NORTHEAST NOW (Assamese)

দাম কমিল মাৰুতিৰ; পূজাৰ বতৰতে ঘৰলৈ আনক আপোনাৰ পছন্দৰ মডেল

September 29, 2019 10:48 am · এন ই নাও নিউজ
প্ৰতিনিধিত্বমূলক ফটো

ভাৰতৰ সৰ্ববৃহৎ ঘৰুৱা অটোমোবাইল নিৰ্মাতা মাৰুতি চুজুকিয়ে ইয়াৰ নিৰ্বাচিত মডেল সমূহৰ মূল্য হ্ৰাস কৰিছে।

নিৰ্বাচিত মডেলত কোম্পানীটোৱে এক্স শ্ব’ৰুম মূল্যত ৫,০০০টকাকৈ হ্ৰাস কৰিছে।

এই মডেলসমূহৰ ভিতৰত আছে Alto 800, Alto K10, Swift Diesel, Celerio, Baleno Diesel, Ignis, Dzire Diesel, Tour S Diesel, Vitara Brezza আৰু S-Crossৰ সকলো মডেল।

অলপতে মাৰুতি চুজুকি ইণ্ডিয়াই এক প্ৰেছ বিজ্ঞপ্তিত এই কথা সদৰী কৰিছে।

এই মডেলসমূহৰ মূল্য ২.৯৩ লাখ টকাৰ পৰা ১১.৪৯ লাখ টকা পৰ্যন্ত আছে।

যোৱা ২৫ ছেপ্টেম্বৰৰ পৰা এই নতুন মূল্য দেশত প্ৰযোজ্য হৈছে।

এই হ্ৰাস পোৱা মূল্যই কোম্পানীৰ গাড়ীসমূহৰ ৰেঞ্জত থকা বৰ্তমানৰ প্ৰম’চনেল অ’ফাৰক অতিক্ৰম কৰিব।

কোম্পানীটোৱে কয় যে গাড়ীৰ এই মূল্য হ্ৰাসে বিশেষকৈ প্ৰথম পৰ্যায়ৰ ক্ৰেতা-গ্ৰাহকসকলৰ ব্যয় হ্ৰাস কৰিব বুলি আশা কৰা হৈছে।

চৰকাৰে উদ্যোগক মন্দাৱস্থাৰ পৰা সকাহ দিয়াৰ লক্ষ্যৰে কৰ্পোৰেট টেক্স হ্ৰাস কৰাৰ পাছতে কোম্পানীটোৱে গাড়ীৰ মূল্য হ্ৰাস কৰে।

শাৰদীয় উৎসৱৰ বতৰত কৰা এই মূল্য হ্ৰাসৰ ঘোষণাই গ্ৰাহকক আকৰ্ষণ কৰাৰ লগতে বজাৰত চাহিদাও বৃদ্ধি কৰিব বুলি আশা কৰা হৈছে।

Related News