• About
  • Copyright
  • Privacy Policy
  • Authors
  • Grievance Redressal
  • Contact
English |  
Sunday, July 13, 2025
NORTHEAST NOW (Assamese)
  • মুখ্যপৃষ্ঠা
  • অসম
  • নৰ্থ-ইষ্ট
    • অৰুণাচল
    • অসম
    • ছিকিম
    • ত্ৰিপুৰা
    • নাগালেণ্ড
    • মণিপুৰ
    • মিজোৰাম
    • মেঘালয়
  • প্ৰতিৱেশী
  • অভিমত
  • ক্ৰীড়া
  • বাণিজ্য
  • সংস্কৃতি
  • ভাষা-সাহিত্য
  • যুৱ-কণ্ঠ
  • শিক্ষা
  • জীৱনশৈলী
    • দিহা-ভৰসা
  • প্ৰযুক্তি
  • মনোৰঞ্জন
  • প্ৰাসংগিক প্ৰশ্ন
  • স্বাস্থ্য
  • ফেচবুক কৰ্ণাৰ
No Result
View All Result
  • মুখ্যপৃষ্ঠা
  • অসম
  • নৰ্থ-ইষ্ট
    • অৰুণাচল
    • অসম
    • ছিকিম
    • ত্ৰিপুৰা
    • নাগালেণ্ড
    • মণিপুৰ
    • মিজোৰাম
    • মেঘালয়
  • প্ৰতিৱেশী
  • অভিমত
  • ক্ৰীড়া
  • বাণিজ্য
  • সংস্কৃতি
  • ভাষা-সাহিত্য
  • যুৱ-কণ্ঠ
  • শিক্ষা
  • জীৱনশৈলী
    • দিহা-ভৰসা
  • প্ৰযুক্তি
  • মনোৰঞ্জন
  • প্ৰাসংগিক প্ৰশ্ন
  • স্বাস্থ্য
  • ফেচবুক কৰ্ণাৰ
No Result
View All Result
NORTHEAST NOW (Assamese)
English

ট্ৰাম্পৰ শাসনৰ বিৰুদ্ধে জনতাৰ হুংকাৰ: ‘হেণ্ডছ অফ’ আন্দোলনে জোকাৰিছে আমেৰিকা

এন ই নাও নিউজ, গুৱাহাটী by এন ই নাও নিউজ, গুৱাহাটী
April 7, 2025 7:58 pm
217
VIEWS
Share on FacebookShare on Twitter

চাৰি মাহ আগতে ড’নাল্ড ট্ৰাম্পে দ্বিতীয়টো কাৰ্যকালৰ বাবে আমেৰিকাৰ ৰাষ্ট্ৰপতি হিচাপে দায়িত্বভাৰ গ্ৰহণ কৰিছিল। কিন্তু এই সময়ছোৱাৰ ভিতৰতে তেওঁৰ নীতি আৰু উপদেষ্টা ইলন মাস্কৰ কাৰ্যকলাপৰ বিৰুদ্ধে ৰাজপথত নামি পৰিছে আমেৰিকাৰ সচেতন জনতা। শনিবাৰৰ পৰা দেশজুৰি প্ৰতিবাদৰ ঢৌ উঠিছে। এই আন্দোলনত জনতাৰ সৈতে কান্ধত কান্ধ মিলাই থিয় দিছে প্ৰাক্তন উপ-ৰাষ্ট্ৰপতি কমলা হেৰিছে।

তেওঁ  আন্দোলনত আংশগ্ৰহণ কৰি কয় যে আজি আমেৰিকাৰ প্ৰতিটো চুকত মানুহে ট্ৰাম্পৰ বিৰুদ্ধে থিয় দিছে। সামাজিক সুৰক্ষা, স্বাস্থ্যসেৱা আৰু শিক্ষাৰ হকে থিয় দিয়াৰ বাবে গৌৰৱান্বিত বুলি মত প্ৰকাশ কৰে।

ট্ৰাম্পৰ শাসনত হতাশ হৈ হাজাৰ হাজাৰ আমেৰিকান নাগৰিকে ৰাস্তাত নামিছে। শনিবাৰৰ পৰা আমেৰিকাৰ নিউয়ৰ্ক, ক’লৰাডো, লছ এঞ্জেলছ, হিউষ্টন আৰু ৱাশ্বিংটনসহ কেইবাখনো চহৰত উত্তাল প্ৰতিবাদ চলি আছে। বিভিন্ন নাগৰিক অধিকাৰ সংগঠন, ট্ৰেড ইউনিয়ন, তৃতীয় লিংগসকলৰ সংগঠন আৰু ৰাজনৈতিক আন্দোলনৰ কৰ্মীসকল একলগ হৈ ৫০খন ৰাজ্যৰ ১২০০তকৈ অধিক স্থানত একেলগে এই ‘হেণ্ডছ অফ’ প্ৰতিবাদী কাৰ্যসূচী হাতত লৈছে। এই সমাৱেশবোৰ শান্তিপূৰ্ণ হৈ আছে, আৰু এতিয়ালৈকে কোনো গ্ৰেপ্তাৰৰ খবৰ অহা নাই।

প্ৰতিবাদীসকলে হুংকাৰ দি কয় যে আমেৰিকাত ৰজা নাই, ফেচিবাদ চলিব নোৱাৰে। এই প্ৰতিবাদ আমেৰিকাতে সীমাবদ্ধ নেথাকি ব্ৰিটেইন, ফ্ৰান্স, জাৰ্মানী, মেক্সিকো আদি দেশলৈও বিয়পি পৰিছে।

উল্লেখ্য যে ট্ৰাম্পৰ ৰাষ্ট্ৰপতি হোৱাৰ পিছৰে পৰা তেওঁৰ কেইবাটাও সিদ্ধান্তই জনতাৰ অসন্তুষ্ট হৈ পৰিছিল। প্ৰশাসনত বিষয়াসকলৰ অব্যাহতিঅনুপ্ৰৱেশকাৰীক বিতাড়ন, তৃতীয় লিংগৰ স্বীকৃতি বাতিল কৰা আৰু নতুন শুল্ক নীতিৰ দৰে পদক্ষেপৰ বিৰুদ্ধে জনসাধাৰণ ক্ষুব্ধ হৈ পৰিছে আমেৰিকাৰ জনতা। বিশেষকৈ ট্ৰাম্প প্ৰশাসনৰ শেহতীয়া শুল্ক নীতিৰ বাবে দেশৰ বাহিৰতো অসন্তোষ বাঢ়িছে।

এই আন্দোলনৰ মাজতো ট্ৰাম্পৰ সমৰ্থকসকল থিয় দিছে। কিন্তু ‘হেণ্ডছ অফ’ আন্দোলনে স্পষ্ট কৰি দিছে যে আমেৰিকাৰ এটা বৃহৎ অংশ তেওঁৰ শাসনত সুখী নহয়। এই ‘হেণ্ডছ অফ’ আন্দোলনে  কি ৰূপ ল’ব সেয়া লক্ষণীয় হ’ব।

Recent News

উদঘাটন হ’ল ভাইৰেল অৰ্চিতা ফুকনৰ ৰহস্য! প্ৰাক্তন প্ৰেমিকৰ কু-কাণ্ডৰ বলি অৰ্চিতা ফুকন

উদঘাটন হ’ল ভাইৰেল অৰ্চিতা ফুকনৰ ৰহস্য! প্ৰাক্তন প্ৰেমিকৰ কু-কাণ্ডৰ বলি অৰ্চিতা ফুকন

নয়ন অসমৰ অন্ত্যোষ্টিক্ৰিয়া চলি থকাৰ সময়তে আলফা(স্বা)ৰ শিবিৰত সেনাৰ মিছাইল আক্ৰমণ! নিহত কৰ্ণেল প্ৰদীপ অসম

নয়ন অসমৰ অন্ত্যোষ্টিক্ৰিয়া চলি থকাৰ সময়তে আলফা(স্বা)ৰ শিবিৰত সেনাৰ মিছাইল আক্ৰমণ! নিহত কৰ্ণেল প্ৰদীপ অসম

ভাৰতৰ বিৰুদ্ধে পাৰমাণৱিক অস্ত্ৰ ব্যৱহাৰৰ পৰিকল্পনা আছিল নেকি? ৬৩ দিনৰ যুদ্ধবিৰতিৰ পাছত পাকিস্তানৰ প্ৰধানমন্ত্ৰীয়ে কি ক’লে?

ভাৰতৰ বিৰুদ্ধে পাৰমাণৱিক অস্ত্ৰ ব্যৱহাৰৰ পৰিকল্পনা আছিল নেকি? ৬৩ দিনৰ যুদ্ধবিৰতিৰ পাছত পাকিস্তানৰ প্ৰধানমন্ত্ৰীয়ে কি ক’লে?

কংগ্ৰেছ নেতাৰ অধিক প্ৰশংসা! ৰাজস্থানৰ পাঠ্যপুথিত নিষিদ্ধ কৰা হ’ল কংগ্ৰেছৰ অৱদান সম্পৰ্কে থকা পাঠ

কংগ্ৰেছ নেতাৰ অধিক প্ৰশংসা! ৰাজস্থানৰ পাঠ্যপুথিত নিষিদ্ধ কৰা হ’ল কংগ্ৰেছৰ অৱদান সম্পৰ্কে থকা পাঠ

Get the latest Assamese news from Assam and NorthEast India. নৰ্থ-ইষ্ট নাও এটা মাল্টি-এপ ভিত্তিক সম্পূৰ্ণভাৱে আঞ্চলিক, দ্বিভাষিক নিউজ প’ৰ্টেল। পেচাদাৰী ব্যক্তিৰ এটা গোটৰ নেতৃত্বত এই ডিজিটেল অসমীয়া বাতৰি প্ৰতিষ্ঠানটোৱে উত্তৰ-পূবৰ আঠখন ৰাজ্য আৰু এইবোৰৰ প্ৰতিৱেশী দেশকেইখনৰ প্ৰতিটো খা-খবৰ সামৰি লোৱাৰ চেষ্টা কৰিব। দুটাকৈ ইংৰাজী এপ আৰু এটা অসমীয়া এপৰ সংস্কৰণ থকা এইটোৱে হ’ল এই ধৰণৰ প্ৰথমটো নিউজ প’ৰ্টেল। আমি ৰাজনৈতিকভাৱে নিৰপেক্ষ আৰু দক্ষিণ-পূব আৰু দক্ষিণ এছিয়াৰ মাজৰ প্ৰকৃত বা-বাতৰিৰ সাঁকোৰ ভূমিকা ল’বলৈ চেষ্টা কৰিম।

 
Our Properties
 
  • ⚪ NORTHEAST NOW
  • ⚪ NORTHEAST JOBS
  • ⚪ NORTHEAST TENDERS
  • ⚪ INNFINITY
  • About
  • Copyright
  • Privacy Policy
  • Authors
  • Grievance Redressal
  • Contact

© 2018 - Maintained by EZEN Software & Technology Pvt. Ltd

No Result
View All Result
  • মুখ্যপৃষ্ঠা
  • অসম
  • নৰ্থ-ইষ্ট
    • অৰুণাচল
    • অসম
    • ছিকিম
    • ত্ৰিপুৰা
    • নাগালেণ্ড
    • মণিপুৰ
    • মিজোৰাম
    • মেঘালয়
  • প্ৰতিৱেশী
  • অভিমত
  • ক্ৰীড়া
  • বাণিজ্য
  • সংস্কৃতি
  • ভাষা-সাহিত্য
  • যুৱ-কণ্ঠ
  • শিক্ষা
  • জীৱনশৈলী
    • দিহা-ভৰসা
  • প্ৰযুক্তি
  • মনোৰঞ্জন
  • প্ৰাসংগিক প্ৰশ্ন
  • স্বাস্থ্য
  • ফেচবুক কৰ্ণাৰ

© 2018 - Maintained by EZEN Software & Technology Pvt. Ltd