• About
  • Copyright
  • Privacy Policy
  • Authors
  • Contact
English |  
Wednesday, January 27, 2021
NORTHEAST NOW (Assamese)
  • মুখ্যপৃষ্ঠা
  • অসম
  • নৰ্থ-ইষ্ট
    • অৰুণাচল
    • অসম
    • ছিকিম
    • ত্ৰিপুৰা
    • নাগালেণ্ড
    • মণিপুৰ
    • মিজোৰাম
    • মেঘালয়
  • প্ৰতিৱেশী
  • অভিমত
  • ক্ৰীড়া
  • বাণিজ্য
  • সংস্কৃতি
  • সাহিত্য
  • অটো
  • জলিউদ
  • জীৱনশৈলী
  • প্ৰযুক্তি
  • মনোৰঞ্জন
No Result
View All Result
  • মুখ্যপৃষ্ঠা
  • অসম
  • নৰ্থ-ইষ্ট
    • অৰুণাচল
    • অসম
    • ছিকিম
    • ত্ৰিপুৰা
    • নাগালেণ্ড
    • মণিপুৰ
    • মিজোৰাম
    • মেঘালয়
  • প্ৰতিৱেশী
  • অভিমত
  • ক্ৰীড়া
  • বাণিজ্য
  • সংস্কৃতি
  • সাহিত্য
  • অটো
  • জলিউদ
  • জীৱনশৈলী
  • প্ৰযুক্তি
  • মনোৰঞ্জন
No Result
View All Result
NORTHEAST NOW (Assamese)
English
Home উত্তৰ-পূব অসম

শীঘ্ৰেই অসমীয়া আখৰেৰেও ইমেইল ঠিকনা খোলাৰ সুবিধা

ডেটা এক্সজেন টেকন'লজি নামৰ এটা ভাৰতীয় প্ৰযুক্তি প্ৰতিষ্ঠানে আনিছে এই সুবিধা

NE NOW NEWS এন ই নাও নিউজ
গুবাহাটী , August 26, 2019 8:26 pm

2 min read

Dr Ajay Data

ডেটা জেন টেকনি'লজিৰ প্ৰতিষ্ঠাপক ড০ অজয় ডেটা।

2.6k
VIEWS
Share on FacebookShare on Twitter

ডেটা এক্সজেন নামৰ এটা ভাৰতীয় প্ৰযুক্তি প্ৰতিষ্ঠানে অচিৰেই অসমীয়াকে ধৰি নিচে কমেও ১৫টা ভাৰতীয় ভাষাৰ আখৰবোৰ ব্যৱহাৰ কৰি ইমেইল ঠিকনা খোলাৰ সুবিধা দিব।

”ডেটামেইল নামৰ এটা ইমেইল এপ্লিকেইশ্যনৰ জৰিয়তে এয়া সম্ভৱ হ’ব”, প্ৰতিষ্ঠানটোৱে এটা প্ৰেছ বিজ্ঞপ্তিত কয়।

এই ডেটামেইলৰ মাধ্যমত ইতিপূৰ্বে কেইবাটাও বিদেশী ভাষাৰ লগতে হিন্দী, বাংলা, মাৰাঠী, উৰ্দু, পাঞ্জাবী আদিকে ধৰি কেইবাটাও ভাৰতীয় ভাষাৰ আখৰ ব্যৱহাৰ কৰি ইমেইল ঠিকনা ব্যৱহাৰ কৰাৰ সুবিধা দিয়া হৈছে।

প্ৰতিষ্ঠানটোৱে জনোৱামতে, শেহতীয়াকৈ ইয়াত সংযোগ কৰা হ’ব অসমীয়া, উৰিয়া, মালয়ালম আৰু কানাড়া ভাষাৰ আখৰত ইমেইল ঠিকনা খোলাৰ সুবিধা।

বিজ্ঞপ্তিখনত কোৱা হয় যে ‘ডেটামেইল’ হৈছে বিশ্বৰ প্ৰথম ভাষিক ইমেইল এপলিকেশ্যন, যাক ডেটা এক্সজেন টেকন’লজিছে ডেভেলপ কৰিছে আৰু ই হৈছে বিনামূলীয়া ই মেইল সেৱা, য’ত এগৰাকী ব্যক্তিয়ে তেওঁৰ মাতৃভাষাত ইমেইল ঠিকনা নিৰ্মাণ কৰিব পাৰে আৰু তেওঁ বিচৰা ভাষাত ইমেইল যোগাযোগ স্থাপন কৰিব পাৰে।

ই ভাষিক অন্তৰায় নিৰসন কৰিবলৈ প্ৰয়াস কৰি আহিছে। এই অন্তৰায় আঁতৰ কৰাৰ বাবে প্ৰযুক্তি প্ৰতিষ্ঠানটোক প্ৰায় দুটা দশক সময় লাগিল। প্ৰতিষ্ঠানটোৱে এতিয়ালৈকে ২০-টাৰো অধিক ভাষাত সেৱা আগবঢ়াই আহিছে আৰু এইবছৰ ৩০টা ভাষাৰ সীমা স্পৰ্শ কৰাটো আমাৰ পৰিকল্পনা।

বিজ্ঞপ্তিটোত ডেটা এক্সজেন টেকন’লজিছৰ প্ৰতিষ্ঠাপক তথা মুখ্য কাৰ্যবাহী বিষয়া ডঃ অজয় ডেটাই কয়, “অসমীয়া কেৱল অসমৰেই ভাষা নহয়, ই হৈছে ভাৰতৰ এটা গুৰুত্বপূৰ্ণ ভাষা। ১৫নিযুতৰো অধিক লোকে এই ভাষাত কথা কয় আৰু এতিয়ালৈ তেওঁলোকে নিজৰ ভাষাটোত ইমেইল ঠিকনা বনাব নোৱাৰে।”

ডঃ ডেটা আন্তৰ্জাতিক ইণ্টাৰনেট কৰ্তৃপক্ষ (আই চি এ এন এন)ৰ চি চি এন এছ অ’ (কাণ্ট্ৰি কোড নেম ছিলেক্টিং কমিটী)ৰ সদস্য হিচাপে নিৰ্বাচিত প্ৰথমগৰাকী ভাৰতীয়, বিজ্ঞপ্তিটোত কোৱা হয়।

উল্লেখ কৰিব পাৰি যে Google-এ এতিয়ালৈকে কেৱল Latin character দিহে ইমেইল ঠিকনা খোলাৰ সুবিধা আগ বঢ়ায়।

Recent News

ৰাজ্যিক বিজেপিৰ সভাপতি ৰঞ্জিত দাসে ক’লে, ‘Who is সত্যৰঞ্জন? বিজেপিত কোনো সত্যৰঞ্জন নাই!’

ৰাজ্যিক বিজেপিৰ সভাপতি ৰঞ্জিত দাসে ক’লে, ‘Who is সত্যৰঞ্জন? বিজেপিত কোনো সত্যৰঞ্জন নাই!’

a job

অসমৰ পঞ্চায়ত আৰু গ্ৰামোন্নয়ন বিভাগত ওলাইছে চাকৰি, কোনে ,কেতিয়ালৈ কৰিব পাৰিব আবেদন? পঢ়ক সৱিশেষ

index.jpg

কাশ্মীৰৰ কুলগামত আইডি বিস্ফোৰণ : ১ গৰাকী জোৱান নিহত, আহত ৩ জোৱান

a ulfa

সময়সীমা বান্ধি দিলে আলফাই: ১৬ ফেব্ৰুৱাৰীৰ ভিতৰত মুক্তিপণ আদায় নিদিলে হত্যা কৰিব অপহৃত বিষয়া ৰাম কুমাৰক

নৰ্থ-ইষ্ট নাও এটা মাল্টি-এপ ভিত্তিক সম্পূৰ্ণভাৱে আঞ্চলিক, দ্বিভাষিক নিউজ প’ৰ্টেল। পেচাদাৰী ব্যক্তিৰ এটা গোটৰ নেতৃত্বত এই ডিজিটেল বাতৰি প্ৰতিষ্ঠানটোৱে উত্তৰ-পূবৰ আঠখন ৰাজ্য আৰু এইবোৰৰ প্ৰতিৱেশী দেশকেইখনৰ প্ৰতিটো খা-খবৰ সামৰি লোৱাৰ চেষ্টা কৰিব। দুটাকৈ ইংৰাজী এপ আৰু এটা অসমীয়া এপৰ সংস্কৰণ থকা এইটোৱে হ’ল এই ধৰণৰ প্ৰথমটো নিউজ প’ৰ্টেল। আমি ৰাজনৈতিকভাৱে নিৰপেক্ষ আৰু দক্ষিণ-পূব আৰু দক্ষিণ এছিয়াৰ মাজৰ প্ৰকৃত বা-বাতৰিৰ সাঁকোৰ ভূমিকা ল’বলৈ চেষ্টা কৰিম।

 
Our Properties
 
  • ⚪ NORTHEAST NOW
  • ⚪ NORTHEAST JOBS
  • ⚪ NORTHEAST TENDERS
  • ⚪ INNFINITY
  • About
  • Copyright
  • Privacy Policy
  • Authors
  • Contact

© 2018 - Maintained by EZEN Software & Technology Pvt. Ltd

No Result
View All Result
  • মুখ্যপৃষ্ঠা
  • অসম
  • নৰ্থ-ইষ্ট
    • অৰুণাচল
    • অসম
    • ছিকিম
    • ত্ৰিপুৰা
    • নাগালেণ্ড
    • মণিপুৰ
    • মিজোৰাম
    • মেঘালয়
  • প্ৰতিৱেশী
  • অভিমত
  • ক্ৰীড়া
  • বাণিজ্য
  • সংস্কৃতি
  • সাহিত্য
  • অটো
  • জলিউদ
  • জীৱনশৈলী
  • প্ৰযুক্তি
  • মনোৰঞ্জন

© 2018 - Maintained by EZEN Software & Technology Pvt. Ltd