NORTHEAST NOW (Assamese)

চৰকাৰে উচ্ছেদ কৰিব মনু ভাকেৰৰ প্ৰশিক্ষকৰ ঘৰ : অলিম্পিক এৰি ভাৰতলৈ উভটি আহিল সমৰেশ জং

August 3, 2024 7:44 pm · নৰ্থ ইষ্ট নাও, গুৱাহাটী
Updated: August 3, 2024 6:54 pm

অলিম্পিক এৰি ভাৰতলৈ উভটিবলগা হৈছে অলিম্পিক বিজয়ী মনু ভাকেৰৰ প্ৰশিক্ষক সমৰেশ জঙে। শীঘ্ৰেই প্ৰশিক্ষক গৰাকীৰ ঘৰত বুলজ’ডাৰ চলাব কেন্দ্ৰীয় চৰকাৰে। যাৰ বাবে অলিম্পিক আধাতে এৰি দেশলৈ ঘূৰি আহিবলৈ বাধ্য হৈছে মনু ভাকেৰৰ প্ৰশিক্ষক তথা জ্যেষ্ঠ খেলুৱৈ গৰাকী।

সমৰেশ জঙৰ ঘৰ দিল্লীৰ খাইবাৰ পাছ এলেকাত। জানিব পৰা মতে এই অঞ্চলটো প্ৰতিৰক্ষা মন্ত্ৰালয়ৰ অধীনত। শেহতীয়াকৈ ভূমি উন্নয়ন বিভাগৰ জাননীৰ জৰিয়তে এই ঘৰসমূহঅবৈধ বুলি ঘোষণা কৰা হৈছে।

জানিব পৰা মতে, অঞ্চলটোৰ সকলো ঘৰত উচ্ছেদ চলাব চৰকাৰে। এই উচ্ছেদত ভঙা যাব সমৰেশ জঙৰ ঘৰটোও।

 যাৰ বাবে ভাৰতীয় শ্বুটিং প্ৰশিক্ষকগৰাকীয়ে নিজৰ ঘৰ বচাবলৈ ফ্ৰান্সৰ পৰা উভতি আহিবলগীয়া হৈছে।

বৃহস্পতিবাৰে নিশা তেওঁ নিজৰ এক্স হেণ্ডেলত কয়, “ভাৰতীয় শ্বুটাৰসকলে দুটা অলিম্পিক পদক লাভ কৰাৰ পিছত ভাৰতীয় দলৰ শ্বুটিং প্ৰশিক্ষক হিচাপে মই ভাৰতলৈ উভতি আহিছো। দুদিনৰ ভিতৰত মোৰ ঘৰ ভাঙি পেলোৱাৰ জাননী দিয়া হৈছে।”

আন এটা পোষ্টত তেওঁ কয় যে অন্তৱৰ্তীকালীন সকাহৰ বাবে ৰিট আবেদন খাৰিজ কৰা হৈছে, উচ্চ ন্যায়ালয়ত শুনানি হোৱা নাই। জৰুৰীকালীন পৰিস্থিতিআমি এদিনতে সকলো খালী কৰিব লাগিব

উল্লেখ্য যে ক্ৰীড়াবিদ, অৰ্জুন বঁটাপ্ৰাপকগৰাকীৰ আহ্বান এবাৰো নুশুনিলে চৰকাৰে। বিশ্বত দেশৰ নাম জিলিকাবলৈ সকলোখিনি কৰাৰ পিছতো কোনো চৰকাৰৰ পৰা কোনো ইতিবাচক বাৰ্তা নাহিল ক্ৰীড়াবিদ গৰাকীলৈ।

সমৰেশ জঙে কয়, “যোৱা ৭৫ বছৰ ধৰি মোৰ পৰিয়াল এই অঞ্চলত বসবাস কৰি আহিছে। কিন্তু ঘৰটো ভাঙি পেলোৱাৰ সিদ্ধান্ত কিয় হঠাতে লোৱা হৈছে মই নাজানো। সমগ্ৰ কলনীটোক অবৈধ ঘোষণা কৰা হৈছে। আমি আদালতত ৰিট আবেদন দিছিলো কিন্তু আমাৰ আবেদন খাৰিজ কৰা হল।

উল্লেখ্য যে এইগৰাকী প্ৰাক্তন অলিম্পিয়ানগৰাকীয়ে মনু ভাকেৰজয়ৰ ক্ষেত্ৰত অন্যতম গুৰুত্বপূৰ্ণ ভূমিকা পালন কৰিছিল। ২০০২ চনৰ কমনৱেলথ গেমছত সমৰেশ জঙে ২টা স্বৰ্ণ পদক আৰু ৩টা ৰূপৰ পদক লাভ কৰিছিল। সেই বছৰ অৰ্জুন বঁটাৰেও তেওঁক সম্বৰ্ধনা জনোৱা হৈছিল। সমৰেশ জঙে ২০০৬ চনৰ কমনৱেলথ গেমছত দেশৰ হৈ ৫টা সোণ, ১টা ৰূপ আৰু ব্ৰঞ্জৰ পদক লাভ কৰিছিল। ২০০৮ চনৰ বেইজিং অলিম্পিকতো অংশ লৈছিল ক্ৰীড়াবিদগৰাকীয়ে।

Related News