যোৰহাটৰ ‘স্বাভিমান’ৰ উদ্যোগত জাতীয় শ্বহীদ পিয়লী বৰুৱা আৰু মনিৰাম দেৱানৰ স্মৃতিচাৰণ

Martyr of freedom Piyali-Maniram

যোৰহাটৰ ‘স্বাভিমান’ গোষ্ঠীৰ উদ্যোগত শনিবাৰে জাতীয় শ্বহীদ পিয়লী বৰুৱা আৰু মনিৰাম দেৱানৰ এটি স্মৃতিচাৰণ অনুষ্ঠানৰ আয়োজন কৰা হয় l

অনুষ্ঠানটিত অংশগ্ৰহণ কৰি বন্তি প্ৰজ্বলন কৰে সাংসদ কামাখ্যা প্ৰসাদ তাছাই l

শৈক্ষিক-সামাজিক-সাংস্কৃতিক উন্নয়নৰ দিশত কেইবাটাও গুৰুত্বপূৰ্ণ মন্তব্য আগবঢ়ায় সাংসদগৰাকীয়ে।

অন্যনা শইকীয়া নামৰ এগৰাকী ছাত্ৰীৰ মংগলস্তুতিৰে আৰম্ভ কৰা অনুষ্ঠানটিত যোৰহাটৰ প্ৰায় শতাধিক লোকে অংশগ্ৰহণ কৰে।

লগতে পঢ়ক: ইউক্ৰেইনত আৱদ্ধ লোকক উদ্ধাৰ অভিযানৰ অংশ হিচাপে গুৱাহাটীতো মুকলি হেল্পলাইন নম্বৰ

উক্ত অনুষ্ঠানত যোৰহাটৰ কেইবাজনো গণ্য মান্য ব্যক্তি উপস্থিত থাকে l

উল্লেখ্য যে মণিৰাম দেৱান আৰু পিয়লী বৰুৱাক এই দিনটোতে ফাঁচী দিয়া হৈছিল।