শদিয়াৰ চৈখোৱাৰ গণহত্যা : আজি তিনিচুকীয়া বন্ধ, ঘটনাত জড়িত থকাৰ কথা অস্বীকাৰ আলফা (স্বাঃ)ৰ

123-750x375

তিনিচুকীয়া জিলাৰ শদিয়াৰ ধলা চৈখোৱা খেৰবাৰী ঘাটত বৃহস্পতিবাৰে সন্ধিয়া প্ৰায় ৯ বজাত অচিনাক্ত বন্দুকধাৰীৰ অপ্ৰৰোচিত গুলীচালনাত ৫ জন লোক ঘটনাস্থলীতে নিহত হোৱা ঘটনাৰ প্ৰতিবাদত সদৌ অসম বঙালী ফেডাৰেশ্যনে আজি তিনিচুকীয়া জিলা বন্ধৰ আহ্বান দিছে।

কালিৰ এই জঘন্য গণহত্যাৰ প্ৰতিবাদত বঙালী ফেডাৰেশ্যনে আজি আহ্বান কৰা তিনিচুকীয়া জিলা বন্ধত ধলা, শদিয়া, ডুমডুমাত বন্ধৰ সৰ্বাত্মক প্ৰভাৱ পৰা বুলি জানিব পৰা গৈছে।

সংবাদ মাধ্যমলৈ আলফা (স্বাঃ)ই প্ৰেৰণ কৰা বিবৃতি।

আনহাতে, শদিয়াৰ চৈখোৱা ঘাটৰ এই ঘটনাৰ লগত আলফা (স্বাঃ) কোনো পধ্যে জড়িত নহয় বুলি সংবাদ মাধ্যমলৈ প্ৰেৰণ কৰা এক বিবৃতিযোগে সংগঠনটোৱে জনাইছে। আলফা (স্বাঃ)ৰ প্ৰচাৰ বিভাগৰ সদস্য ৰুমেল অসমে প্ৰেৰণ কৰা বিবৃতিটোত উক্ত গণহত্যাৰ ঘটনাত সংগঠনটো জড়িত থকাৰ কথা অস্বীকাৰ কৰিছে।

ইপিনে, কেন্দ্ৰীয় গৃহমন্ত্ৰী ৰাজনাথ সিঙে শদিয়াৰ গুলীচালনাৰ ঘটনা সংঘটিত হোৱাৰ পাছতে মুখ্যমন্ত্ৰী সৰ্বানন্দ সোণোৱাললৈ টেলিফোন কৰি ঘটনাৰ বুজ লয় আৰু দুস্কৃতিকাৰীৰ বিৰুদ্ধে কঠোৰ পদক্ষেপ গ্ৰহণৰ বাবে নিৰ্দেশ দিয়ে।

বৃহস্পতিবাৰে সংঘটিত হোৱা এই অপ্ৰৰোচিত গুলীচালনাৰ ঘটনাটোত নিহত হৈছিল অনন্ত নমঃশূদ্ৰ, অবিনাশ নমঃশূদ্ৰ, সুবল দাস, ধনাই নমঃশূদ্ৰ আৰু শ্যামল বিশ্বাস নামৰ পাঁচজনকৈ লোক।

তিনিচুকীয়াৰ অতিৰিক্ত আৰক্ষী অধীক্ষক প্ৰশান্ত সোণোৱালে জানিব দিয়া মতে, “ধলা আৰক্ষী থানাৰ অন্তৰ্গত খেৰবাৰী গাঁৱৰ এখন ধাবাত চাৰিজন যুৱকে লুডু খেলি আছিল। তেনে সময়তে আলফা (স্বাঃ) বুলি সন্দেহ কৰা মটৰ চাইকেলত অহা বন্দুকধাৰীয়ে লোকসকলৰ ওপৰত চলোৱা গুলীত আটাইকেইজন যুৱকেই মৃত্যু মুখত পৰে।”