কি কাৰণে মাৰুতিয়ে ওভতাই বিচাৰিলে ৬৩ হাজাৰতকৈয়ো অধিক কাৰ?

Maruti-Suzuki-Ertiga-Ciaz-Hybrid-600x317

দেশৰ আগশাৰীৰ গাড়ী নিৰ্মাতা মাৰুতি চুজুকি ইণ্ডিয়াই ৬০ হাজাৰতকৈয়ো অধিক কাৰ বজাৰৰ পৰা ওভতাই বিচাৰিছে।

মাৰুতিৰ তৰফৰ পৰা জানিবলৈ দিয়া মতে সুৰক্ষা দিশলৈ লক্ষ্য ৰাখি কোম্পানীটোৱে Ciaz, Ertiga আৰু XL6ৰ ৬৩,৪৯৩ গাড়ী ঘুৰাই বিচাৰিছে।

মাৰুতিয়ে সদৰী কৰা মতে কোম্পানীটোৱে মটৰ জেনেৰটৰ য়ুনিটত খুঁত থকাৰ বাবে এই সিদ্ধান্ত গ্ৰহণ কৰা হৈছে।

মাৰুতিয়ে এতিয়া এই কাৰসমূহৰ মডেলৰ তদন্ত কৰিব। ইয়াৰ বাবে গ্ৰাহকৰ পৰা কোনো পইচা লোৱা নহয়।

কোম্পানীটোৱে ২০১৯’ৰ ১জানুৱাৰিৰ পৰা ২০১৯’ৰ ২১ নৱেম্বৰৰ মাজত নিৰ্মাণ কৰা কাৰসমূহ ওভতাই বিচাৰিছে।

গোটেই বিশ্বতে এই কাৰসমূহ ৬ডিচেম্বৰ,২০১৯’ৰ পৰা ওভতাই বিচৰাৰ অভিযান আৰম্ভ কৰা হৈছে।

আনহাতে, এই খৱৰৰ পাছতে মাৰুতিৰ শ্বেয়াৰত প্ৰায় ২ শতাংশৰ অৱনতি ঘটিছে। শুকুৰবাৰে ব্যৱসায়ৰ অন্তিম ঘন্টাত মাৰুতিৰ শ্বেয়াৰ দৰ ১.৭৯ শতাংশ হ্ৰাস পাই ৬৮৮০ টকা দৰলৈ নামিছে।

ইপিনে, মাৰুতি চুজুকিয়ে ২০২০চনৰ জানুৱাৰিৰ পৰা তেওঁলোকৰ কাৰৰ দাম বৃদ্ধি কৰাৰ কথা ঘোষণা কৰিছিল।

অলপতে কোম্পানীটোৱে কৈছিল যে বিগত এবছৰত কেঁচা সামগ্ৰীৰ মূল্য বৃদ্ধিৰ বাবে ইয়াৰ দাম বঢ়োৱা হৈছে।

অৱশ্যে কোম্পানীটোৱে কিমান দাম বৃদ্ধি কৰিব সেয়া এতিয়াও সদৰী কৰা নাই।

আনহাতে, কোম্পানীটোৱে ভাৰতীয় বজাৰত ২ কোটিতকৈয়ো অধিক গাড়ী বিক্ৰীৰ অভিলেখ গঢ়িছে। মাৰুতিয়ে ইয়াৰ ৩৬ বছৰত এই অভিলেখ গঢ়িছে।

১৯৮৩চনত মাৰুতিয়ে ভাৰতত প্ৰথমখন কাৰ মুকলি কৰিছিল। কোম্পানীটোৰ আটাইতকৈ জনপ্ৰিয় এই কাৰখন আছিল MARUTI 800।