• About
  • Copyright
  • Privacy Policy
  • Authors
  • Grievance Redressal
  • Contact
English |  
Saturday, June 7, 2025
NORTHEAST NOW (Assamese)
  • মুখ্যপৃষ্ঠা
  • অসম
  • নৰ্থ-ইষ্ট
    • অৰুণাচল
    • অসম
    • ছিকিম
    • ত্ৰিপুৰা
    • নাগালেণ্ড
    • মণিপুৰ
    • মিজোৰাম
    • মেঘালয়
  • প্ৰতিৱেশী
  • অভিমত
  • ক্ৰীড়া
  • বাণিজ্য
  • সংস্কৃতি
  • ভাষা-সাহিত্য
  • যুৱ-কণ্ঠ
  • শিক্ষা
  • জীৱনশৈলী
    • দিহা-ভৰসা
  • প্ৰযুক্তি
  • মনোৰঞ্জন
  • প্ৰাসংগিক প্ৰশ্ন
  • স্বাস্থ্য
  • ফেচবুক কৰ্ণাৰ
No Result
View All Result
  • মুখ্যপৃষ্ঠা
  • অসম
  • নৰ্থ-ইষ্ট
    • অৰুণাচল
    • অসম
    • ছিকিম
    • ত্ৰিপুৰা
    • নাগালেণ্ড
    • মণিপুৰ
    • মিজোৰাম
    • মেঘালয়
  • প্ৰতিৱেশী
  • অভিমত
  • ক্ৰীড়া
  • বাণিজ্য
  • সংস্কৃতি
  • ভাষা-সাহিত্য
  • যুৱ-কণ্ঠ
  • শিক্ষা
  • জীৱনশৈলী
    • দিহা-ভৰসা
  • প্ৰযুক্তি
  • মনোৰঞ্জন
  • প্ৰাসংগিক প্ৰশ্ন
  • স্বাস্থ্য
  • ফেচবুক কৰ্ণাৰ
No Result
View All Result
NORTHEAST NOW (Assamese)
English

বাচন ধোৱা কাম কৰি, দৰিদ্ৰতাৰ সৈতে যুঁজ দিয়েই মিছ ইণ্ডিয়া ৰাণাৰ্ছ আপৰ খিতাপ মান্যাৰ

এন ই নাও নিউজ by এন ই নাও নিউজ
February 13, 2021 9:07 am
Manya-Singh-Inspirational-Story
211
VIEWS
Share on FacebookShare on Twitter

সাধুকথা নহয় বাস্তৱ। নিজৰ সপোনৰ প্ৰতি দৃঢ় প্ৰত্যয় লৈ আগবাঢ়িলে যে সফলতা লাভ কৰিব পাৰি তাকেই এবাৰ প্ৰমান কৰিলে অটোচালকৰ কন্যা এইবাৰৰ মিছ ইণ্ডিয়া ৰাণাৰ্ছ আপ মান্যা সিঙে।

দিনত বাছন ধোৱা কাম কৰে। নিশা কাম কৰে কল চেন্টাৰত। গাড়ীৰ ভাড়া বচাবলৈ প্ৰায়েই খোজ কাঢ়িয়েই অহা-যোৱা কৰিবলগীয়া হয়। ইয়াৰ মাজতে সপোনে পোখা মেলে।

এইগৰাকী যুৱতীৰ সাফল্যত তাৰকা জগতত আৱেগৰ জোৱাৰ উঠিছে। প্ৰাক্তন বিশ্ব সুন্দৰী মানুষী চিল্লা, অভিনেতা বৰুণ ধাৱানকে ধৰি চেলিব্ৰেটিসকলে মান্যাৰ সফলতাক প্ৰশংসা কৰিছে।

ভিএলচিচি ফেমিনা মিছ ইণ্ডিয়া-২০২০ৰ খিতাপ জয় কৰিছে তেলেংগানাৰ মনসা বাৰাণসীয়ে। মান্যা সিং ৰাণাৰ্ছ আপ হৈছে। কিন্তু কঠোৰ সংগ্ৰামৰ মাজেৰে মান্যাই তেওঁৰ সফলতা অৰ্জন কৰিছে।

সংবাদমাধ্যমৰ আগত দিয়া সাক্ষাৎকাৰত উত্তৰ প্ৰদেশৰ যুৱতী মান্যাই জানিবলৈ দিয়ে যে শৈশৱৰ পৰাই তেওঁ দৰিদ্ৰতাৰ সৈতে যুঁজ দি আহিছিল। পেটত ক্ষুধাৰ যন্ত্ৰণা লৈয়েই বহু নিশা উজাগৰে কটাবলগীয়া হৈছিল।

মান্যাই কয়,’’মোৰ তেজ, ঘাম, চকুলো পৰস্পৰে মিলি মোৰ সপোনক সাহস জগাইছে। এগৰাকী অটোচালকৰ কন্যা হিচাপে কিশোৰী অৱস্থাৰ পৰাই কাম কৰিবলগীয়া হৈছে। নিয়মিত বিদ্যালয় যাব পৰা নাছিলো। মাৰ পৰা অলপ সোণৰ অলংকাৰ বন্ধকত ৰাখি মোৰ পৰীক্ষাৰ মাছুল দিয়া হৈছিল।‘’

পঢ়া দিনত ভাল কাপোৰ পৰিধান কৰা নহ’ল। কিতাপ পঢ়াৰ তীব্ৰ হাবিয়াস থাকিলেও ভাগ্যই লগ নিদিলে। তথাপি দৰিদ্ৰতাৰ সৈতে যুঁজ দিয়েই মান্যাই ডাঙৰ হোৱাৰ প্ৰত্যাহ্বান গ্ৰহণ কৰিছে।

নিজৰ সফলতাৰ এনে আবেগঘন মুহূৰ্তত স্বাভাৱিকতেই মান্যাৰ সংবেদনশীলতা প্ৰকাশ পাইছে।

মান্যাই কয়,’’মই আজি ইয়াত মিছ ইণ্ডিয়াৰ মঞ্চলৈ আহিছো মোৰ মা-দেউতা আৰু ভাইটিৰ সপোন বাস্তৱ কৰি তুলিবলৈ।‘’

মান্যা সিঙৰ সাফল্যৰ কাহিনী বহুতৰ বাবে অনুপ্ৰেৰণাৰ উৎস হোৱাৰ আশা কৰিব পাৰি।

Recent News

ক্ষিপ্ৰ ন্যায় আৰু সৌহাৰ্দ্যপূৰ্ণ গোচৰ নিষ্পত্তিৰ সুযোগ! শিলচৰত ১৪ জুনত অনুষ্ঠিত হ’ব ৰাষ্ট্ৰীয় লোক আদালত

ক্ষিপ্ৰ ন্যায় আৰু সৌহাৰ্দ্যপূৰ্ণ গোচৰ নিষ্পত্তিৰ সুযোগ! শিলচৰত ১৪ জুনত অনুষ্ঠিত হ’ব ৰাষ্ট্ৰীয় লোক আদালত

আজি ঈদৰ দিনটোত কিয় কুৰবানী দিয়া হয় জানেনে? হজৰত ইব্ৰাহিমে নিজ পুত্ৰক কুৰবানী দিবলৈ কিয় বিচাৰিছিল?

আজি ঈদৰ দিনটোত কিয় কুৰবানী দিয়া হয় জানেনে? হজৰত ইব্ৰাহিমে নিজ পুত্ৰক কুৰবানী দিবলৈ কিয় বিচাৰিছিল?

নাড্ডাৰ পিছত কোন? বিজেপিৰ ৰাষ্ট্ৰীয় সভাপতি পদৰ বাবে চৰ্চাত তিনিগৰাকী জ্যেষ্ঠ নেতাৰ নাম

নাড্ডাৰ পিছত কোন? বিজেপিৰ ৰাষ্ট্ৰীয় সভাপতি পদৰ বাবে চৰ্চাত তিনিগৰাকী জ্যেষ্ঠ নেতাৰ নাম

শুই থকাৰ পৰা তুলি নি ধৰ্ষণ তিনি বছৰীয়া শিশুক : আৰক্ষীৰ এনকাউণ্টাৰত নিহত অভিযুক্ত

শুই থকাৰ পৰা তুলি নি ধৰ্ষণ তিনি বছৰীয়া শিশুক : আৰক্ষীৰ এনকাউণ্টাৰত নিহত অভিযুক্ত

Get the latest Assamese news from Assam and NorthEast India. নৰ্থ-ইষ্ট নাও এটা মাল্টি-এপ ভিত্তিক সম্পূৰ্ণভাৱে আঞ্চলিক, দ্বিভাষিক নিউজ প’ৰ্টেল। পেচাদাৰী ব্যক্তিৰ এটা গোটৰ নেতৃত্বত এই ডিজিটেল অসমীয়া বাতৰি প্ৰতিষ্ঠানটোৱে উত্তৰ-পূবৰ আঠখন ৰাজ্য আৰু এইবোৰৰ প্ৰতিৱেশী দেশকেইখনৰ প্ৰতিটো খা-খবৰ সামৰি লোৱাৰ চেষ্টা কৰিব। দুটাকৈ ইংৰাজী এপ আৰু এটা অসমীয়া এপৰ সংস্কৰণ থকা এইটোৱে হ’ল এই ধৰণৰ প্ৰথমটো নিউজ প’ৰ্টেল। আমি ৰাজনৈতিকভাৱে নিৰপেক্ষ আৰু দক্ষিণ-পূব আৰু দক্ষিণ এছিয়াৰ মাজৰ প্ৰকৃত বা-বাতৰিৰ সাঁকোৰ ভূমিকা ল’বলৈ চেষ্টা কৰিম।

 
Our Properties
 
  • ⚪ NORTHEAST NOW
  • ⚪ NORTHEAST JOBS
  • ⚪ NORTHEAST TENDERS
  • ⚪ INNFINITY
  • About
  • Copyright
  • Privacy Policy
  • Authors
  • Grievance Redressal
  • Contact

© 2018 - Maintained by EZEN Software & Technology Pvt. Ltd

No Result
View All Result
  • মুখ্যপৃষ্ঠা
  • অসম
  • নৰ্থ-ইষ্ট
    • অৰুণাচল
    • অসম
    • ছিকিম
    • ত্ৰিপুৰা
    • নাগালেণ্ড
    • মণিপুৰ
    • মিজোৰাম
    • মেঘালয়
  • প্ৰতিৱেশী
  • অভিমত
  • ক্ৰীড়া
  • বাণিজ্য
  • সংস্কৃতি
  • ভাষা-সাহিত্য
  • যুৱ-কণ্ঠ
  • শিক্ষা
  • জীৱনশৈলী
    • দিহা-ভৰসা
  • প্ৰযুক্তি
  • মনোৰঞ্জন
  • প্ৰাসংগিক প্ৰশ্ন
  • স্বাস্থ্য
  • ফেচবুক কৰ্ণাৰ

© 2018 - Maintained by EZEN Software & Technology Pvt. Ltd