• About
  • Copyright
  • Privacy Policy
  • Authors
  • Grievance Redressal
  • Contact
English |  
Sunday, July 6, 2025
NORTHEAST NOW (Assamese)
  • মুখ্যপৃষ্ঠা
  • অসম
  • নৰ্থ-ইষ্ট
    • অৰুণাচল
    • অসম
    • ছিকিম
    • ত্ৰিপুৰা
    • নাগালেণ্ড
    • মণিপুৰ
    • মিজোৰাম
    • মেঘালয়
  • প্ৰতিৱেশী
  • অভিমত
  • ক্ৰীড়া
  • বাণিজ্য
  • সংস্কৃতি
  • ভাষা-সাহিত্য
  • যুৱ-কণ্ঠ
  • শিক্ষা
  • জীৱনশৈলী
    • দিহা-ভৰসা
  • প্ৰযুক্তি
  • মনোৰঞ্জন
  • প্ৰাসংগিক প্ৰশ্ন
  • স্বাস্থ্য
  • ফেচবুক কৰ্ণাৰ
No Result
View All Result
  • মুখ্যপৃষ্ঠা
  • অসম
  • নৰ্থ-ইষ্ট
    • অৰুণাচল
    • অসম
    • ছিকিম
    • ত্ৰিপুৰা
    • নাগালেণ্ড
    • মণিপুৰ
    • মিজোৰাম
    • মেঘালয়
  • প্ৰতিৱেশী
  • অভিমত
  • ক্ৰীড়া
  • বাণিজ্য
  • সংস্কৃতি
  • ভাষা-সাহিত্য
  • যুৱ-কণ্ঠ
  • শিক্ষা
  • জীৱনশৈলী
    • দিহা-ভৰসা
  • প্ৰযুক্তি
  • মনোৰঞ্জন
  • প্ৰাসংগিক প্ৰশ্ন
  • স্বাস্থ্য
  • ফেচবুক কৰ্ণাৰ
No Result
View All Result
NORTHEAST NOW (Assamese)
English

চৰকাৰে উচ্ছেদ কৰিব মনু ভাকেৰৰ প্ৰশিক্ষকৰ ঘৰ : অলিম্পিক এৰি ভাৰতলৈ উভটি আহিল সমৰেশ জং

নৰ্থ ইষ্ট নাও, গুৱাহাটী by নৰ্থ ইষ্ট নাও, গুৱাহাটী
August 3, 2024 7:44 pm
20.1k
VIEWS
Share on FacebookShare on Twitter

অলিম্পিক এৰি ভাৰতলৈ উভটিবলগা হৈছে অলিম্পিক বিজয়ী মনু ভাকেৰৰ প্ৰশিক্ষক সমৰেশ জঙে। শীঘ্ৰেই প্ৰশিক্ষক গৰাকীৰ ঘৰত বুলজ’ডাৰ চলাব কেন্দ্ৰীয় চৰকাৰে। যাৰ বাবে অলিম্পিক আধাতে এৰি দেশলৈ ঘূৰি আহিবলৈ বাধ্য হৈছে মনু ভাকেৰৰ প্ৰশিক্ষক তথা জ্যেষ্ঠ খেলুৱৈ গৰাকী।

সমৰেশ জঙৰ ঘৰ দিল্লীৰ খাইবাৰ পাছ এলেকাত। জানিব পৰা মতে এই অঞ্চলটো প্ৰতিৰক্ষা মন্ত্ৰালয়ৰ অধীনত। শেহতীয়াকৈ ভূমি উন্নয়ন বিভাগৰ জাননীৰ জৰিয়তে এই ঘৰসমূহক অবৈধ বুলি ঘোষণা কৰা হৈছে।

জানিব পৰা মতে, অঞ্চলটোৰ সকলো ঘৰত উচ্ছেদ চলাব চৰকাৰে। এই উচ্ছেদত ভঙা যাব সমৰেশ জঙৰ ঘৰটোও।

 যাৰ বাবে ভাৰতীয় শ্বুটিং প্ৰশিক্ষকগৰাকীয়ে নিজৰ ঘৰ বচাবলৈ ফ্ৰান্সৰ পৰা উভতি আহিবলগীয়া হৈছে।

বৃহস্পতিবাৰে নিশা তেওঁ নিজৰ এক্স হেণ্ডেলত কয়, “ভাৰতীয় শ্বুটাৰসকলে দুটা অলিম্পিক পদক লাভ কৰাৰ পিছত ভাৰতীয় দলৰ শ্বুটিং প্ৰশিক্ষক হিচাপে মই ভাৰতলৈ উভতি আহিছো। দুদিনৰ ভিতৰত মোৰ ঘৰ ভাঙি পেলোৱাৰ জাননী দিয়া হৈছে।”

আন এটা পোষ্টত তেওঁ কয় যে অন্তৱৰ্তীকালীন সকাহৰ বাবে ৰিট আবেদন খাৰিজ কৰা হৈছে, উচ্চ ন্যায়ালয়ত শুনানি হোৱা নাই। জৰুৰীকালীন পৰিস্থিতিত আমি এদিনতে সকলো খালী কৰিব লাগিব।

উল্লেখ্য যে ক্ৰীড়াবিদ, অৰ্জুন বঁটাপ্ৰাপকগৰাকীৰ আহ্বান এবাৰো নুশুনিলে চৰকাৰে। বিশ্বত দেশৰ নাম জিলিকাবলৈ সকলোখিনি কৰাৰ পিছতো কোনো চৰকাৰৰ পৰা কোনো ইতিবাচক বাৰ্তা নাহিল ক্ৰীড়াবিদ গৰাকীলৈ।

সমৰেশ জঙে কয়, “যোৱা ৭৫ বছৰ ধৰি মোৰ পৰিয়াল এই অঞ্চলত বসবাস কৰি আহিছে। কিন্তু ঘৰটো ভাঙি পেলোৱাৰ সিদ্ধান্ত কিয় হঠাতে লোৱা হৈছে মই নাজানো। সমগ্ৰ কলনীটোক অবৈধ ঘোষণা কৰা হৈছে। আমি আদালতত ৰিট আবেদন দিছিলো কিন্তু আমাৰ আবেদন খাৰিজ কৰা হ‘ল।‘

উল্লেখ্য যে এইগৰাকী প্ৰাক্তন অলিম্পিয়ানগৰাকীয়ে মনু ভাকেৰৰ জয়ৰ ক্ষেত্ৰত অন্যতম গুৰুত্বপূৰ্ণ ভূমিকা পালন কৰিছিল। ২০০২ চনৰ কমনৱেলথ গেমছত সমৰেশ জঙে ২টা স্বৰ্ণ পদক আৰু ৩টা ৰূপৰ পদক লাভ কৰিছিল। সেই বছৰ অৰ্জুন বঁটাৰেও তেওঁক সম্বৰ্ধনা জনোৱা হৈছিল। সমৰেশ জঙে ২০০৬ চনৰ কমনৱেলথ গেমছত দেশৰ হৈ ৫টা সোণ, ১টা ৰূপ আৰু ব্ৰঞ্জৰ পদক লাভ কৰিছিল। ২০০৮ চনৰ বেইজিং অলিম্পিকতো অংশ লৈছিল ক্ৰীড়াবিদগৰাকীয়ে।

Recent News

কোনবোৰ ফল-মূলে আপোনাৰ শৰীৰত চুগাৰৰ মাত্ৰা বৃদ্ধি কৰিব পাৰে?

কোনবোৰ ফল-মূলে আপোনাৰ শৰীৰত চুগাৰৰ মাত্ৰা বৃদ্ধি কৰিব পাৰে?

পঞ্জাৱ নেছনেল বেংকৰ কেলেংকাৰীত জড়িত নেহাল মোদীক আমেৰিকাত গ্ৰেপ্তাৰ

পঞ্জাৱ নেছনেল বেংকৰ কেলেংকাৰীত জড়িত নেহাল মোদীক আমেৰিকাত গ্ৰেপ্তাৰ

ইংলেণ্ডত নতুন অভিলেখ গঢ়িলে ১৪ বছৰীয়া বৈভৱ সূৰ্যবংশীয়ে

ইংলেণ্ডত নতুন অভিলেখ গঢ়িলে ১৪ বছৰীয়া বৈভৱ সূৰ্যবংশীয়ে

চাৰিটা ইনিংছত তৃতীয়টো দৰ্শনীয় শতকৰে ইংলেণ্ডৰ বিৰুদ্ধে দমনীয় প্ৰদৰ্শন শুভমন গীলৰ

চাৰিটা ইনিংছত তৃতীয়টো দৰ্শনীয় শতকৰে ইংলেণ্ডৰ বিৰুদ্ধে দমনীয় প্ৰদৰ্শন শুভমন গীলৰ

Get the latest Assamese news from Assam and NorthEast India. নৰ্থ-ইষ্ট নাও এটা মাল্টি-এপ ভিত্তিক সম্পূৰ্ণভাৱে আঞ্চলিক, দ্বিভাষিক নিউজ প’ৰ্টেল। পেচাদাৰী ব্যক্তিৰ এটা গোটৰ নেতৃত্বত এই ডিজিটেল অসমীয়া বাতৰি প্ৰতিষ্ঠানটোৱে উত্তৰ-পূবৰ আঠখন ৰাজ্য আৰু এইবোৰৰ প্ৰতিৱেশী দেশকেইখনৰ প্ৰতিটো খা-খবৰ সামৰি লোৱাৰ চেষ্টা কৰিব। দুটাকৈ ইংৰাজী এপ আৰু এটা অসমীয়া এপৰ সংস্কৰণ থকা এইটোৱে হ’ল এই ধৰণৰ প্ৰথমটো নিউজ প’ৰ্টেল। আমি ৰাজনৈতিকভাৱে নিৰপেক্ষ আৰু দক্ষিণ-পূব আৰু দক্ষিণ এছিয়াৰ মাজৰ প্ৰকৃত বা-বাতৰিৰ সাঁকোৰ ভূমিকা ল’বলৈ চেষ্টা কৰিম।

 
Our Properties
 
  • ⚪ NORTHEAST NOW
  • ⚪ NORTHEAST JOBS
  • ⚪ NORTHEAST TENDERS
  • ⚪ INNFINITY
  • About
  • Copyright
  • Privacy Policy
  • Authors
  • Grievance Redressal
  • Contact

© 2018 - Maintained by EZEN Software & Technology Pvt. Ltd

No Result
View All Result
  • মুখ্যপৃষ্ঠা
  • অসম
  • নৰ্থ-ইষ্ট
    • অৰুণাচল
    • অসম
    • ছিকিম
    • ত্ৰিপুৰা
    • নাগালেণ্ড
    • মণিপুৰ
    • মিজোৰাম
    • মেঘালয়
  • প্ৰতিৱেশী
  • অভিমত
  • ক্ৰীড়া
  • বাণিজ্য
  • সংস্কৃতি
  • ভাষা-সাহিত্য
  • যুৱ-কণ্ঠ
  • শিক্ষা
  • জীৱনশৈলী
    • দিহা-ভৰসা
  • প্ৰযুক্তি
  • মনোৰঞ্জন
  • প্ৰাসংগিক প্ৰশ্ন
  • স্বাস্থ্য
  • ফেচবুক কৰ্ণাৰ

© 2018 - Maintained by EZEN Software & Technology Pvt. Ltd