NORTHEAST NOW (Assamese)

বিতৰ্কৰ অন্ত; নিখাত জেৰিন আৰু মেৰীকমৰ মাজত হ’ব অলিম্পিক ট্ৰায়েল

December 24, 2019 12:54 pm · এন ই নাও নিউজ

মহিলা বক্সাৰ নিখাত জেৰিনে ছবাৰৰ বিশ্ব মহিলা বক্সিং চেম্পিয়ন মেৰীকমৰ বিৰুদ্ধে বক্সিং ৰিঙত যুঁজাৰ বাবে মনত যি সপোন পুহি ৰাখিছিল সেয়া অতি শীঘ্ৰে বাস্তৱত ৰূপায়ণ হ’ব।

২০২০ টকিঅ’ অলিম্পিক গেইমছৰ যোগ্যতা নিৰ্ণায়ক মেচৰ ৫১ কেজি শাখাত নিখাত জেৰিনে মেৰীকমৰ বিৰুদ্ধে অৱতীৰ্ণ হোৱাৰ পূৰ্ণ সম্ভাৱনাই দেখা দিছে।

বক্সিং ফেডাৰেশ্যন অব ইণ্ডিয়াৰ নিৰ্বাচক সমিতিয়ে ট্ৰায়েলৰ বাবে ঘোষণা কৰা মহিলাৰ ৫১ কেজি শাখাত নিখাত জেৰিনে স্থান লাভ কৰিছে। তেওঁৰ উপৰি মেৰীকম, জ্যোতি গুলীয়া আৰু হাৰিয়ানাৰ ঋতু গ্ৰেবালকো স্থান দিয়া হৈছে।

অহা ২৭ আৰু ২৮ ডিচেম্বৰত ইন্দিৰা গান্ধী ষ্টেডিয়ামত ট্ৰায়েল মেচসমূহ অনুষ্ঠিত হ’ব।

৫১ কেজি শাখাৰ প্ৰথম বাচনিযুক্ত বক্সাৰ মেৰীকমে চতুৰ্থ বাচনিৰ ঋতু গ্ৰেবালৰ সৈতে আৰু দ্বিতীয় বাচনিৰ জেৰিনে তৃতীয় বাচনিৰ জ্যোতি গুলীয়াৰ বিৰুদ্ধে অৱতীৰ্ণ হ’ব।

এই মেচ দুখনত যদিহে নিখাত আৰু মেৰীকম বিজয়ী হয় তেন্তে দুয়োৰে মাজত অনুষ্ঠিত হ’ব নিৰ্ণায়ক ট্ৰায়েল মেচখন। ইতিমধ্যে ইয়াকে লৈ তীব্ৰ চৰ্চা আৰম্ভ হোৱাৰ লগতে সকলোৰে দৃষ্টি নিবদ্ধ থাকিব।

নিৰ্ণায়ক ট্ৰায়েল মেচখনৰ বিজয়ীয়ে মহিলাৰ ৫১ কেজি শাখাত ২০২০ টকিঅ’ অলিম্পিক গেইমছৰ যোগ্যতা নিৰ্ণায়ক মেচত ভাৰতক প্ৰতিনিধিত্ব কৰিব।

বক্সিং ফেডাৰেশ্যনে জনোৱা অনুসৰি, প্ৰত্যেক শাখাৰে ট্ৰায়েলৰ বিজয়ী সকলে অহা বৰ্ষৰ ৩-১৪ ফেব্ৰুৱাৰিত চীনৰ য়ুহানত অনুষ্ঠিত হ’বলগীয়া এছিয়া আৰু অলিম্পিক কোৱালিফায়াৰৰ ভাৰতীয় দলত স্থান লাভ কৰিব।

উল্লেখ্য যে প্ৰাক্তন জুনিয়ৰ বিশ্ব চেম্পিয়ন নিখাত জেৰিনে মেৰীকমতকৈও নিজৰ দক্ষতা-সামৰ্থ্য অধিক বুলি দাবী কৰাৰ লগতে সেইটো প্ৰমাণ কৰিবলৈ মেৰীকমৰ সৈতে বক্সিং ৰিঙত নমাৰ প্ৰত্যাহ্বান জনাইছিল।

Related News