বিধেয়কৰ বিৰুদ্ধে সাংবাদিক সমাজৰ উদ্যোগত বিশাল প্ৰতিবাদী সমদলে কঁ‌পালে নগাঁৱৰ ৰাজপথ

Nagaon protest CAB.photo.jpg 2

নাগৰিকত্ব বিধেয়কৰ বিৰুদ্ধে নগাঁৱত বিশাল প্ৰতিবাদ। ফটো : নৰ্থইষ্ট নাও

নাগৰিকত্ব সংশোধনী বিধেয়ক-২০১৬’ৰ বিৰুদ্ধে ৰাজ্যজুৰি তীব্ৰ প্ৰতিবাদ অব্যাহত থকাৰ মাজতে শুকুৰবাৰে নগাঁও জিলাৰ সাংবাদিক সমাজৰ উদ্যোগত উলিওৱা এক বিশাল প্ৰতিবাদী সমদলে নগাঁও চহৰৰ ৰাজপথ কঁ‌পাই তোলে। পুৱা প্ৰায় ১১.৩০ বজাত নগাঁও চহৰৰ শ্বহীদ ভৱনৰ পৰা উলিওৱা এই প্ৰতিবাদী সমদল আনুষ্ঠানিক ভাৱে মুকলি কৰে বিশিষ্ট শিক্ষাবিদ, গৱেষক তথা সাহিত্যিক ডঃ নৰেন কলিতাই।

সমদল মুকলি কৰি দিয়া ভাষণত ড০ কলিতাই বিজেপি নেতৃত্বাধীন কেন্দ্ৰীয় আৰু ৰাজ্য চৰকাৰক কঠোৰ সমালোচনা কৰি কয় যে জাতীয় জীৱনৰ এই জটিল সন্ধিক্ষণত জাতিটোক ৰক্ষা কৰিবলৈ সকলো আগবাঢ়ি আহিব লাগে। যিখন বিধেয়কে অসমীয়া মানুহৰ ভাষা-সংস্কৃতি, সাহিত্য, জীৱনৰ প্ৰতি ভাবুকি আনি জাতিটোক বিপদাপন্ন কৰিব বিচাৰিছে, সেই বিধেয়কখনৰ বিৰুদ্ধে অসমৰ ৰাইজে ঐক্যবদ্ধ ভাৱে যুঁজ দিব লাগিব।

ডঃ কলিতাই বিশিষ্ট বুদ্ধিজীৱি ডঃ হীৰেন গোহাঁইক চৰকাৰে দেশদ্ৰোহী গোচৰত অভিযুক্ত কৰা কাৰ্যক দূৰ্ভাগ্যজনক আখ্যা দি কয় – এইটো কোনো কাৰণে গ্ৰহণযোগ্য নহয়। আক্ৰোশমূলক ভাৱে গোহাঁইৰ বিৰুদ্ধে কৰা এই কাৰ্যৰ বাবে চৰকাৰে নিজে লাজ পাব লাগে বুলি মন্তব্য কৰি তেওঁ কয় যে চৰকাৰে গোঁহাইৰ বিৰুদ্ধে ৰুজু কৰা গোচৰ শীঘ্ৰেই প্ৰত্যাহাৰ কৰা উচিত।

প্ৰতিবাদী কাৰ্যসূচীৰ প্ৰাকমুহূৰ্তত কৃষক মুক্তি সংগ্ৰাম সমিতিৰ সভাপতি ৰাজু বৰাই ভাষণ দি কয় যে, নাগৰিকত্ব সংশোধনী বিধেয়কৰ বিৰুদ্ধে আৰম্ভ হোৱা যুজঁখন অধিক দৃঢ় হ’ব লাগিব। অসমীয়া জাতিয়ে কাৰো ৰঙা চকুলৈ ভয় নকৰে বুলি সকিয়াই দি বৰাই বিজেপি চৰকাৰে এই বিধেয়কখন প্ৰত্যাহাৰ নকৰিলে ভয়াবহ পৰিস্থিতিৰ সন্মুখীন হ’ব লাগিব।

বিশিষ্ট সাংবাদিক প্ৰকাশ মহন্তই ভাষণ দি কয় যে  অসমত হোৱা প্ৰায়বোৰ সংগ্ৰামৰ আৰম্ভণি নগাঁৱৰ পৰাই হয়। ইয়াৰ বিবেকবান ব্যক্তিসকলক লগত লৈহে এই সংগ্ৰাম আৰম্ভ হয়। অসমীয়া জাতিৰ দুৰ্যোগৰ সময়ত নগঞা সাংবাদিকসকলে গ্ৰহণ কৰা এনে ধৰণৰ প্ৰতিবাদী কাৰ্যসূচী নিশ্চিতভাবে সংবাদ জগতৰ কাৰণে সুন্দৰ খবৰ। সাংবাদিকৰ এই  সংগ্ৰামী সত্তাই এক নতুন দিগন্তৰ সুচনা কৰিব বুলি মহন্তই মন্তব্য কৰে।

তেওঁ কেন্দ্ৰীয় চৰকাৰে গ্ৰহণ কৰা জনজাতিকৰণ প্ৰসংগত কয়- সংবিধানত কোনো ব্যৱস্থা নথকা স্বত্বেও অসমৰ ছয় জনগোষ্ঠীক জনজাতিকৰণৰ ব্যৱস্থা কৰিছে।

অসম সাহিত্য সভাৰ প্ৰধান সম্পাদক পদুম ৰাজখোৱাই কয় যে, ভাৰত চৰকাৰে অসমৰ ৰাইজৰ আৱেগ-অনুভূতি তথা স্বাভিমানক বুজাৰ চেষ্টা নকৰি জাতিধ্বংসী বিধেয়কখন জাপি দিব বিচাৰিছে। তেওঁ অসমৰ ৰাইজৰ স্বাৰ্থক আওকাণ কৰা মুখ্যমন্ত্ৰী সৰ্বানন্দ সোনোৱালক এবাৰ জাতিটোৰ ভৱিষ্যতৰ কথা চিন্তা কৰিবলৈ আহ্বান জনায়। জাতি-মাটি-ভেটিৰ কথা কোৱা চৰকাৰে এতিয়া সকলো কথা পাহৰিছে।

আছুৰ নগাঁও জিলা সমিতিৰ সভাপতি গৌৰীশংকৰ শইকীয়াই এইখন বিল কোনো কাৰণত মানি লোৱা নহয় বুলি কয়। তেওঁ এইখন বিল গৃহীত হ’লে অসম জ্বলিব বুলি হুংকাৰ দিয়ে। বিশিষ্ট কবি-সাহিত্যিক জীৱন নৰহে চৰকাৰক কঠোৰ সকীয়নি দি কয় যে স্বজাতিক ক্ষতি কৰা এই বিধেয়কখন সৰ্বত্ৰে দাহ কৰিব লাগে। বিদেশী খেদা আন্দোলন কৰা সৰ্বানন্দ সোণোৱালে এতিয়া অসমত বিদেশী আনিব বিচাৰিছে। তেওঁ গাঁ‌ঁৱলৈ এই আন্দোলনটো লৈ যাবলৈ আহ্বান জনায় কয়, সকলোৱে ভোগালী বিহুত মেজিৰ উম ল‌ওক, কিন্তু এই মেজিত সকলোৱে বিধেয়কখন জ্বলাই সৰ্বস্তৰতে প্ৰতিবাদ সাৱ্যস্ত কৰক।

নগাঁও সদৰস্থিত সাংবাদিক সকলৰ লগতে জিলাখনৰ বিভিন্ন প্ৰান্তৰ পৰা অহা সাংবাদিকসকলৰ নেতৃত্বত বিভিন্ন ক্ষেত্ৰৰ বিশিষ্ট ব্যক্তি, দল-সংগঠনৰ প্ৰায় তিনি সহস্ৰাধিক প্ৰতিবাদকাৰীয়ে বিজেপি বিৰোধী শ্লোগানৰে নগাঁও চহৰৰ ৰাজপথ কপাঁই তোলে।

বিশিষ্ট সাহিত্যিক উপেন্দ্ৰ বৰকটকী, বিশিষ্ট সাহিত্যি-সমালোচক প্ৰভাত বৰা, বিশিষ্ট গল্পকাৰ শিবানন্দ কাকতি, নগাঁও সদৰ সমষ্টিৰ প্ৰাক্তন বিধায়ক গিৰীন্দ্ৰ কুমাৰ বৰুৱা, লেখক অধ্যাপক ডঃ মিলন নেওগ, শিক্ষাবিদ সভাৰাম মজুমদাৰ, লেখক মোলান লস্কৰকে ধৰি নগাঁৱৰ প্ৰায় সকলোবোৰ সৰ-বৰ সংগঠনৰ প্ৰতিনিধিয়ে এই বিশাল প্ৰতিবাদত অংশগ্ৰহণ কৰে।