NORTHEAST NOW (Assamese)

শিৱসাগৰত জাতীয় পতাকা লৈ প্ৰভাত ফেৰী শীৰ্ষক ৰেলী , দেশৰ শ্বহীদক স্মৰণ

July 26, 2022 4:52 pm · পাৰ্শ্বজ্যোতি গগৈ, শিৱসাগৰ

আজাদী কা অমৃৎ মহোৎসৱৰ লগত সংগতি ৰাখি শিৱসাগৰত পুৱাই ” প্ৰভাত ফেৰী” শীৰ্ষক ৰেলী উলিয়াই ভাৰতীয় জনতা যুৱ মৰ্চাই।

ভাৰতীয় জনতা যুৱ মৰ্চাৰ শিৱসাগৰ জিলা সমিতিৰ উদ্যোগত কে পি চাৰি আলিৰ পৰা সমগ্ৰ চহৰখনতে উলিয়াই প্ৰভাত ফেৰী।

মৰ্চাৰ শতাধিক কৰ্মী তথা বিষয়ববীয়াই হাতে হাতে তিৰঙ্গা পতাকালৈ উলিয়ায় এই ৰেলী।

প্ৰভাত ফেৰীত অংশলৈ
দেশৰ শ্বহীদ সকলক স্মৰণ কৰাৰ লগতে তেওঁলোকৰ আদৰ্শৰে আগুৱাই যোৱাৰ পণ লয় যুৱ মৰ্চাৰ কৰ্মকৰ্তা সকলে।

Related News