NORTHEAST NOW (Assamese)

২ নৱেম্বৰত মানৱ অধিকাৰ সংগ্ৰাম সমিতিৰ ৩১ সংখ্যক কেন্দ্ৰীয় প্ৰতিষ্ঠা দিৱসৰ আয়োজন

November 1, 2021 3:15 pm · প্রণৱ কুমাৰ ডেকা,বঙাইগাঁও
প্ৰতিনিধিত্বমূলক ছবি

মানৱ অধিকাৰৰ হকে অবিৰতভাৱে গণতান্ত্ৰিক সংগ্ৰাম অব্যাহত ৰখা ৰাজ্যখনৰ অন্যতম অগ্ৰণী মানৱাধিকাৰ সংগঠন মানৱ অধিকাৰ সংগ্ৰাম সমিতি(মাছ)ৰ ৩১ সংখ্যক কেন্দ্ৰীয় প্ৰতিষ্ঠা দিৱসটি এইবাৰ ২ নবেম্বৰত দিনযোৰা কাৰ্যসূচীৰে বঙাইগাঁৱত উদযাপিত হ’ব ৷

বঙাইগাঁও জিলা মাছৰ উদ্যোগত টেঙাইগাঁও লাইব্ৰেৰিয়ান ক্লাবত অনুষ্ঠিত হ’বলগীয়া প্ৰতিষ্ঠা দিৱসৰ কাৰ্যসূচী অনুসৰি উক্তদিনা পুৱা ৯ বজাত পতাকা উত্তোলনেৰে অনুষ্ঠানৰ শুভাৰম্ভ কৰিব মাছৰ কেন্দ্ৰীয় সমিতিৰ উপাধ্যক্ষ ৰহিন্দ্ৰ সিংহই ৷

ইয়াৰ পিছতে শ্বহীদ পৰিয়ালৰ সদস্যই শ্বহীদ তৰ্পন আৰু বন্তি প্ৰজ্বলন কৰি শ্বহীদ তৰ্পন অনুষ্ঠানৰ শুভাৰম্ভ কৰিব ৷
আনহাতে গছ পুলি ৰোপন কৰিব বঙাইগাঁও জিলা মাছৰ অধ্যক্ষ বিজয় নাৰায়ণ বৰুৱাই ৷

পুৱা ১১ বজাত অনুষ্ঠিত হ’ব মুকলি সভা ৷ মাছৰ কেন্দ্ৰীয় সমিতিৰ ভাৰপ্ৰাপ্ত সচিব প্ৰধান লক্ষী প্ৰসাদ ডেকাই আঁত ধৰিবলগীয়া মুকলি সভাত যৌথভাৱে সভাপতিত্ব কৰিব মাছৰ অধ্যক্ষ আদিত্য লহকৰ আৰু কাৰ্যকৰী অধ্যক্ষ কেশৱ চন্দ্ৰ চহৰীয়াই ৷

টেঙাইগাঁও হাইস্কুলৰ ভাৰপ্ৰাপ্ত প্ৰধান শিক্ষক অজিত সৰকাৰে উদ্বোধন কৰিবলগীয়া মুকলি সভাত বিশিষ্ট আইনবিদ বিজয় চৌধুৰীয়ে মুখ্য অতিথি, মাছৰ মুখ্য উপদেষ্টা বুবুমণি গোস্বামীয়ে নিৰ্দিষ্ট বক্তা, বিশিষ্ট আইনবিদ ভূপতি ৰঞ্জন গোস্বামী, তপন দাস, সাংবাদিক সুজিত কুমাৰ ৰায়, অৱসৰপ্ৰাপ্ত অধ্যাপক বলেন সিংহ, মাছৰ কেন্দ্ৰীয় সদস্য প্ৰফুল্ল কুমাৰ দাস আৰু মাছৰ প্ৰাক্তন কেন্দ্ৰীয় সদস্য তথা সাংবাদিক কিশোৰ দাসে বিশিষ্ট অতিথি হিচাপে উপস্থিত থাকিব ৷

আনহাতে সন্মানীয় অতিথি হিচাপে আছু, আক্ৰাছু, অসম জাতীয়তাবাদী যুৱ ছাত্ৰ পৰিষদ, বৃহত্তৰ বঙাইগাঁও প্ৰেছ ক্লাব, আৰছু, কে এম এছ এছ, গৰিয়া মৰিয়া দেশী জাতীয় পৰিষদৰ নেতৃবৃন্দ, মাছৰ মুখ্য সাংগঠনিক সচিব প্ৰশান্ত মোগক, বিত্তীয় সচিব বুধেন বৰা তথা কেন্দ্ৰীয় নেতৃবৃন্দ উপস্থিত থাকিব ৷

সন্ধিয়া বন্তি প্ৰজ্বলনৰে প্ৰতিষ্ঠা দিৱসৰ কাৰ্যসূচীৰ সামৰণি পৰিব ৷ বন্তি প্ৰজ্বলন কৰিব বঙাইগাঁও জিলা মাছৰ সচিব বিকাশ কৰ্মকাৰে ৷

Related News