নেৰানেপেৰা বৰষুণৰ ফলত অৰুণাচলত ভূমিস্খলন; উটুৱাই লৈ গ’ল ৰাষ্ট্ৰীয় ঘাইপথৰ এটা অংশ

নেৰানেপেৰা বৰষুণৰ ফলত অৰুণাচল প্ৰদেশত সংঘটিত হৈছে ব্যাপক ভূমিস্খলন। বিগত কিছুদিন ধৰি অৰুণাচলত একেৰাহে বৰষুণ দি আছে। বৰষুণৰ বাবে ৰাষ্ট্ৰীয় ঘাইপথৰ এটা বৃহৎ অংশ পাহাৰীয়া ঢলে উটুৱাই লৈ যায়।

মঙলবাৰে নিশাৰ পৰাই ৰাজ্যৰ দিবাং উপত্যকাত বৰষুণৰ পৰিমাণ বৃদ্ধি পাইছিল। সেই অঞ্চলৰ মাজেৰে ৩৩ নম্বৰ ৰাষ্ট্ৰীয় ঘাইপথ পাৰ হৈ যায়। এই ৰাষ্ট্ৰীয় ঘাইপথটোৱে দিবাং উপত্যকাক সমগ্ৰ অৰুণাচলৰ সৈতে সংযোগ কৰিছে।

অবিৰত বৰষুণৰ বাবে পাহাৰীয়া ঢল ৰাষ্ট্ৰীয় ঘাইপথলৈ নামি আহে। হুনলী আৰু আনিনিৰ মাজত নামি অহা এই পাহাৰীয়া ঢলে উটুৱাই লৈ যায় ৰাষ্ট্ৰীয় ঘাইপথৰ এটা বৃহৎ অংশ। ফলত দিবাঙৰ সৈতে ৰাজ্যৰ অন্যান্য প্ৰান্তৰ সংযোগ বিছিন্ন হৈ পৰিছে।

লগতে পঢ়কঃ অসমৰ কাৰাগাৰৰ পৰা পঞ্জাৱত লোকসভা নিৰ্বাচনত প্ৰতিদ্বন্দ্বিতা কৰিব অমৃতপল সিঙে

উল্লেখ্য যে দিবাং চীন সীমান্তৰ সমীপৰ অৰুণাচলৰ জিলা। পথ মেৰামতিৰ কাম আৰম্ভ হৈছে যদিও ৰাষ্ট্ৰীয় ঘাইপথৰ এটা অংশ ভাঙি উটি যোৱাৰ বাবে সদ্যহতে যাতায়ত বন্ধ কৰি দিয়া হৈছে।

প্ৰশাসনে জানিবলৈ দিয়া মতে, আগন্তুক তিনিদিনলৈ সেই পথটোৰ যাতায়ত বন্ধ কৰি দিয়া হৈছে।