ছহিদ সাংবাদিক কমলা শইকীয়াৰ স্মৃতিচাৰণ শিৱসাগৰ জিলা সাংবাদিক সংস্থা-স্মৃতি ৰক্ষা সমিতিৰ

20210810_004415

সোমবাৰে সন্ধিয়া শিৱসাগৰত অসমৰ প্ৰথম গৰাকী ছহিদ সাংবাদিক কমলা শইকীয়াৰ ৩০ সংখ্যক মৃত্যু তিথি পালন কৰা হয়।

কমলা শইকীয়া স্মৃতি ৰক্ষা সমিতি আৰু শিৱসাগৰ জিলা সাংবাদিক সংস্থাৰ উদ্যোগত অসমৰ প্ৰথম ছহিদ সাংবাদিক গৰাকীক স্মৰণ কৰি বন্তি প্ৰজ্বলন কৰা হয়।

শিৱসাগৰ চহৰৰ মুক্তিনাথ চাৰিআলিত অনুষ্ঠিত হয় এই স্মৃতিচাৰণ অনুষ্ঠান ।

১৯৯১ চনৰ ৯আগষ্টৰ দিনটোতে দুৰ্বৃত্তৰ হাতত প্ৰাণ আহুতি দিয়া সাংবাদিক গৰাকীৰ হত্যাৰ বিচাৰ নোহোৱাত ক্ষোভ প্ৰকাশ কৰে শিৱসাগৰ জিলা সাংবাদিক সংস্থাই।

ছহিদ সাংবাদিক গৰাকীৰ হত্যাৰ তদন্ত চিবিআইক প্ৰদান কৰাৰ দাবী উত্থাপন কৰা হৈছে।

এই দাবীৰ সমৰ্থনত সাংবাদিক সংস্থা আৰু কমলা শইকীয়া স্মৃতি ৰক্ষা সমিতিয়ে ৰাজ্যত শীঘ্ৰে কৰিব আৰম্ভ কৰিব জনজাগৰণ কাৰ্যসূচী।

ৰাজ্যৰ মুখ্যমন্ত্ৰীক সাক্ষাৎ কৰি হত্যাৰ চিবিআই তদন্ত বিচাৰি জনাব দাবী।

শিৱসাগৰ জিলা সাংবাদিক সংস্থাৰ সভাপতি ভৈৰৱ মুণ্ডা আৰু সাংবাদিক কমলা শইকীয়া স্মৃতি ৰক্ষা সমিতিয়ে জানিবলে দিছে এই কথা।