বৰ্ষৰ প্ৰথমটো বানৰ কবলত পৰিছে অসম। বানৰ লগতে গৰাখহনীয়াৰ ফলতো বিস্তৰ ক্ষতি সাধনৰ সন্মুখীন হৈছে ৰাজ্যৰ জনসাধাৰণ। সমান্তৰালভাৱে ধুমুহাৰ তাণ্ডৱ আৰু প্ৰবল বৃষ্টিপাতে ৰাজ্যৰ বিভিন্ন ঠাইত সংহাৰ সৃষ্টি কৰিছে। মানুহৰ লগতে পশু-পক্ষীও অবৰ্ণনীয় পৰিস্থিতিৰ সন্মুখীন হৈছে।
এনে এক বিপদসংকুল পৰিস্থিতিত ৰাজ্য চৰকাৰক সাহায্য আৰু উদ্ধাৰ অভিযান তীব্ৰতৰ কৰিবলৈ ভাৰতৰ গণতান্ত্ৰিক যুৱ ফেডাৰেছন (ডি ৱাই এফ আই)ৰ অসম ৰাজ্যিক কমিটিয়ে দাবী জনাইছে।
এক বিবৃতি যোগে সংগঠনটোৱে কয়, “বান আৰু প্ৰাকৃতিক দুৰ্যোগকলৈ চৰকাৰ আৰু প্ৰশাসন যে মুঠেও প্ৰস্তুত নাছিল সেয়া পৰিস্থিতি পৰ্যৱেক্ষণ কৰিয়ে গম পোৱা গৈছে। শেহতীয়া খবৰ অনুসৰি ৰাজ্যৰ ১৯ খন জিলা বানৰ কবলত পৰিছে আৰু পৰিস্থিতি অবৰ্ণনীয় হৈ পৰিছে।”
“বিশ্বনাথ, চিৰাং, দৰং, লখিমপুৰ, শোণিতপুৰ, তামুলপুৰ, ওদালগুৰি, কামৰূপ, নলবাৰী, বৰপেটা, বঙাইগাঁও আদি জিলাৰ ঠাই বিশেষে বানে ভয়ংকৰ ৰূপ লৈছে। বহু ঠাইতে ৰাইজে নিজেই শিৱিৰ স্থাপন কৰিবলগীয়া হৈছে। বহু শিৱিৰত চৰকাৰে কোনো সাহায্য সামগ্ৰী যোগান ধৰিব পৰা নাই।”— বিবৃতিটোত লগতে কোৱা হৈছে।
তেনে এক বান শিৱিৰ আজি নলবাৰী জিলাৰ ডি ৱাই এফ আইৰ প্ৰতিনিধি দলে পৰিদৰ্শন কৰে বুলি লগতে উল্লেখ কৰে সংগঠনটোৱে। হালধীবাৰীস্থিত ভাৰতি হাইস্কুলত থকা অস্থায়ী শিবিৰত জিলাখনৰ টিহুৰ বনিয়াকুছি উলুবাৰী গাওঁৰ ১০টা পৰিয়ালৰ ৪০ জন লোক আশ্ৰয় লৈ আছে বুলি তেওঁলোকে সদৰী কৰিছে।
ডি ৱাই এফ আই- এ উল্লেখ কৰা মতে, এই শিৱিৰত এতিয়ালৈ কোনো চৰকাৰী সাহায্য দিয়া নাই। কেৱল স্কুলৰ শিক্ষকসকলে ব্যক্তিগতভাৱেহে কিছু সাহায্য প্ৰদান কৰিছে।
একেদৰে পশুধনসমূহৰ বাবেও চৰকাৰে কোনো খাদ্য সামগ্ৰীৰ ব্যৱস্থা কৰা নাই বুলি উল্লেখ কৰি ডি ৱাই এফ আইয়ে দক্ষ চৰকাৰৰ হাতত পৰ্যাপ্ত ধন থকা বুলি দাবী কৰা হিমন্ত বিশ্ব শৰ্মা চৰকাৰৰ এই দায়িত্বহীন ভুমিকাক কঠোৰ ভাষাৰে গৰিহণা জনাইছে।
ডি ৱাই এফ আইয়ে লগতে সংগঠনৰ প্ৰতিগৰাকী সদস্যক বানত ক্ষতিগ্ৰস্ত লোকক উদ্ধাৰ আৰু সাহায্য অভিযানত সহায় কৰিবলৈ আহ্বান জনাইছে।





