• About
  • Copyright
  • Privacy Policy
  • Authors
  • Grievance Redressal
  • Contact
English |  
Tuesday, July 1, 2025
NORTHEAST NOW (Assamese)
  • মুখ্যপৃষ্ঠা
  • অসম
  • নৰ্থ-ইষ্ট
    • অৰুণাচল
    • অসম
    • ছিকিম
    • ত্ৰিপুৰা
    • নাগালেণ্ড
    • মণিপুৰ
    • মিজোৰাম
    • মেঘালয়
  • প্ৰতিৱেশী
  • অভিমত
  • ক্ৰীড়া
  • বাণিজ্য
  • সংস্কৃতি
  • ভাষা-সাহিত্য
  • যুৱ-কণ্ঠ
  • শিক্ষা
  • জীৱনশৈলী
    • দিহা-ভৰসা
  • প্ৰযুক্তি
  • মনোৰঞ্জন
  • প্ৰাসংগিক প্ৰশ্ন
  • স্বাস্থ্য
  • ফেচবুক কৰ্ণাৰ
No Result
View All Result
  • মুখ্যপৃষ্ঠা
  • অসম
  • নৰ্থ-ইষ্ট
    • অৰুণাচল
    • অসম
    • ছিকিম
    • ত্ৰিপুৰা
    • নাগালেণ্ড
    • মণিপুৰ
    • মিজোৰাম
    • মেঘালয়
  • প্ৰতিৱেশী
  • অভিমত
  • ক্ৰীড়া
  • বাণিজ্য
  • সংস্কৃতি
  • ভাষা-সাহিত্য
  • যুৱ-কণ্ঠ
  • শিক্ষা
  • জীৱনশৈলী
    • দিহা-ভৰসা
  • প্ৰযুক্তি
  • মনোৰঞ্জন
  • প্ৰাসংগিক প্ৰশ্ন
  • স্বাস্থ্য
  • ফেচবুক কৰ্ণাৰ
No Result
View All Result
NORTHEAST NOW (Assamese)
English

ভাৰতত প্ৰথম ইলেক্ট্ৰিক গাড়ী লৈ আনিছে মাৰুতীয়ে; জানি লওক ইয়াৰ বেটাৰী আৰু ফিচাৰ

এন ই নাও নিউজ, গুৱাহাটী by এন ই নাও নিউজ, গুৱাহাটী
February 4, 2025 2:55 pm
605
VIEWS
Share on FacebookShare on Twitter

ভাৰতৰ সৰ্ববৃহৎ যাত্ৰীবাহী গাড়ী নিৰ্মাতা কোম্পানী মাৰুতি চুজুকিয়ে প্ৰথমখন ইলেক্ট্ৰিক গাড়ী মাৰুতি চুজুকি ই ভিটাৰা মুকলি কৰিবলৈ ওলাইছে। এই ইলেক্ট্ৰিক এছ ইউ ভিৰ ডিজাইন, ফিচাৰ আৰু স্পেচিফিকেশন শেহতীয়াকৈ অটো এক্সপ’ ২০২৫ত প্ৰকাশ পাইছে।

ভাৰতৰ ইলেক্ট্ৰিক যাত্ৰীবাহী বাহনৰ বজাৰত টাটা মটৰ্ছৰ আধিপত্য হ্ৰাস কৰিবলৈ মাৰুতি চুজুকিয়ে এই মডেলৰ ওপৰত ডাঙৰ বাজি ধৰিছে। অতি সোনকালে মুকলি হ’বলগীয়া এই গাড়ীখনৰ অফলাইন বুকিং ইতিমধ্যে দেশৰ নিৰ্বাচিত চহৰসমূহত আৰম্ভ হৈছে।

মাৰুতি চুজুকি ই ভিটাৰাৰ বেটাৰী আৰু চাৰ্জিং ক্ষমতা

মাৰুতি চুজুকি ই ভিটাৰা তিনিটা ভেৰিয়েন্টত আছে – ডেল্টা, জেটা আৰু আলফা। ইয়াত দুটা বেলেগ বেলেগ বেটাৰী পেক বিকল্প থাকিব – ৪৯ কিলোৱাট আৱাৰ আৰু ৬১ কিলোৱাট আৱাৰ। এই দুয়োটা বেটাৰী পেকেই এবাৰ চাৰ্জত ৫০০ কিলোমিটাৰৰ ওপৰৰ ৰেঞ্জৰ প্ৰতিশ্ৰুতি দিয়ে। গাড়ীখনে ৭ কিলোৱাট এচি চাৰ্জিং আৰু ৭০ কিলোৱাট ডিচি ফাষ্ট চাৰ্জিং সমৰ্থন কৰিব, যিয়ে ফাষ্ট চাৰ্জিঙৰ সুবিধা প্ৰদান কৰিব। এটা বিশেষ বৈশিষ্ট্য হ’ল প্ৰতিটো ভেৰিয়েন্ট কেৱল এটা নিৰ্দিষ্ট বেটাৰী পেকৰ সৈতেহে আহিব। অৰ্থাৎ ক্ৰেতাসকলে কোনো ভেৰিয়েন্টৰ বাবে বেটাৰী পেক বাছি লোৱাৰ সুযোগ নাপাব।

মাৰুতি চুজুকি ই ভিটাৰা: ডেল্টা

মাৰুতি চুজুকি ই ভিটাৰাৰ বেচ ভেৰিয়েণ্ট হৈছে ডেল্টা, যাৰ সৈতে আহিব মাত্ৰ ৪৯ কিলোৱাট আৱাৰ বেটাৰী পেক। ইয়াৰ সন্মুখৰ দিশত থাকিব ইলেক্ট্ৰিক মটৰ, যিয়ে সৰ্বোচ্চ ১৪২ বিএইচপি শক্তি আৰু ১৯২.২ এনএম টৰ্ক উৎপাদন কৰিব পাৰিব। যদিও গাড়ীখনৰ নিৰ্দিষ্ট ৰেঞ্জ এতিয়াও প্ৰকাশ কৰা হোৱা নাই, তথাপিও সম্পূৰ্ণ চাৰ্জত ৫০০ কিলোমিটাৰ যাত্ৰা কৰিব বুলি আশা কৰা হৈছে।

জেটা ভেৰিয়েন্ট:

এই মিড লেভেল ভেৰিয়েণ্টটো কেৱল ৬১ কিলোৱাট আৱাৰ বেটাৰী পেকৰ সৈতেহে উপলব্ধ হ’ব। ইয়াত থকা ইলেক্ট্ৰিক মটৰে সৰ্বোচ্চ শক্তি উৎপাদন কৰিব ১৭১ বিএইচপি, কিন্তু টৰ্ক হ’ব ১৯২.৫ এনএম। এই ভেৰিয়েন্টৰ ৰেঞ্জো ৫০০ কিলোমিটাৰতকৈ অধিক হ’ব।

আলফা ভেৰিয়েন্ট:

ই ভিটাৰাৰ শীৰ্ষস্থানীয় ভেৰিয়েন্ট হৈছে আলফা। যিটোৰ সৈতে আহিব ৬১ কিলোৱাট আৱাৰ বেটাৰী পেক। ইয়াৰ শক্তি আৰু টৰ্ক আউটপুট জেটা ট্ৰিমৰ দৰেই হ’ব। এই ভেৰিয়েন্টৰ ৰেঞ্জো ৫০০ কিলোমিটাৰতকৈ অধিক হ’ব।

উল্লেখ্য যে মাৰুতি চুজুকি ই ভিটাৰাই ভাৰতৰ ইলেক্ট্ৰিক বাহনৰ বজাৰত এক বৃহৎ পৰিৱৰ্তন আনিব পাৰে। বৰ্তমান ইভি ছেগমেণ্টত টাটা মটৰ্ছে আধিপত্য বিস্তাৰ কৰাৰ বিপৰীতে মাৰুতি চুজুকিৰ প্ৰথমখন ইলেক্ট্ৰিক এছইউভি তেওঁলোকৰ মূল প্ৰতিযোগী হ’ব পাৰে। কোম্পানীটোৱে আশাবাদী যে এই মডেলে বজাৰত ইয়াৰ শক্তিশালী বেটাৰী, উন্নত চাৰ্জিং ছাপোৰ্ট, আৰু প্ৰতিযোগিতামূলক মূল্যৰ সৈতে বজাৰত খলকনি তুলিব।

Recent News

সাংসদ অজিত কুমাৰ ভূঞাৰ বিৰুদ্ধে দাখিল কৰা অভিযোগনামা ষড়যন্ত্রমূলক আৰু ৰাজনৈতিকভাৱে উদ্দেশ‍্য প্ৰণোদিত

সাংসদ অজিত কুমাৰ ভূঞাৰ বিৰুদ্ধে দাখিল কৰা অভিযোগনামা ষড়যন্ত্রমূলক আৰু ৰাজনৈতিকভাৱে উদ্দেশ‍্য প্ৰণোদিত

লিভ ইন পাৰ্টনাৰক হত্যা কৰি মৃতদেহ লুকাই ৰখাৰ অভিযোগ; মদৰ নিচাত বন্ধুৰ আগত স্বীকাৰোক্তি প্ৰেমিকৰ

লিভ ইন পাৰ্টনাৰক হত্যা কৰি মৃতদেহ লুকাই ৰখাৰ অভিযোগ; মদৰ নিচাত বন্ধুৰ আগত স্বীকাৰোক্তি প্ৰেমিকৰ

বিদায় কবি! বৰেণ্য সাহিত্যিক অনুভৱ তুলসীৰ দেহাৱসান

বিদায় কবি! বৰেণ্য সাহিত্যিক অনুভৱ তুলসীৰ দেহাৱসান

‘জেলী’ৰ দৰে পদাৰ্থই শুহি ল’ব পৰিৱেশত থকা সকলো কাৰ্বন ডাই অক্সাইড! বিজ্ঞানীৰ আচৰিত আৱিষ্কাৰ

‘জেলী’ৰ দৰে পদাৰ্থই শুহি ল’ব পৰিৱেশত থকা সকলো কাৰ্বন ডাই অক্সাইড! বিজ্ঞানীৰ আচৰিত আৱিষ্কাৰ

Get the latest Assamese news from Assam and NorthEast India. নৰ্থ-ইষ্ট নাও এটা মাল্টি-এপ ভিত্তিক সম্পূৰ্ণভাৱে আঞ্চলিক, দ্বিভাষিক নিউজ প’ৰ্টেল। পেচাদাৰী ব্যক্তিৰ এটা গোটৰ নেতৃত্বত এই ডিজিটেল অসমীয়া বাতৰি প্ৰতিষ্ঠানটোৱে উত্তৰ-পূবৰ আঠখন ৰাজ্য আৰু এইবোৰৰ প্ৰতিৱেশী দেশকেইখনৰ প্ৰতিটো খা-খবৰ সামৰি লোৱাৰ চেষ্টা কৰিব। দুটাকৈ ইংৰাজী এপ আৰু এটা অসমীয়া এপৰ সংস্কৰণ থকা এইটোৱে হ’ল এই ধৰণৰ প্ৰথমটো নিউজ প’ৰ্টেল। আমি ৰাজনৈতিকভাৱে নিৰপেক্ষ আৰু দক্ষিণ-পূব আৰু দক্ষিণ এছিয়াৰ মাজৰ প্ৰকৃত বা-বাতৰিৰ সাঁকোৰ ভূমিকা ল’বলৈ চেষ্টা কৰিম।

 
Our Properties
 
  • ⚪ NORTHEAST NOW
  • ⚪ NORTHEAST JOBS
  • ⚪ NORTHEAST TENDERS
  • ⚪ INNFINITY
  • About
  • Copyright
  • Privacy Policy
  • Authors
  • Grievance Redressal
  • Contact

© 2018 - Maintained by EZEN Software & Technology Pvt. Ltd

No Result
View All Result
  • মুখ্যপৃষ্ঠা
  • অসম
  • নৰ্থ-ইষ্ট
    • অৰুণাচল
    • অসম
    • ছিকিম
    • ত্ৰিপুৰা
    • নাগালেণ্ড
    • মণিপুৰ
    • মিজোৰাম
    • মেঘালয়
  • প্ৰতিৱেশী
  • অভিমত
  • ক্ৰীড়া
  • বাণিজ্য
  • সংস্কৃতি
  • ভাষা-সাহিত্য
  • যুৱ-কণ্ঠ
  • শিক্ষা
  • জীৱনশৈলী
    • দিহা-ভৰসা
  • প্ৰযুক্তি
  • মনোৰঞ্জন
  • প্ৰাসংগিক প্ৰশ্ন
  • স্বাস্থ্য
  • ফেচবুক কৰ্ণাৰ

© 2018 - Maintained by EZEN Software & Technology Pvt. Ltd