Breaking News যোৰহাটত ভয়ংকৰ ঘটনা: গণপ্ৰহাৰত নিহত আছু নেতা

পুনৰ গণপ্ৰহাৰৰ ঘটনাই জোকাৰি গৈছে সমগ্ৰ ৰাজ্যকে।

যোৰহাটৰ মাজমজিয়াত আজি বিয়লিৰ ভাগত গণপ্ৰহাৰত নিহত হৈছে এগৰাকী স্থানীয় আছু নেতা ।

নিহত ছাত্ৰ নেতা গৰাকীৰ নাম অনিমেষ ভূঞা।

জানিব পৰা মতে আজি বিয়লিৰ ভাগত এজন লোকে মদ খাই দুৰ্ঘটনাত পতিত হোৱাত লোক জনক উদ্ধাৰ কৰিবলৈ যোৱাৰ সময়তে অনিমেষ আৰু তেওঁৰ লগত থকা আন তিনি জন বন্ধুক একাংশ লোকে প্ৰহাৰ কৰিবলৈ আৰম্ভ কৰে।

অনিমেষ আৰু আন তিনি জন যুৱকৰ বাবেই লোক জন দুৰ্ঘটনাত পতিত হোৱা বুলি অভিযোগ কৰিয়েই একাংশ লোকে তেওঁলোকক গণপ্ৰহাৰ কৰে।

যোৰহাটৰ ট্ৰাক ষ্টেণ্ডৰ পৰা নিৰ্মল চাৰিআলি পৰ্যন্ত প্ৰায় ২০-২৫ মিনিট ধৰি যুৱক কেইজনক গণপ্ৰহাৰ কৰা হয়।

ফলত লগে লগে মৃত্যু ঘটে আছু নেতা অনিমেষ ভূঞাৰ। 

নিহত ছাত্ৰ অনিমেষ ব্ৰহ্মপুত্ৰ আঞ্চলিক ছাত্ৰ সন্থাৰ শিক্ষা সম্পাদক আছিল।

ঘটনাটোত অনিমেষৰ লগত থকা এটা বৈদ্যুতিন চেনেলৰ সাংবাদিক মৃদুস্মন্ত বৰুৱাও আহত হয়।

আহত আনসকলৰ নাম এতিয়াও জানিব পৰা হোৱা নাই।

যুৱককেইজনৰ ঘৰ গোলাঘাটত।

গোলাঘাটৰ পৰা বিশেষ কামত তেওঁলোক যোৰহাটলৈ গৈছিল।

আৰক্ষীয়ে ভিডিঅ’ ফুটেজৰ ওপৰত ভিত্তি কৰি এতিয়ালৈকে ছজন লোকক আটক কৰিবলৈ সক্ষম হৈছে বুলি জানিব পৰা গৈছে।

ছাত্ৰ নেতা জনৰ লগতে আন তিনিজন যুৱকক প্ৰায় ৫০ জন লোকে গণপ্ৰহাৰ কৰিছিল।

তাৰ ভিডিঅ’ ফুটেজো এতিয়া ছ’চিয়েল মিডিয়াত বিয়পি পৰিছে।

ইমানৰ পিছতো আৰক্ষীয়ে মাত্ৰ কেইজনমান লোককহে আটক কৰিবলৈ সক্ষম হোৱাত প্ৰতিক্ৰিয়াৰ সৃষ্টি হৈছে।

যোৰহাটৰ গণপ্ৰহাৰৰ ঘটনাত জড়িত থকাৰ অভিযোগত ছজন লোকক গ্ৰেপ্তাৰ।

যোৰহাট আৰক্ষীয়ে লোককেইজনক গ্ৰেপ্তাৰ কৰিছে।

ধৃত লোককেইজন ক্ৰমে বিতুপন দাস, সুভাষ বৰা, বিক্ৰম দাস, অবিনাশ বৰা, দেৱ দাস আৰু মোহন দাস।
বৰ্তমান যোৰহাট আৰক্ষীয়ে তেওঁলোকক জেৰা অব্যাহত ৰাখিছে।

সোমবাৰে বিয়লি যোৰহাটত সংঘটিত হোৱা নিৰ্মম গণপ্ৰহাৰৰ ঘটনাই সমগ্ৰ অসম জোকাৰিছে।

একাংশ উন্মত্ত লোকৰ আক্ৰমণত গোলাঘাটৰ ছাত্ৰ নেতা অবিনাশ ভূঞাই কৰুণ মৃত্যুক সাৱতিবলগীয়া হৈছে।
গুৰুতৰভাৱে আহত হৈছে আন দুজন যুৱক।

দুৰ্ঘটনা সংঘটিত কৰাৰ অভিযোগ তুলি যুৱক তিনিজনৰ ওপৰত একাংশ দুৰ্বৃত্ত জঁপিয়াই পৰিছিল।
অতি নিৰ্মমভাৱে তেওঁলোকক গুৰুলা গুৰুলকৈ প্ৰহাৰ কৰিছিল।

সদৌ অসম ছাত্ৰ সন্থাই যোৰহাটৰ এই কাণ্ডৰ উচিত তদন্ত বিচাৰিছে। আছুৱে লগতে ঘটনাৰ মূল অভিযুক্তক সোনকালে কৰায়ত্ব কৰাৰ দাবী তুলিছে।

ইপিনে অবিনাশ ভূঞাৰ মৃতদেহ তেওঁৰ দেৰগাঁৱৰ ঘৰলৈ অনা হৈছে।

মৃতদেহ আহি পোৱাৰ লগে লগে দেৰগাঁৱতো এটা উত্তপ্ত পৰিস্থিতিৰ সৃষ্টি হৈছে।

একাংশই অসম আৰক্ষীৰ ব্যৰ্থতাৰ অভিযোগ আনি পৰিস্থিতি উত্তপ্ত কৰি তুলিছে।