শিশুৱে মাস্ক পিন্ধাটো স্বাস্থ্যৰ পক্ষে ক্ষতিকাৰক! : জাপানী শিশু চিকিৎসক সংস্থাৰ দাবী

index.jpg33

প্ৰতিনিধিত্বমূলক ছবি

দুবছৰৰ তলৰ শিশুৱে মাস্ক পৰিধান কৰাটো ক্ষতিকাৰক স্বাস্থ্যৰ পক্ষে ক্ষতিকাৰক। মঙলবাৰে জাপানৰ এদল চিকিৎসকে এইদৰে কয়।

চিকিৎসকৰ দলটোৱে কয় যে দুবছৰৰ তলৰ শিশুৱে মাস্ক পৰিধান কৰিলে শ্বাস-প্ৰশ্বাসত সমস্যাৰ সন্মুখীন হয়।

জাপানীজ শিশুৰোগ সংস্থাৰ মতে শিশুসকলে মাস্ক পিন্ধাৰ ফলত উশাত কষ্ট পোৱাৰ লগতে তেওঁলোকৰ টেঁটু চেপি ধৰাৰ দৰে সমস্যাৰো সন্মুখীন হয়।

সংস্থাটোৰ মতে ইয়াৰ ফলত দুবছৰৰ তলৰ শিশুসকলৰ শৰীৰৰ উত্তাপ বাঢ়ি যায়।

‘দুবছৰৰ তলৰ শিশুক মাস্ক পিন্ধোৱা বন্ধ কৰক।’ সংস্থাটোৱে নিজৰ ৱেবটাইটৰ এখন জাননীত এইদৰে উল্লেখ কৰিছে।

ক’ৰ’না ভাইৰাছ সংক্ৰমণৰ পৰা ৰক্ষা পাবলৈ বিশ্বৰ সকলো ৰাষ্ট্ৰই মাস্ক পৰিধান কৰাটো বাধ্যতামূলক কৰিছে।

ইতিমধ্যে ভাৰত চৰকাৰে পণ্য সামগ্ৰী আইন, ১৯৫৫ৰ অধীনত এন-৯৫ মাস্কক প্ৰয়োজনীয় পণ্য সামগ্ৰী বুলি বিজ্ঞপ্তি জাৰি কৰিছে।

আৰু এই আইনৰ অধীনত এন-৯৫ মাস্কৰ বিজ্ঞাপন আৰু ক’লা বজাৰক চৰকাৰে দণ্ডণীয় অপৰাধ হিচাপে গণ্য কৰিছে।

ইফালে ৰাষ্ট্ৰীয় দুৰ্যোগ ব্যৱস্থাপনা আইন, ২০০৫ৰ অধীনত ৰাজ্য আৰু কেন্দ্ৰীয় শাসিত অঞ্চলসমূহক চাৰ্জিকেল আৰু প্ৰটেক্টিভ মাস্ক, হেণ্ড চেনিটাইজাৰ আৰু হাত মোজা ন্যূনতম দামত বিক্ৰীৰ বাবে নিৰ্দেশ দিছে।