষ্ট্ৰীয় স্মৃতি স্থলত ভাৰতৰ প্ৰাক্তন প্ৰধানমন্ত্ৰী ড০ মনমোহন সিঙৰ স্মৃতিসৌধ নিৰ্মাণ কৰা হ’ব। ৯০০ বৰ্গমিটাৰ এলেকাত নিৰ্মাণ কৰা হ’ব এই স্মৃতিসৌধ। মনমোহন সিঙৰ পৰিয়ালে এই স্মৃতিসৌধ স্থাপন কৰিবলৈ কেন্দ্ৰীয় চৰকাৰক লিখিত অনুমতি প্ৰদান কৰিছে।

যোৱা বছৰৰ ডিচেম্বৰ মাহত মনমোহন সিঙৰ মৃত্যু হৈছিল। যোৱা বছৰৰ ২৮ ডিচেম্বৰত যমুনা নদীৰ পাৰৰ নিগমবোধ ঘাটত তেওঁৰ শেষকৃত্য সম্পন্ন কৰা হৈছিল। ইয়াৰ পিছতে কংগ্ৰেছ দলে কেন্দ্ৰীয় গৃহ মন্ত্ৰালয়ত প্ৰাক্তন প্ৰধানমন্ত্ৰীৰ স্মৃতিসৌধ নিৰ্মাণৰ বাবে ভূমিৰ বাবে আবেদন জনায়। কিন্তু মনমোহন সিঙৰ স্মৃতিসৌধ ক’ত স্থাপন কৰা হ’ব সেই লৈ এক জটিলতাৰ সৃষ্টি হয়।

Apply Now

জানিব পৰা মতে, যোৱা সপ্তাহত মনমোহন সিঙৰ পৰিয়ালৰ লোকে ৰাষ্ট্ৰীয় স্মৃতি স্থল পৰিদৰ্শন কৰিছিল। প্ৰয়াত প্ৰাক্তন মন্ত্ৰীগৰাকীৰ কন্যা উপিন্দৰ সিং আৰু দমন সিং আৰু তেওঁলোকৰ স্বামীয়ে এই স্থান পৰিদৰ্শন কৰে। ইয়াৰ পিছত মনমোহন সিঙৰ পত্নী গুৰচৰণ কৌৰে কেন্দ্ৰীয় চৰকাৰলৈ এখন চিঠি লিখি তাতেই স্মৃতিসৌধ নিৰ্মাণৰ অনুমতি দিয়ে।

সূত্ৰ অনুসৰি ৰাষ্ট্ৰীয় স্মৃতি স্থলত স্মৃতিসৌধৰ বাবে দুটা খালী প্লট আছে। চলিত বৰ্ষৰ জানুৱাৰী মাহত প্ৰয়াত ৰাষ্ট্ৰপতি প্ৰণৱ মুখাৰ্জীৰ এনে এটুকুৰা ভূমিত এটা স্মৃতিসৌধ নিৰ্মাণ কৰাৰ কথা পৰিয়ালক কোৱা হৈছিল। আনহাতে, ৰাষ্ট্ৰীয় স্মৃতি স্থলৰ মাজত প্ৰায় ৯০০ বৰ্গমিটাৰ এলেকাত মনমোহন সিঙৰ বাবে স্মৃতিসৌধ নিৰ্মাণৰ কথা পৰিয়ালক অৱগত কৰা হয়।

উপিন্দৰ সিঙে সংবাদ মাধ্যমৰ আগত কয় যে তেওঁলোকৰ পৰিয়ালৰ হৈ কেন্দ্ৰলৈ এখন পত্ৰ প্ৰেৰণ কৰা হৈছে, য’ত সেই স্থানত এটা স্মৃতিসৌধ স্থাপনৰ অনুমতি দিয়া হৈছে। তেওঁ কয় যে মাটিখিনি এটা ট্ৰাষ্টক দিয়া হ’ব। ইয়াৰ পিছত তেওঁলোকে স্মৃতিসৌধ নিৰ্মাণৰ বাবে ২৫ লাখ টকাৰ এককালীন অনুদানৰ বাবে আবেদন কৰিব।

উল্লেখ্য যে ৰাষ্ট্ৰীয় স্মৃতি স্থলত ৯টা স্মৃতিসৌধ স্থাপনৰ স্থান আছে। সেই স্মৃতিসৌধবোৰ দেখাত প্ৰায় একেধৰণৰ। মনমোহন সিঙৰ স্মৃতিসৌধ নিৰ্মাণ হ’বলগীয়া স্থানৰ সন্মুখত আছে প্ৰয়াত প্ৰধানমন্ত্ৰী চন্দ্ৰশেখৰৰ সমাধিস্থল। তেওঁৰ পিছফালে আছে প্ৰাক্তন ৰাষ্ট্ৰপতি আৰ ভেংকটাৰমণ, প্ৰাক্তন ৰাষ্ট্ৰপতি গিয়ানী জাইল সিং আৰু প্ৰণৱ মুখাৰ্জীৰ সমাধি।

২০১৩ চনত মনমোহন সিং প্ৰধানমন্ত্ৰী হৈ থকাৰ সময়ত ৰাজঘাটৰ সমীপৰ এটা স্থানক উমৈহতীয়া সমাধিস্থললৈ কৰাৰ বাবে অনুমোদন দিয়া হৈছিল। এতিয়া তাত একমাত্ৰ খালী হৈ থকা ঠাইখিনিতে স্থাপন কৰা হ’ব মনমোহন সিঙৰ স্মৃতিসৌধ।

এন ই নাও নিউজ, নতুন দিল্লী

এন ই নাও নিউজ, নতুন দিল্লী

নৰ্থ-ইষ্ট নাও এটা মাল্টি-এপ ভিত্তিক সম্পূৰ্ণভাৱে আঞ্চলিক, দ্বিভাষিক নিউজ প’ৰ্টেল। পেচাদাৰী ব্যক্তিৰ এটা গোটৰ নেতৃত্বত এই ডিজিটেল অসমীয়া বাতৰি প্ৰতিষ্ঠানটোৱে উত্তৰ-পূবৰ আঠখন ৰাজ্য আৰু এইবোৰৰ প্ৰতিৱেশী দেশকেইখনৰ প্ৰতিটো খা-খবৰ সামৰি লোৱাৰ চেষ্টা কৰিব। দুটাকৈ ইংৰাজী এপ আৰু এটা অসমীয়া এপৰ সংস্কৰণ থকা এইটোৱে হ’ল এই ধৰণৰ প্ৰথমটো নিউজ প’ৰ্টেল। আমি ৰাজনৈতিকভাৱে নিৰপেক্ষ আৰু দক্ষিণ-পূব আৰু দক্ষিণ এছিয়াৰ মাজৰ প্ৰকৃত বা-বাতৰিৰ সাঁকোৰ ভূমিকা ল’বলৈ চেষ্টা কৰিম।

Stay Connected

  • 117k Fans

Recent News

‘বিজেপিৰ প্ৰাৰ্থী হওক, মন্ত্ৰিত্ব পাব,’ কাক প্ৰস্তাৱ দিছিল জ্ঞানেশ কুমাৰে? বিতৰ্কৰ মাজতে চাঞ্চল্যকৰ খবৰ!

‘বিজেপিৰ প্ৰাৰ্থী হওক, মন্ত্ৰিত্ব পাব,’ কাক প্ৰস্তাৱ দিছিল জ্ঞানেশ কুমাৰে? বিতৰ্কৰ মাজতে চাঞ্চল্যকৰ খবৰ!

September 27, 2026 8:52 am
মতানৈক্য নাই! বুজাবলৈ এলানি ব্যাখ্যা আয়োগৰ; বিৰোধীৰ হেঁচাত নতুন পদক্ষেপো

মতানৈক্য নাই! বুজাবলৈ এলানি ব্যাখ্যা আয়োগৰ; বিৰোধীৰ হেঁচাত নতুন পদক্ষেপো

September 27, 2026 8:19 am
নামচাং চাহ বাগিচাত বন্যহস্তীৰ উপদ্ৰৱ : হাতীৰ আক্ৰমণত মৃত্যুক সাবটি ল’লে পিতৃ আৰু সাতবছৰীয়া জীয়ৰীয়ে

নামচাং চাহ বাগিচাত বন্যহস্তীৰ উপদ্ৰৱ : হাতীৰ আক্ৰমণত মৃত্যুক সাবটি ল’লে পিতৃ আৰু সাতবছৰীয়া জীয়ৰীয়ে

September 26, 2026 9:20 pm
মুখ্য নিৰ্বাচনী আয়ুক্ত জ্ঞানেশ কুমাৰক শীঘ্ৰে বৰ্খাস্ত কৰাৰ দাবীৰে সৰৱ অসম নাগৰিক সন্মিলন

মুখ্য নিৰ্বাচনী আয়ুক্ত জ্ঞানেশ কুমাৰক শীঘ্ৰে বৰ্খাস্ত কৰাৰ দাবীৰে সৰৱ অসম নাগৰিক সন্মিলন

September 26, 2026 8:15 pm

Get the latest Assamese news from Assam and NorthEast India. নৰ্থ-ইষ্ট নাও এটা মাল্টি-এপ ভিত্তিক সম্পূৰ্ণভাৱে আঞ্চলিক, দ্বিভাষিক নিউজ প’ৰ্টেল। পেচাদাৰী ব্যক্তিৰ এটা গোটৰ নেতৃত্বত এই ডিজিটেল অসমীয়া বাতৰি প্ৰতিষ্ঠানটোৱে উত্তৰ-পূবৰ আঠখন ৰাজ্য আৰু এইবোৰৰ প্ৰতিৱেশী দেশকেইখনৰ প্ৰতিটো খা-খবৰ সামৰি লোৱাৰ চেষ্টা কৰিব। দুটাকৈ ইংৰাজী এপ আৰু এটা অসমীয়া এপৰ সংস্কৰণ থকা এইটোৱে হ’ল এই ধৰণৰ প্ৰথমটো নিউজ প’ৰ্টেল। আমি ৰাজনৈতিকভাৱে নিৰপেক্ষ আৰু দক্ষিণ-পূব আৰু দক্ষিণ এছিয়াৰ মাজৰ প্ৰকৃত বা-বাতৰিৰ সাঁকোৰ ভূমিকা ল’বলৈ চেষ্টা কৰিম।

Follow Us

Our Properties

  • ⚪ NORTHEAST NOW
  • ⚪ NORTHEAST JOBS
  • ⚪ NORTHEAST TENDERS

Recent News

‘বিজেপিৰ প্ৰাৰ্থী হওক, মন্ত্ৰিত্ব পাব,’ কাক প্ৰস্তাৱ দিছিল জ্ঞানেশ কুমাৰে? বিতৰ্কৰ মাজতে চাঞ্চল্যকৰ খবৰ!

‘বিজেপিৰ প্ৰাৰ্থী হওক, মন্ত্ৰিত্ব পাব,’ কাক প্ৰস্তাৱ দিছিল জ্ঞানেশ কুমাৰে? বিতৰ্কৰ মাজতে চাঞ্চল্যকৰ খবৰ!

September 27, 2026 8:52 am
মতানৈক্য নাই! বুজাবলৈ এলানি ব্যাখ্যা আয়োগৰ; বিৰোধীৰ হেঁচাত নতুন পদক্ষেপো

মতানৈক্য নাই! বুজাবলৈ এলানি ব্যাখ্যা আয়োগৰ; বিৰোধীৰ হেঁচাত নতুন পদক্ষেপো

September 27, 2026 8:19 am
  • About
  • Copyright
  • Privacy Policy
  • Authors
  • Grievance Redressal
  • Contact

© 2025 - Maintained by EZEN Software & Technology Pvt. Ltd

No Result
View All Result
  • মুখ্যপৃষ্ঠা
  • নৰ্থ-ইষ্ট
    • অৰুণাচল
    • অসম
    • ছিকিম
    • ত্ৰিপুৰা
    • নাগালেণ্ড
    • মণিপুৰ
    • মিজোৰাম
    • মেঘালয়
  • দেশ
  • আন্ত: ৰাষ্ট্ৰীয়
  • অভিমত
  • ক্ৰীড়া
  • সাময়িকী
    • ৰাজনীতি
    • বাণিজ্য
    • শিক্ষা
  • জীৱনশৈলী
    • দিহা-ভৰসা
  • প্ৰাসংগিক প্ৰশ্ন
  • স্বাস্থ্য
  • অন্যান্য
    • ভাষা-সাহিত্য
    • সংস্কৃতি
    • মনোৰঞ্জন
    • প্ৰযুক্তি
    • বিজ্ঞান-প্ৰযুক্তি

© 2025 - Maintained by EZEN Software & Technology Pvt. Ltd