ৰক্তাক্ত ম্যানমাৰত এদিনতে ১১৪ গৰাকী লোকক হত্যা কৰিলে সেনাই

১২ খন দেশৰ প্ৰতিৰক্ষামন্ত্ৰীয়ে সমূহীয়া বিবৃতি প্ৰকাশ কৰি গৰিহণা দিলে জুণ্টাক

a mnyanmar

সম্পূৰ্ণ অগণতান্ত্ৰিক ভাবে শাসন ভাৰ নিজৰ হাতলৈ নিয়া ম্যানমাৰৰ সামৰিক শাসকৰ নৃশংসতাত এতিয়া কঁপি উঠিছে সমগ্ৰ বিশ্ব।

মাত্ৰ এটা দিনটোতে ম্যানমাৰত সেনাই হত্যা কৰিছে সামৰিক শাসনৰ বিৰোধিতা কৰা ১১৪ গৰাকীকৈ প্ৰতিবাদকাৰীক।

ম্যানমাৰৰ ইতিহাসৰ এই ক’লা দিনটোতে দক্ষিণ পূৱ এছিয়াৰ পাহাৰীয়া দেশখনৰ সামৰিক প্ৰশাসনে গণতন্ত্ৰকামী প্ৰায় ১১৪ গৰাকী নিৰস্ত্ৰ প্ৰতিবাদকাৰীক হত্যা কৰিছে।

জুণ্টাই দেশখনৰ জনতা আৰু গণতন্ত্ৰক সুৰক্ষা দিব বুলি ঘোষণা কৰাৰ পিছতেই ম্যানমাৰৰ সামৰিক শাসকৰ সেনাই দেশখনৰ বিভন্ন চহৰত এই হত্যা লীলা সংঘটিত কৰিছে।

উল্লেখ্য যে অলপতে ৩২০ গৰাকী নিৰপৰাধী প্ৰতিবাদকাৰীক হত্যা কৰাৰ পিছত দেশখনৰ সামৰিক জেনেৰেলসকলে সামৰিক দিৱস উদযাপন কৰিছিল আৰু ইয়াৰ পিছতেই ম্যানমাৰৰ বিভিন্ন চহৰ ১১৪ জনকৈ প্ৰতিবাদকাৰীক হত্যা কৰা বুলি প্ৰকাশ পাইছে সংবাদ মাধ্যমত।

আন্তঃৰাষ্ট্ৰীয় সংবাদ সংস্থাসমূহৰ মতে য়াংগুণৰ দালা আৰক্ষী থানাৰ সন্মুখত নিৰস্ত্ৰ প্ৰতিবাদকাৰীৰ ওপৰত মুক্তভাৱে সেনাই গুলীচালনা কৰি অতি কমেও চাৰিজন প্ৰতিবাদকাৰীক হত্যা কৰিছে।

ইফালে সংবাদ সংস্থা ৰয়টাৰৰ মতে ইনছেইন জিলাৰ ২১ বছৰ অনুৰ্ধৰ ফুটবল দলৰ তিনিগৰাকী সদস্যক সেনাই গুলীয়াই হত্যা কৰিছে। ফুটবল দলটোৱে গণতন্ত্ৰকামী সমদলত অংশগ্ৰহণ কৰিছিল।

স্থানীয় সংবাদ পত্ৰ ম্যানমাৰ নাওৰ মতে মাণ্ডালয়ৰ বিভিন্ন প্ৰান্তত ম্যানমাৰ সেনাই অতি কমেও ১৩ গৰাকী প্ৰতিবাদকাৰীক গুলীয়াই হত্যা কৰিছে।

ইফালে সামাজিক মাধ্যমত এক ভিডিঅ’ ভাইৰেল হৈছে য’ত চহৰৰ জনশূন্য পথেদি মটৰচাইকেলেৰে গৈ থকা দুগৰাকী পথচাৰীক সেনাবাহিনীৰ এখন বাহনৰ পৰা সেনাই গুলীচালনা কৰিছে আৰু তৎক্ষণাতে গুলীবিদ্ধ দুয়োগৰাকী লোকক মাটিত ঢলি পৰিছে।

ম্যানমাৰৰ সেনাৰ এনে নৃশংসতাক কঠোৰ ভাষাৰে গৰিহণা দি বিশ্বৰ ১২ খন দেশৰ প্ৰতিৰক্ষামন্ত্ৰীয়ে আজি এক যৌথ বিবৃতি প্ৰকাশ কৰিছে।

এই বিবৃতিত স্বাক্ষৰ কৰিছে আমেৰিকা, জাপান, ব্ৰিটেইন, অষ্ট্ৰেলিয়াকে ধৰি বিশ্বৰ ১২ খন দেশৰ প্ৰতিৰক্ষামন্ত্ৰীয়ে।