ৰাজ্যত পুনৰ মাওবাদী নেতাক গ্ৰেপ্তাৰ, এইবাৰ কামৰূপ জিলাৰ কুকুৰমাৰাত

প্ৰতিনিধিত্বমূলক ছবি

অসমত গ্ৰেপ্তাৰ কৰা হৈছে ইজনৰ পিছত সিজনকৈ মাওবাদী নেতাক।

ডিব্ৰুগড়, কাছাৰৰ পিছত এইবাৰ কামৰূপ গ্ৰাম্য জিলাৰ কুকুৰমাৰাত গ্ৰেপ্তাৰ কৰা হৈছে এজন শীৰ্ষ মাওবাদী নেতাক।

আৰক্ষীয়ে গ্ৰেপ্তাৰ কৰা মাওবাদী নেতাজনৰ নাম হৃদয় কলিতা বুলি জানিব পৰা গৈছে।

গোপন সূত্ৰৰ পম খেদি কলিতাক গ্ৰেপ্তাৰ কৰা হয়। কলিতাই দীৰ্ঘদিন ধৰি মাওবাদী সংগঠনৰ হৈ অসমত কাম কৰি অহাৰ অভিযোগ উঠিছে।

নেশ্যনেল ইনভেষ্টিগেশ্যন এজেঞ্চি চমুকৈ এন আই এ (NIA)য়ে এপ্ৰিল মাহৰ প্ৰথম ভাগতে উজনি অসমৰ ডিব্ৰুগড় জিলাৰ পৰা এগৰাকী মহিলা চিপিআই (মাওবাদী) নেত্ৰীক গ্ৰেপ্তাৰ কৰিছিল।

দীৰ্ঘদিন ধৰি পলাতক হৈ থকা মহিলা মাওবাদী নেত্ৰীগৰাকীক ৰীমা ওৰাং ওৰফে সৰস্বতী বুলি চিনাক্ত কৰা হৈছিল।

এন আই এয়ে অসমৰ কাছাৰ, কৰিমগঞ্জ, ডিব্ৰুগড় আৰু ধুবুৰী জিলাৰ ১৭ টা বিভিন্ন স্থানত তালাচী অভিযান চলাইছিল।

বাতৰি অনুসৰি, এজন শীৰ্ষ মাওবাদী নেতা অৰুণ কুমাৰ ভট্টাচাৰ্য ওৰফে কাঞ্চন দাক গ্ৰেপ্তাৰৰ সৈতে সম্পৰ্কৰ জেৰ টানি এন আই এয়ে এই অভিযান চলাইছিল।

যোৱা ৭ মাৰ্চত অসম আৰক্ষীয়ে মাওবাদী নেতা অৰুণ কুমাৰ ভট্টাচাৰ্য আৰু তেওঁৰ এজন সহযোগী আকাশ ওৰাং ওৰফে কাজলক কাছাৰ জিলাৰ পৰা গ্ৰেপ্তাৰ কৰিছিল।

চিপিআই (মাওবাদী)ৰ কেন্দ্ৰীয় সমিতিৰ সদস্য আৰু এজন কট্টৰপন্থী ৭০ বছৰীয়া অৰুণ কুমাৰ ভট্টাচাৰ্যৰ মূৰৰ বাবে ৩ লাখ টকাৰ পুৰস্কাৰ ঘোষণা কৰা হৈছিল।

কাজল কাছাৰ জিলাৰ পাতিমাৰা চাহ বাগিচাৰ চিপিআই (মাওবাদী)ৰ অসম ৰাজ্যিক সাংগঠনিক সমিতিৰ সদস্য।

আৰক্ষীয়ে কৈছিল যে কাঞ্চন দা তেওঁৰ সহযোগীসকলৰ সৈতে অসম আৰু উত্তৰ-পূবৰ অন্যান্য ৰাজ্যত চিপিআই (মাওবাদী)ৰ নেটৱৰ্ক সম্প্ৰসাৰণত জড়িত আছিল

গোচৰটো প্ৰথমতে গুৱাহাটীৰ অপৰাধ শাখা আৰক্ষী থানাত পঞ্জীয়ন কৰা হৈছিল, আৰু পিছত এনআইএয়ে তদন্তৰ দায়িত্ব গ্ৰহণ কৰিছিল।

তালাচীৰ সময়ত, চিপিআই (মাওবাদী)ৰ ডিজিটেল সঁজুলি আৰু আপত্তিজনক নথিপত্ৰ উদ্ধাৰ কৰা হৈছিল।