NORTHEAST NOW (Assamese)

তিনিচুকীয়াত একেলগে পাঁচটা ৰন্ধনগেছৰ চিলিণ্ডাৰ বিস্ফোৰণৰ ফলত ভয়াবহ অগ্নিকাণ্ড

August 26, 2019 4:47 pm · এন ই নাও নিউজ
তিনিচুকীয়াত অগ্নিকাণ্ড

তিনিচুকীয়া জিলাৰ বালুগাডাত আজি পাঁচটাকৈ ৰান্ধন গেছৰ চিলিণ্ডাৰৰ বিস্ফোৰণ ঘটি সংঘটিত হোৱা ভয়ংকৰ অগ্নিকাণ্ডই সমগ্ৰ অঞ্চলটোত ত্ৰাসৰ সৃষ্টি কৰে।

জানিব পৰা মতে, এটা ঘন জন বসতিপূৰ্ণ অঞ্চলত দুপৰীয়াৰ ভাগত দুৰ্ভাগ্যজনক ভাৱে ৰন্ধন গেছৰ এটা চলিণ্ডাৰ বিস্ফোৰণ হোৱাৰ পাছতে জুয়ে অঞ্চলটো আগুৰি ধৰে আৰু ইয়াৰ পাছতে ক্ৰমান্বয়ে বাকী চাৰিটা চিলিণ্ডাৰৰ বিস্ফোৰণ ঘটে আৰু জুয়ে ভয়াবহ ৰূপ ধাৰণ কৰে।

চিলিণ্ডাৰ বিস্ফোৰণৰ ফলত সংঘটিত হোৱা ভয়ংকৰ জুয়ে মুহুৰ্তৰ ভিতৰতে থকা ঘৰৰ টিনপাত, বেৰ, সা-সামগ্ৰী ভস্মীভূত কৰে।

অগ্নি কাণ্ডৰ বাতৰি পায়ে দুলীয়াজানৰ অইল ইণ্ডিয়া লিমিটেডৰ পৰা দুখন অগ্নিনিৰ্বাপক বাহিনীৰ বাহন আহি ঘটনাস্থলীত উপস্থিত হয় আৰু তিনিচুকীয়া অগ্নিনিৰ্বাপক বাহিনীৰো পাঁচখন অগ্নি নিৰ্বাপক বাহন ঘটনাস্থলীত উপস্থিত হৈ জুই নুমুৱাবলৈ অভিযান আৰম্ভ কৰে।

দীৰ্ঘ সময়জুৰি অগ্নি নিৰ্বাপক বাহিনী আৰু অইল ইণ্ডিয়াৰ কৰ্মীসকলৰ যুটীয়া প্ৰচেষ্টাত জুই নিয়ন্ত্ৰণ কৰিবলৈ সক্ষম হয়।

বাতৰি লিখাৰ সময়লৈ অগ্নিকাণ্ডৰ প্ৰকৃত ৰহস্য ফাদিল হোৱা নাই যদিও ভয়াবহ অগ্নিকাণ্ডটোৰ ফলত কেইবা লাখ টকাৰ সা-সম্পত্তি ভস্মীভূত হৈছে বুলি জানিব পৰা গৈছে।

Related News