২৪ ঘণ্টা উকলি যোৱাৰ পাছতো হত্যাকাৰীক আটক কৰিব নোৱাৰাৰ বাবে ধুবুৰীত তীব্ৰ প্ৰতিবাদ

https://assam.nenow.in/wp-content/uploads/2019/03/murder.jpg

প্ৰতিনিধিত্বমূলক ফটো। উৎস-ইণ্টাৰনেট

ধুবুৰী জিলাৰ চাপৰত আজি স্থানীয় ৰাইজে ৰবেন ৰায় নামৰ ফাৰ্মাচিষ্ট এজনক হত্যা কৰাৰ প্ৰতিবাদত তীব্ৰ প্ৰতিবাদী কাৰ্য্যসূচী ৰূপায়ন কৰি ৰাজপথ উত্তাল কৰি তোলে।

প্ৰতিবাদকাৰীসকলে দোষীক শীঘ্ৰে কৰায়ত্ত কৰি দৃষ্টান্তমূলক শাস্তি দিয়াৰ দাবীৰে ৰাষ্ট্ৰীয় ঘাইপথ অৱৰোধ কৰি অসম চৰকাৰ হায় হায়, জনসাধাৰণক নিৰাপত্তা দিব নোৱাৰা গৃহ বিভাগ হায় হায় ধ্বনিৰে প্ৰতিবাদ সাব্যস্ত কৰে।

উল্লেখযোগ্য যে, মঙলবাৰে নিশা অচিনাকী দুৰ্বিত্তই ধুবুৰীৰ চাপৰৰ ৰবেন ৰয় নামৰ এজন ফাৰ্মাচিষ্টক নিজৰ কৰ্তব্যৰত অৱস্থাতে গুলীয়াই হত্যা কৰে। ঘটনা সংঘটিত হোৱাৰ ২৪ ঘণ্টা উকলি যোৱাৰ পাছতো আৰক্ষী প্ৰশাসনে দোষীক কৰায়ত্ত কৰিব নোৱাৰা বাবে ক্ষোভিত হৈ পৰে স্থানীয় জনসাধাৰম।

আনহাতে, প্ৰতিবাদকাৰীসকলক আৰক্ষীয়ে ৭২ ঘণ্টাৰ ভিতৰত হত্যাকাৰীক কৰায়ত্ত কৰি শাস্তি দিয়াৰ ব্যাৱস্থা কৰিব বুলি প্ৰতিশ্ৰুতি দি শান্ত কৰে।

এজন প্ৰতিবাদকাৰীয়ে সমগ্ৰ ঘটনাৰ লগত ৰাজনৈতিক ব্যক্তি জড়িত হৈ  থকা বুলি উল্লেখ কৰি কয় যে বৰ্তমানৰ চৰকাৰখনে জনসাধাৰণক জীৱন আৰু সম্পত্তিৰ নিৰাপত্তা দিব নোৱাৰা হৈছে। আমাক উন্নয়ণ নহয় প্ৰাথমিক ভাবে জীৱাই থকাৰ মৌলিক অধিকাৰহে লাগে বুলি আন এজন প্ৰতিবাদকাৰীয়ে কয়।